ETV Bharat / state

ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 5:41 PM IST

Dhing minor girl Gang rape case : ধৰ্ষণকাণ্ডক লৈ ছাত্ৰ সন্থাই ঘোষণা কৰা অনিৰ্দিষ্টকালীন বন্ধৰ পাছতে আজিও স্তব্ধ হৈ পৰে ধিং । ধিংকন্যাক ন্যায় দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ নাৰী ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰি ফাঁচীকাঠত ওলোমাবলৈ দাবী উত্থাপন কৰে ধিঙৰ প্ৰতিবাদী মহিলাৰ লগতে বহু দল-সংগঠনে ৷

Dhing minor girl Gang rape case
ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য (ETV Bharat Assam)

ধিং, 23 আগষ্ট : কিমান সুৰক্ষিত আজিৰ নাৰী ? প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নাৰী নিৰ্যাতনৰ বাতৰিয়ে ৷ নাৰীৰ সুৰক্ষাৰ বাবে ন ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো গা লৰা নাই একাংশ দুষ্টমনোবৃত্তিৰ লোকৰ ৷ অভয়াকাণ্ডৰ পাছতে এইবাৰ ধিঙত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

  • ধিঙত প্ৰতিবাদ :

এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে ধিঙৰ মহিলাসকলে ৷ ধিংকাণ্ডৰ বিৰোধিতা কৰি শুকুৰবাৰে বিভিন্ন দল-সংগঠনকে ধৰি ধিঙৰ নাৰী সুৰক্ষা সমিতিয়ে ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । ধৰ্ষণকাৰীক ফাঁচী দিয়ক, অতি শীঘ্ৰে ধৰ্ষণকাৰীক কৰায়ত্ত কৰক ইত্যাদি শ্ল’গান দি ধিঙৰ আকাশ বতাহ উত্তাল কৰে প্ৰতিবাদী শ শ নাৰীয়ে ৷

লগতে পঢ়ক : ধিঙৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য : ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ - Gang rape in Dhing

  • দুই সন্দেহযুক্ত যুৱকক আটক :

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধিংকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৰভেঁটি গাঁৱৰ দুই সন্দেহযুক্ত যুৱক ক্ৰমে তফজ্জুল ইছলাম আৰু জুনাইদুল ইছলামক আটক কৰা হৈছে । অৱশ্য প্ৰকৃত অপৰাধী কোন এতিয়াও পোহৰলৈ অহা নাই । যদিহে এই দুই যুৱক সঁচাকৈয়ে ধৰ্ষণকাণ্ডত জড়িত, তেন্তে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী তুলিছে বৰঁভেটি গাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

  • স্তব্ধ ধিং :

ইপিনে আজি ধিঙত বিভিন্ন দল-সংগঠনকে ধৰি নাৰী সুৰক্ষা সমিতিয়ে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত পুৱাৰ পৰাই গাড়ী-মটৰ, দোকান-পোহাৰ বন্ধ কৰি দিয়া হয় ৷ আনকি এই দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰে ৷ ফলত আজিও স্তব্ধ হৈ পৰে ধিং ।

লগতে পঢ়ক : মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

  • প্ৰকৃত ঘটনাটো আৰু ভুক্তভোগীৰ স্বাস্থ্যৰ অৱস্থা :

উল্লেখ্য যে টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত 3 দুৰ্বৃত্তৰ কামনাৰ বলি হৈছিল এগৰাকী নাবালিকা । তাৰ পাছত দুৰ্বৃত্তৰ দলটোৱে ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে নাবালিকাগৰাকীক পেলাই থৈ গৈছিল ৷ তাৰ পাছতে পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰি ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । শেহতীয়াকৈ নাবালিকাগৰাকীৰ স্বাস্থ্য কেনে আছে সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.