ETV Bharat / state

'২৬ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি গৌৰৱ গগৈ ! - Congress joining programe

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 9:39 PM IST

Congress joining programe at Doom Dooma: ডুমডুমাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে ৷ সমষ্টিটোত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান বহুকেইগৰাকী বুথ সভাপতিৰ ৷ গৌৰৱ গগৈক '২৬ ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে সকলোৱে সুখী হ’ব বুলি মন্তব্য প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দূৰ্গা ভূমিজৰ ৷

Congress joining programe at doomdooma
২৬ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি গৌৰৱ গগৈ ! (Etv Bharat Assam)

তিনিচুকীয়া, ১৮ জুন: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত কংগ্ৰেছে আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ বান্ধিছে টঙালি ৷ সমষ্টিটোৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ কুমচাং চাহ বাগিচাত বিজেপিৰ প্ৰতি মোহভংগ হৈ বহুকেইগৰাকী বুথ সভাপতিয়ে আজি অৰ্থাৎ মঙলবাৰে কংগ্ৰেছ দলত যোগদান কৰে ৷ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দূৰ্গা ভূমিজৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ লগতে লোকসভা নিৰ্বাচনৰ ফলাফল সমষ্টিটোত কংগ্ৰেছৰ পূৰ্বতকৈ ভাল ফলাফলক লৈ উদযাপন কৰিলে বিজয় উৎসৱ ৷

প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাখনৰ পৰাই প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৷ ভূমিজে কয় যে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস পুনৰ ঘূৰি আহিছে ৷ বিজেপিয়ে চাহ শ্ৰমিক ৰাইজক মাত্ৰ ভোটৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷

তেওঁ লগতে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন ২০২৬ আৰু পঞ্চায়ত নিৰ্বাচনত দলটোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে ৷ ইয়াৰ উপৰি আগন্তুক দিনত দলৰ পৰা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিলে সকলো সুখী হ’ব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

সমান্তৰালকৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা ন-কংগ্ৰেছীয়েও বিজেপিৰ লগতে বিধায়ক ৰূপেশ গোৱালাৰ ওপৰত ক্ষোভ উজাৰে ৷ বিধায়ক ৰূপেশ গোৱালাই চাহ জনগোষ্ঠীয় লোকৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা অভিযোগ কৰে ৷ লগতে শাসকীয় বিজেপি চৰকাৰে বিগত দুটা কাৰ্যকালত জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হোৱাৰ দাবী কৰে ন-কংগ্ৰেছীয়ে ৷ বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে তেওঁলোক ৷

লগতে পঢ়ক: লখিমপুৰত সাংসদ প্ৰদান বৰুৱাক দলীয় কৰ্মীৰ আদৰণি - MP Pradan Baruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.