ETV Bharat / state

বানৰ সময়ত ৰাজনীতি কৰা উচিত নহয় : দেৱব্ৰত শইকীয়াৰ ক্ষোভৰ কাৰণ কি জানেনে ? - Assam Flood 2024 - ASSAM FLOOD 2024

Debabrata Saikia: হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী দলৰ দলপতিৰ । মুখ্য়মন্ত্ৰীৰ পৰা আৰম্ভ কৰি জলসম্পদ মন্ত্ৰীলৈকে সকলোৰে বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

Leader of opposition Debabrata Saikia
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:35 PM IST

কলিয়াবৰ, ৫ জুলাই : শুকুৰবাৰে কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া । বিৰোধী দলপতিগৰাকীয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি কয়," ১৩৫ কোটি টকাৰ কলঙক বোৱতী কৰাৰ পৰিকল্পনাৰ সঠিক তদাৰক নোহোৱাৰ ফলতেই আজি কলিয়াবৰৰ ৰাইজ বিপদত পৰিছে । পূৰ্বতে বানৰ কৱলত পৰা নগাঁও নগৰক বচাবলৈ ১৯৬৪ চনত কলংমুখত মথাউৰি নিৰ্মাণ কৰাৰ পাচত যোৱা ২০১৭ চনলৈকে তিনিবাৰকৈ ভাবিলে । কিন্তু যোৱা চৰকাৰৰ দিনত কলঙক পুনৰ বোৱাবলৈ কেন্দ্ৰীয় প্ৰতিষ্ঠান ৱাপকছ দায়িত্ব দিয়াৰ পাচত এই শ্লুইছ গেট নিৰ্মাণ কৰা হৈছিল ।"

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া (ETV BHARAT ASSAM)

বিৰোধী দলপতিগৰাকীয়ে জলসম্পদ মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়,"বিগত সময়ছোৱাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শ্লুইছ গেটস্থলী পৰিদৰ্শন কৰি এই বাৰিষাতে কলঙক বোৱতী কৰাৰ ঘোষণা কৰিছিল । শেহতীয়াকৈ, মুখ্যমন্ত্ৰীয়ে কলঙক বোৱাই নিয়াৰ কথা ব্যক্ত কৰিছিল । কিন্তু শ্লুইছ গেটৰ কাষেদিয়েই মথাউৰি ভাঙি কলিয়াবৰত বানৰ সৃষ্টি হ'ল ।" কিয় এনে হ'ল উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে বুলি তেওঁ দাবী জনায় ।

লগতে পঢ়ক:কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা - Assam Flood 2024

ইপিনে, চৰকাৰে মথাউৰি নিৰ্মাণ প্ৰসংগত কংগ্ৰেছক দোষাৰোপ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"চৰকাৰী পক্ষই মথাউৰি নিৰ্মাণৰ বাবে কংগ্ৰেছৰ চৰকাৰৰ দিনত নিৰ্মাণ হৈছিল জাতীয় অপ্ৰাসংগিক কথাৰে ৰাজনীতি কৰিছে । ৰাজ্যৰ বানৰ এই সময়ত ৰাজনীতি কৰা উচিত নহয় ।" এনেধৰণৰ সস্তীয়া ৰাজনীতি কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু সহযোগী মন্ত্ৰীসকলক ধিক্কাৰ দিয়ে নেতাগৰাকীয়ে । তেওঁ বান সাহাৰ্যৰ ক্ষেত্ৰতো চৰকাৰে উপযুক্ত ব্যৱস্থা ল'ব লাগে বুলি মন্তব্য় কৰি কয়,"শিশুখাদ্য,পশুখাদ্যসমূহো যোগান ধৰিব লাগে । বানৰ ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে কৃপণালি কৰিছে । চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে পাবলগীয়া ধন সোনকালে মোকলাই দিবৰ বাবে কেন্দ্ৰক ৰাজ্য চৰকাৰে বাধ্য কৰাব লাগে ।" বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ বাবেও কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে বুলি দাবী জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক:ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল : ভূপেন বৰা - Assam Flood 2024

সংসদৰ অধিৱেশনৰ মাজতে আহি মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.