ETV Bharat / state

ইংলে পথাৰৰ কৃষিভূমি অধিগ্রহণ নকৰিবলৈ সকীয়নি - Five Star Hotel In Kaziranga

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 8:13 PM IST

Press Meet against land acquisition in Guwahati : পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ বাবে চৰকাৰে ৬০ বিঘা ভূমি অসম পৰ্যটন উন্নয়ন নিগমক আৱণ্টন দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত । বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি আৰু 'আইছা'ই পুনৰ সকীয়ালে চৰকাৰক ।

Press Meet against land acquisition in Guwahati
কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৯ জুলাই: হাতীখুলি বাগিচা গাঁৱৰ ইংলে পথাৰৰ ৬০ বিঘা ভূমি অসম পৰ্যটন উন্নয়ন নিগমক আৱণ্টন দিয়াৰ বিৰদ্ধে পুনৰ সৰৱ হৈছে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলে আৰু 'আইছা'ৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ ।

বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়," হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দীর্ঘদিনৰ পৰা খিলঞ্জীয়া ৰাইজৰ ভূমি সুৰক্ষা কৰি ভূমিহীন ৰাইজক পট্টা দিয়াৰ কথা কৈ আহিছে । কিন্তু বাস্তৱত অসমৰ ৰাইজে এখন সম্পূর্ণ বিপৰীত ছবিহে দেখিবলৈ পাইছে । এইখন চৰকাৰে অসমৰ বিভিন্ন ঠাইত দখলীকৃত ভূমিৰ পৰা খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি চৰকাৰী মন্ত্ৰী-বিধায়ক, বনিয়া গোষ্ঠীক এইবোৰ ভূমি গতাই দিছে । অসমৰ প্ৰায়ভাগ ভূমি বহিৰাগত বনিয়া আৰু বৃহৎ পুঁজিপতিসকলে গ্রাস কৰিছে আৰু খিলঞ্জীয়া থলুৱা ৰাইজ ভূমিহীন, গৃহহীনত পৰিণত হৈছে ।"

তেওঁ পুনৰ কয়,"কাজিৰঙা, শিলসাঁকো, ডলু, মিকিৰ বামুণী, চানডুবি আদি অসমৰ বিভিন্ন ঠাইত আজি খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ হেৰুৱাই পেলাবলৈ বাধ্য হৈছে একমাত্র বিজেপি চৰকাৰৰ বৃহৎ বনিয়াৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে ।" সভাপতি প্ৰণৱ দলেই কয়, "২০২২ ৰ ৭ ডিচেম্বৰত কৃষিমন্ত্রী তথা বোকাখাটৰ স্থানীয় বিধায়ক অতুল বৰাৰ নেতৃত্বত উপ-বিভাগীয় ভূমি উপদেষ্টা সমিতিয়ে হাতীখুলি বাগিচা গাঁৱৰ ইংলে পথাৰৰ ৬০ বিঘা ভূমি অসম পৰ্যটন উন্নয়ন নিগমক আৱণ্টন দিয়ে । উক্ত ভূমি অসম পৰ্যটন উন্নয়ন নিগমে মুখ্যমন্ত্রীৰ আদেশ মর্মে 'হায়াট' নামৰ বিদেশী ব্যক্তিগত কোম্পানীক পঞ্চ তাৰকা হোটেল খুলিবৰ বাবে চুক্তিবদ্ধ কৰিছে । ২০২৪ চনৰ মে'ৰ পৰা আৰক্ষী-বেটেলিয়ন মোতায়েন কৰি এই মাটিৰ ওপৰত কাঁটা-তাৰ দি কৃষক পৰিয়ালৰ ওপৰত নানান ধৰনৰ হাৰাশাস্তি কৰি আহিছে ।"

নথি থকা সত্ত্বেও চৰকাৰে দুখীয়া খেতিয়কৰ ভূমি দখল কৰিছে :

এই ভূমি প্রায় ৪৫ টা চাহ শ্রমিক জনগোষ্ঠী/আদিবাসী পৰিয়ালে কৃষিকার্য তথা ৰাইজে চৰণীয়া পথাৰ হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়," কেইবাটাও পৰিয়ালৰ হাতত ম্যাদী, ৰায়তি খতিয়ানৰ নথি থকা সত্ত্বেও চৰকাৰে বলপূর্বক দুখীয়া খেতিয়কৰ মাটি বে-আইনীভাৱে দখল কৰিছে । আৰক্ষীৰ বিভিন্ন অত্যাচাৰ সত্ত্বেও আজি পর্যন্ত ইয়াৰ বিৰুদ্ধে ৰাইজে গণতান্ত্রিক আন্দোলন চলাই গৈছে । এই ভূমি কৃষক পৰিয়ালৰ জীৱন জীৱিকাৰ একমাত্র উপায় হোৱাৰ উপৰি কাজিৰঙাৰ বন্য জন্তুৰ বাবেও অতি গুৰুত্বপূর্ণ ঠাই । বনৰীয়া হাতীৰ লগতে গড়,পহু ইত্যাদিয়েও এই ঠাইত বিচৰণ তথা খাদ্যৰ বাবে ব্যৱহাৰ কৰে । পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ প্ৰকল্পৰ বাবে ভূমি অধিগ্রহণৰ কোনো ধৰণৰ সাংবিধানিক তথা আইনী প্রক্রিয়া গ্রহণ কৰা প্ৰত্যক্ষ নহ'ল । লগতে কৃষক পৰিয়ালৰ লগত কোনো ৰাজহুৱা শুনানী কৰা নহ'ল অথবা জাননী দিয়া নহ'ল। "

পৰিৱেশ প্ৰভাৱ মূল্যায়ন প্ৰক্ৰিয়াক আওকাণৰ অভিযোগ :

পৰিৱেশ প্ৰভাৱ মূল্যায়ন বা সামাজিক প্ৰভাৱ মূল্যায়নৰ দৰে প্ৰক্ৰিয়াক আওকাণ কৰা হ'ল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়," কৃষিভূমিক বে-আইনীভাৱে শ্রেণী সলনি কৰা হ'ল । ৰাজ্যিক বন্যপ্ৰাণী পৰিষদ /ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ কোনো সেউজ সংকেত দিয়া এই প্রকল্পৰ হাতত নাই । পৰিৱেশ সংবেদনশীল অঞ্চলৰ বাবে উচ্চতম ন্যায়ালয়ৰ বৃহৎ প্ৰকল্পৰ ১০ কিলোমিটাৰৰ বিধিও উলংঘন কৰা হৈছে । এই অধিগ্রহণৰ বিৰুদ্ধে বৃহত্তৰ কাজিৰঙা ভূমি তথা মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে ক্ষতিগ্রস্ত ৰাইজক লগত লৈ ২০২২ ৰ ১২ ডিচেম্বৰত প্রতিবেদন দাখিল কৰি ন্যায়ৰ দাবী জনাইছিল আৰু আজি পর্যন্ত ধাৰাবাহিক গণতান্ত্রিক প্ৰক্ৰিয়াৰে এই দাবী অক্ষুণ্ণ ৰাখিছে । আমাৰ স্পষ্ট দাবী ইংলে পথাৰ ৰাইজৰ কৃষিভূমি অধিগ্রহণৰ গ্ৰাসৰ পৰা মুক্ত কৰক । কাজিৰঙাৰ পাৰিপাৰ্শ্বিক সংৰক্ষণৰ বাবে এনে বৃহৎ হোটেল নিৰ্মাণৰ প্ৰকল্প বাতিল কৰক । শিলসাঁকো, চানডুবি, ডলু চাহ বাগিচাকে ধৰি অসমৰ সকলো অঞ্চলৰ ৰাইজৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰক ।"

১২ আগষ্টত সমাবেশ আয়োজন :

বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেই পুনৰ কয়," ইতিমধ্যে ওপৰোক্ত দাবীসমূহক লৈ অহা ১২ আগষ্টত কাজিৰঙা, বোকাখাতত এখনি সমাবেশ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ভূমি সমস্যা অসমৰ ৰাইজৰ জীৱন মৰণ সমস্যা হৈ দেখা দিছে । এই সমস্যাৰ সমাধানৰ বাবে ভূমি পট্টা অধিকাৰ আৰু উচ্ছেদ বন্ধ কৰাৰ দাবীত অসমৰ সংগ্ৰামৰত সকলো দল-সংগঠন ঐক্যবদ্ধ হওক আৰু বৃহৎ বণিয়া-কৰ্প'ৰেট গোষ্ঠীৰ স্বাৰ্থবাহী চৰকাৰৰ ভূমিনীতিৰ বিৰুদ্ধে শক্তিশালী আন্দোলন গঢ়ি তোলা হওক । "

লগতে পঢ়ক:বাতিল হ'ব নেকি কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ? - Kaziranga National Park

কাজিৰঙাৰ উচ্ছেদকলৈ সোচ্চাৰ কৃষক শ্ৰমিক সংগঠন - Eviction drive in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.