ETV Bharat / state

বিহুৰ চান্দাৰ নামত সৰুপথাৰৰ পাণ ব্যৱসায়ীক ধন দাবী - Money demand

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:06 PM IST

Updated : May 3, 2024, 7:07 PM IST

Money demand: ৰাজ্যত পুনৰ বিহুৰ চান্দাৰ নামত ধন দাবীৰ ঘটনা সংঘটিত হৈছে । ধেমাজিত পাণ ব্যৱসায়ীক ১০ হাজাৰ টকা দাবী কৰিলে স্থানীয় সংগঠনৰ নেতাই । গোলাঘাটৰ ব্যৱসায়ীৰ গুৰুতৰ অভিযোগ ।

Money demand
বিহুৰ চান্দাৰ নামত সৰুপথাৰৰ পাণ ব্যৱসায়ীক ধনদাবী (ETV Bharat Assam)

সৰুপথাৰ, ৩ মে': ধেমাজি জিলাৰ বৰদলনীত চাঞ্চল্যকৰ ধন দাবীৰ ঘটনা সংঘটিত হৈছে । জাতীয় সংগঠনৰ নাম লৈ পাণ ব্যৱসায়ীক ধন দাবী একাংশ যুৱকৰ । বৰদলনী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী ব্যৱসায়ীৰ ।

ব্যৱসায়ীগৰাকী গোলাঘাট জিলাৰ সৰুপথাৰৰ বিতুপন বৰা । ভুক্তভোগী ব্যৱসায়ীগৰাকীৰ মতে, তেওঁ প্ৰায়ে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তলৈ পাণ ৰপ্তানি কৰে । যোৱা ১ মে'ত সৰুপথাৰৰ পৰা ৰঞ্জিত দিহিঙীয়া নামৰ এজন চালকে তেওঁৰ পৰা পাণ লৈ ধেমাজিৰ বৰদলনীলৈ গৈছিল । কিন্তু সেই সময়তে একাংশ যুৱকে আছু আৰু AJYCP ৰ নামত পাণ লৈ যোৱা চালকজনক ধন দাবী কৰে বুলি তেওঁ অভিযোগ কৰে ।

অভিযোগ অনুসৰি ধন নিদিলে বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰিছিল যুৱককেইজনে । ধন নিদিলে সেই স্থানত পাণ বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলিও যুৱককেইজনে ভাবুকি দিয়ে । যাৰ ফলত বহু সময় ধৰি পাণবোৰ বাহনতে ৰাখিবলগীয়া হয় । ফলত ব্যৱসায়ীগৰাকীৰ বহু পাণ নষ্টও হয় ।

ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ প্ৰায় ২০ হাজাৰ টকাৰ পাণ নষ্ট হয় । অৱশেষত ব্যৱসায়ীজনে বৰদলনী আৰক্ষীৰ সহায় বিচাৰে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পাণভৰ্তি বাহনখন মোকলাই দিয়ে । অভিযোগ অনুসৰি যুৱককেইজনে বিহুৰ চান্দা বিচাৰিছিল ! চালকজনৰ পৰা ৫০০০ টকা বিচাৰিছিল । ৫০০ টকাতো যুৱককেইজন মান্তি হোৱা নাছিল ।

উল্লেখ্য যে, প্ৰায় ২ বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে অসমত চান্দা প্ৰথা বন্ধ কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছিল । প্ৰচলিত বিহুৰ চান্দা প্ৰথা বন্ধ কৰিবলৈ তেওঁ জোৰ দিছিল । আনকি ইয়াৰ বাবে তেওঁ বিহু কমিটীসমূহক আৰ্থিক সাহায্যও প্ৰদান কৰিছিল । কিন্তু তাৰ পিচতো অসমত এই চান্দা প্ৰথা চলি আছে । বিভিন্ন সময়ত চান্দাৰ নামত একাংশ ব্যৱসায়ীক ভয়-ভাবুকি প্ৰদান কৰাও দেখা গৈছে ।

লগতে পঢ়ক : তিনিচুকীয়াত আই পি এল জুৱাৰ বৃহৎ পৰিমাণৰ ধন জব্দ - IPL Gamblers In Tinsukia

Last Updated : May 3, 2024, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.