ETV Bharat / state

আলফা এতিয়াও অসমত প্ৰভাৱশালী, ম্যানমাৰৰ শিৱিৰত এতিয়াও আছে ৪০০ ল’ৰা : মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি - ULFA I Bomb Plant

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:47 PM IST

Himanta Biswa Sarma on ULFA I : আলফাৰ প্ৰভাৱ অসমত আছেই বুলি স্বীকাৰ মুখ্যমন্ত্ৰীৰ ৷ ৪০০ ল’ৰা ম্যানমাৰৰ কেম্পত থকা বুলি সদৰী ড৹ শৰ্মাৰ ৷ আলফা(স্বা) আগবাঢ়ি আহিলে সকলো কাম বাদ দি আলোচনাত বহিব বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma on ULFA I
আলফা (স্বাঃ)ৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২১ আগষ্ট : অসমত এতিয়াও প্ৰভাৱশীল আলফা স্বাধীন ৷ এতিয়াও ম্যানমাৰৰ শিবিৰত আছে ৪০০ আলফা কেডাৰ ৷ বুধবাৰে এই কথা স্বীকাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- অসমত ১৫ আগষ্টত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ২৫ টাকৈ বোমা সংস্থাপনৰ বিষয়ত দুটা গোচৰ হস্তান্তৰ কৰা হৈছে NIA লৈ ৷

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত ৪০০ ল’ৰা আছে :

সাৰ্বভৌমত্বৰ দাবীৰে অসমৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থাৰ ৪ টা দশকৰ গুৰি ধৰি আহিছে পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধ সংগঠন আলফাই ৷ যোৱা ১৫ আগষ্টৰ দিনা আলফা স্বাধীনে ৰাজ্যখনত স্থাপন কৰা ২৫ টাকৈ বোমা সংস্থাপনৰ ঘটনাই মুখ্যমন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ গৃহ বিভাগৰ লগতে সমগ্ৰ ৰাজ্যত জোকাৰণি তোলা জোকাৰণি এতিয়াও মাৰ যোৱা নাই । তাৰ মাজতে আজি সাংবাদিকৰ প্ৰশ্নত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ অকপট স্বীকাৰোক্তি যে অসমত এতিয়াও প্ৰভাৱশালী আলফা স্বাধীন ৷

আলফা এতিয়াও শক্তিশালী হৈ আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ-“ অসমত আলফাৰ প্ৰভাৱ আছেই । আমি কেতিয়াও আলফাৰ প্ৰভাৱ নাই বুলি কোৱা নাই । এতিয়াও ম্যানমাৰৰ শিবিৰত ৪০০ ল'ৰা আছে । অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰীয়ে কেতিয়াও আলফাৰ প্ৰভাৱ নাই বুলি কোৱা নাই ৷ আমি কেতিয়াও দাবী কৰা নাই যে অসমত আলফাৰ প্ৰভাৱ নাই ৷”

কি পৰ্যায়ত আছে আলফাৰে আলোচনা প্ৰক্ৰিয়া ?:

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে আলোচনা প্ৰক্ৰিয়া চলিয়ে আছে আলফাৰ সৈতে ৷ তেওঁ লগতে কয়- “ আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য ৷ কিন্তু আগতকৈ কমিছে ৷ ৯০ৰ দশকতকৈ বা ১৯৯৬ তকৈ কমিছে । পৰেশ বৰুৱাৰে মই প্ৰায়ে কথা-বতৰা পাতিয়ে থাকো । তেওঁ মোলৈ ফোন কৰে ৷ আলোচনাৰ বাবে আলফাই সিদ্ধান্ত ল'ব লাগিব৷ তেখেতে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা বিচাৰে ৷ কিন্তু সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হ’ব নোৱাৰে । ঘঁহি থাকিলে শিলো ক্ষয় যায় ৷”

বোমা সংস্থাপনৰ দুটা গোচৰ তদন্ত কৰিব NIAই :

১৫ আগষ্টত অসমত ২৫ ঠাইত বোমা সংস্থাপিত কৰা ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ দুটা গোচৰ NIAলৈ হস্তান্তৰ ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- “ দুটা গোচৰ NIAই তদন্ত কৰিব, বাকীবোৰ অসম আৰক্ষীয়ে তদন্ত কৰিব ৷ বোমা এনেকুৱা নহয় যে কোনোবা এজন মানুহে ক’ৰবাত বোমা দি গ’লে আপুনি আগতীয়াকৈ গম পাব ৷ কেতিয়াবা আপুনি গম নাপাবও পাৰে । কিন্তু আমাৰ পুলিচেও বহু কিবাকিবি কৰি আছে ৷ যাৰ কাৰণে এটাও বোমা নুফুটিলে ৷”

লগতে পঢ়ক : গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা 'নিয়া'ক হস্তান্তৰ কৰা হ'ব : জি পি সিং

নিৰ্দোষী প্ৰাক্তন আলফা সদস্য হাৰাশাস্তিৰ সন্মুখীন হ’লে পুনৰ ৰাষ্ট্ৰবিৰোধী চিন্তা কৰিব : জীতেন দত্ত

শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ'ব বিষম পৰিস্থিতিৰ : আলফাৰ হুমকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.