ETV Bharat / state

কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই - Assam HS Result 2024 - ASSAM HS RESULT 2024

Assam HS Result 2024: মনত অদম্য ইচ্ছাশক্তি থাকিলে কোনো বাধায়েই ৰোধিব নোৱাৰে । তাকেই যেন পুনৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ এগৰাকী ছাত্ৰীয়ে । কঠোৰ সংগ্ৰামৰ মাজতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল এগৰাকী ছাত্ৰী । পিছে কিয় এই ছাত্ৰীগৰাকী চৰ্চাৰ বিষয় ।

Gudiya, who studied driving an e-rickshaw, passed the higher secondary final examination
কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়ীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:58 PM IST

কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই (ETV Bharat Assam)

কলিয়াবৰ, ১৩ মে': ই-ৰিক্সা চলোৱা ছোৱালীজনী এতিয়া কলেজলৈ যাব । সপোনবোৰ সঁচা হ'ব । সংগ্ৰামবোৰ বাঢ়ি গ'লেও সপোনে পোখা মেলিব । কেতিয়াবা কিছুমান ফলাফল খুব ভাল নহ'লেও আনন্দৰ বতৰা কঢ়িয়াই আনে । যদি সংগ্ৰামপূৰ্ণ জীৱনৰ মাজেৰে সফলতা অৰ্জন কৰা হয় তেতিয়া সেই আনন্দ আৰু অধিক সুকীয়া হয় । কলিয়াবৰৰ গুড়িয়া চাহু । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে গুড়িয়া ।

বহুত বেছি নম্বৰ পাই উত্তীৰ্ণ হোৱা নাই গুড়িয়া ৷ তথাপিও আনন্দিত গুড়িয়াৰ চুবুৰীয়া ৷ কিয়নো, আন বহু শিক্ষাৰ্থীতকৈ পৃথক এই ফলাফল । গুড়িয়াৰ কাহিনী সংঘৰ্ষৰে ভৰা কিন্তু প্ৰেৰণাদায়ক । কিয়নো, কঠোৰ প্ৰত্যাহ্বান নেওচি জীৱন সংগ্ৰামত ব্ৰতী হৈছিল কলিয়াবৰৰ এইগৰাকী ছাত্ৰী । সমনীয়া সকলৰ দৰে স্বাচ্ছ্যন্দৰে ভৰা নহয় গুড়িয়াৰ জীৱন ৷ কঠোৰ প্ৰত্যাহ্বান নেওচি জীৱন সংগ্ৰামত ব্ৰতী কলিয়াবৰৰ এইগৰাকী ছাত্ৰী ।

ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল হৈয়ো পঢ়া-শুনা অব্যাহত ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল গুড়িয়া । ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ পঢ়াৰ খৰচো উলিয়াইছিল গুড়িয়াই । মাতৃয়ে সাঁচতীয়া ধনৰে ক্ৰয় কৰি দিছিল ই-ৰিক্সাখনখন ৷ সেই ই-ৰিক্সাখন চলায়েই জীৱন সংগ্ৰামত ব্ৰতী জখলাবন্ধাৰ চিকণী বৰহোলাৰ জনাৰ্দন চাহু আৰু মঞ্জু চাহুৰ জীয়ৰী গুড়িয়া ।

টকা-পইচা, পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ তথা বহু প্ৰত্যাহ্বানৰ মাজেৰেই জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গুড়িয়া চাহু । স্নাতক শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা থকা স্বত্বেও আৰ্থিক অৱস্থাটোৱে এতিয়া চিন্তাত পেলাইছে গুড়িয়াৰ লগতে পৰিয়ালটোক । সংঘৰ্ষময় জীৱনৰ মাজতে গুড়িয়ালৈ আহিছে কিছু আশাৰ বতৰা ৷ গুড়িয়াৰ উচ্চ শিক্ষাৰ হেপাঁহ পূৰ্ণ কৰিবলৈ কেবাগৰাকী সুহৃদ ব্যক্তি আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে । গুড়িয়াৰ এই যাত্ৰা সফল হওক, তাৰেই কামনা শুভাকাংক্ষীসকলৰ ।

আৰু ভাললগা কথা যে, গুড়িয়া কলিয়াবৰৰ এগৰাকী সফল খেলুৱৈও । খেল মহাৰণৰ এথলেটিক্‌চ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী দৃঢ়মনা শিক্ষাৰ্থীয়ে ৷ নগাঁও জিলাৰে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত গুড়িয়াই ৰাজ্যৰ বহু এথলেটিক্‌চ প্ৰতিযোগিতাত প্ৰতিযোগিতাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে । এতিয়া শিক্ষাৰ ক্ষেত্ৰতো আগুৱাই যাওক তাই ,সেয়াই সকলো শুভাকাংক্ষীৰ

লগতে পঢ়ক: দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.