ETV Bharat / state

মুখ্যমন্ত্ৰী হোৱাৰ সপোন অখিল গগৈৰ: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

Lok Sabha election 2024 : "অখিল গগৈয়ে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ নিৰ্বাচনত হৰাটো বিচাৰে । কাৰণ তেওঁ নিজে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে ৷ অখিল গগৈয়ে শকুনি আৰু বিভীষণৰ ভাও ভালদৰে ভূমিকা পালন কৰিছে ৷"- জয়ন্ত মল্ল বৰুৱা

Lok Sabha election 2024
মুখ্যমন্ত্ৰী হোৱাৰ সপোন অখিল গগৈৰ- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:56 PM IST

মুখ্যমন্ত্ৰী হোৱাৰ সপোন অখিল গগৈৰ- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বঙাইগাঁও, 1 এপ্ৰিল : ৰাজ্যজুৰি আগন্তুক লোকসভা নিৰ্বাচনৰ কুচ-কাৱাজ অব্যাহত আছে ৷ সোমবাৰে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

বঙাইগাঁও চহৰৰ পালপাৰাস্থিত ৰবীন্দ্ৰ ভৱনত বঙাইগাঁও জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান সভাত ভাগ লয় মন্ত্ৰীগৰাকীয়ে ৷ আজি দিনত হেলিকপ্তাৰযোগে বঙাইগাঁও চহৰৰ কলেজ ফিল্ডত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকী।

তাৰ পিচতে মন্ত্ৰীগৰাকীক বাইক ৰেলী কৰি বঙাইগাঁও চহৰত উষ্ম আদৰণি জনায় বঙাইগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে । প্ৰায় ২ শতাধিক বাইক লৈ ৰেলী কৰি মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই যোগদান সভাত প্ৰায় ১০০০ জন লোকে ভিন্ন ভিন্ন দল ত্যাগ কৰি বিজেপিৰ নীতি আদৰ্শ ভাল পাই অনুষ্ঠানিকভাৱে যোগদান কৰে বুলি জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত বঙাইগাঁৱত যোগদান সভা সামৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, অসমত কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই ৷ কংগ্ৰেছ অসমত আগৰ পৰাই শূন্য ৷ কংগ্ৰেছৰ অৱস্থা এতিয়া সংকটজনক। ভূপেন বৰা জ’কৰ। তেওঁ কেতিয়াবা কবিতা লিখে কেতিয়াবা বুকু ফালে । কোনে কেতিয়া কংগ্ৰেছ এৰে ঠিক নাই ৷ ভূপেন বৰাই বিজেপিলৈ অহাটো নিশ্চিত ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, অখিল গগৈয়ে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ হৰাটো বিচাৰে । কাৰণ তেওঁ সপোনৰ পৃথিৱীত বাস কৰে ৷ অখিল গগৈয়ে শকুনি আৰু বিভীষণৰ ভাও ভালদৰে ভূমিকা পালন কৰিছে ৷

লগতে আজিৰ পৰা ৰাজ্যজুৰি সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, সুৰা বিলাসী মানুহে খায় । অসমত বিলাসী সুৰা আমি বন্ধ কৰিব বিচাৰো । থলুৱা সুৰাৰ কথা বেলেগ ৷

বিজেপিৰ কথা কয় মন্ত্ৰী বৰুৱাই কয় যে, আমাৰ দল ৰাষ্ট্ৰৰ বাবে সমৰ্পিত দল । হিন্দু মুছলমান সকলো আহিব পাৰে ৷

ইয়াৰ পিচতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পোনে পোনে অভয়াপুৰীলৈ ৰাওনা হয় ।

লগতে পঢ়ক: কংগ্ৰেছ দলত এতিয়া মানুহ থাকিবই নোৱাৰে : তপন কুমাৰ গগৈ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.