ETV Bharat / state

চিকিৎসকক ধৰ্ষণ-হত্যা : ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসকৰ কৰ্মবিৰতি-প্ৰতিবাদ - IMA calls for 24 hours strike

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:54 PM IST

Strike by doctors in Assam : ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ঘোষণা কৰা ২৪ ঘণ্টীয়া কৰ্মবিৰতি অসমৰো সকলো হাস্পতালত পালন কৰা হৈছে ৷ জৰুৰীকালিন সেৱাৰ বাহিৰে বন্ধ আছে আন সকলো চিকিৎসাসেৱা ৷

Strike by doctors in Assam
ৰাজ্যৰ ভিন্নপ্ৰান্তত চিকিৎসকৰ কৰ্মবিৰতি-প্ৰতিবাদ (ETV Bharat Assam)

নিউজ ডেস্ক, ১৭ আগষ্ট : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ পিছতে দেশজুৰি অব্যাহত আছে চাঞ্চল্য ৷ জঘন্য ঘটনাটোক দেশবাসীয়ে তীব্ৰ নিন্দা কৰাৰ সমান্তৰালকৈ ধৰ্ষণকাৰীক মৃত্যুদণ্ড প্ৰদানৰো দাবী উঠিছে ৷ সমান্তৰালকৈ প্ৰশ্ন উঠিছে- মহিলা চিকিৎসক তথা নাৰীৰ সুৰক্ষা সন্দৰ্ভত ৷ উক্ত ঘটনাক নিন্দা কৰাৰ লগত দোষীক উপযুক্ত শাস্তিৰ উপৰিও চিকিৎসকৰ সুৰক্ষাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ দাবীৰে শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰৰ পুৱা ৬ বজালৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে দেশজুৰি কৰ্মবিৰতি ঘোষণা কৰি কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগৰ চিকিৎসাসেৱা বন্ধ কৰি প্ৰতিবাদ চিকিৎসকৰ :

পশ্চিমবংগৰ জঘন্য ঘটনাক লৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ বন্ধ ৰখা হৈছে চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃ বিভাগৰ চিকিৎসা । অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ চিকিৎসক, কণিষ্ঠ চিকিৎসক, জ্যেষ্ঠ চিকিৎসক, চিকিৎসাকৰ্মী,নাৰ্ছসহ সহস্ৰাধিকৰ বিশাল প্ৰতিবাদে উত্তাল কৰিলে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদ ৷ তদুপৰি পল্টন বজাৰলৈকে ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবী কৰে ৷ ইফালে অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগৰ চিকিৎসাসেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বহু ৰোগী চিকিৎসাৰ অবিহনেই ঘৰমুৱা হ’বলগীয়া হয় ।

হোজাইত চিকিৎসক-চিকিৎসাকৰ্মীৰ প্ৰতিবাদ :

কলকাতাৰ জঘন্য কাণ্ডৰ বিৰোধিতাৰে হোজাইতো চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আপাতকালীন চিকিৎসাসেৱাৰ বাহিৰে সকলো সেৱা বাতিল কৰি চিকিৎসক-কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলাখনৰ আন আন চিকিৎসালয়ৰ সমান্তৰালকৈ হোজাই ষ্টাৰ হেলথকেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । নাৰী সুৰক্ষা আৰু জঘন্য কাণ্ডটোৰ তীব্ৰ বিৰোধিতা কৰি দোষীক উচিত শাস্তি বিহাৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালতো কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ :

কলকাতাৰ তৰুণী চিকিৎসকক বৰ্বৰভাৱে ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পিচতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত হোৱাৰ সমান্তৰালকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালতো কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতিৰ প্ৰতি সঁহাৰি জনাই বৰপেটা মেডিকেল কলেজ হাস্পতালতো চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ধৰ্ষণকাৰীক কঠোৰতকৈয়ো কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে কনিষ্ঠ চিকিৎসকৰ ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়তো প্ৰতিবাদ কনিষ্ঠ চিকিৎসকৰ :

পশ্চিমবংগৰ আৰ্জিকৰ মেডিকেল কলেজৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিচতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আহ্বান জনোৱা কৰ্মবিৰতিৰ প্ৰভাৱ পৰিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়তো ৷ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক আৰু মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে জৰুৰীকালিন সেৱা অব্যাহত ৰখা হয় মেডিকেল কলেজ হাস্পতালত । ইপিনে মহিলা চিকিৎসকসকলে নিজকে অসুৰক্ষিত অনুভৱ কৰি শংকাৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ

কলকাতাত চিকিৎসক ধৰ্ষণ-হত্যা : অপৰাধত জড়িত কেইবাজনো ইন্টাৰ্ণ, চিকিৎসকৰ নাম CBI ক জনায় অভিভাৱকে

প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.