ETV Bharat / state

যোৰহাটত বিজেপি-কংগ্ৰেছৰ যুঁজ হোৱা নাছিল, ৱেভ ভোটতহে গৌৰৱ গগৈ জিকিছে : ৰণজিৎ দাস - Ranjeet Kumar Dass in Sivasagar

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:26 PM IST

Ranjeet Kumar Dass: শিৱসাগৰ জিলা ভ্ৰমণ কৰি শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, যোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান, পঞ্চায়তৰ হাট-বজাৰ ৰাজহমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস ৷ যোৰহাট লোকসভা সমষ্টিত ৱেভ ভোটৰ বাবেহে গৌৰৱ গগৈ জয়ী হ’ল বুলি মন্তব্য মন্ত্ৰী দাসৰ ৷

Ranjeet Kumar Dass Video
Ranjeet Kumar Dass in Sivasagar (ETV Bharat Assam)

শিৱসাগৰ, 28 জুন: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ শিৱসাগৰত উপস্থিত হয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । শিৱসাগৰ জিলা বিজেপি কৰ্মকৰ্তাৰ লগতো মত বিনিময় কৰাৰ লগতে মিত্ৰ দল অগপৰ কাৰ্যালয়তো উপস্থিত হৈ অগপ দলৰ নেতৃত্বৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী দাসে ।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য (ETV Bharat Assam)

আনহাতে জিলাখন পৰিভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে ৰূপায়ণ কৰি থকা বহু কেইখন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় । বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত গৃহ নিৰ্মাণ সন্দৰ্ভত অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমত আৱণ্টন লাভ কৰা 20 লাখ ঘৰৰ ভিতৰত মাত্ৰ এক লাখ ঘৰৰহে নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ বাকী আছে বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

লগতে পঢ়ক: মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

বৰ্তমান অসমত পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে উৎপাদনথলীৰ পৰা বজাৰলৈ অহাৰ মাজত পাচলিৰ দামৰ বৃহৎ তাৰতম্য দেখা গৈছে । এই তাৰতম্যৰ কাৰণ জানিবৰ বাবে চৰকাৰে ইতিমধ্যে জিলা আয়ুক্তসকলৰ নেতৃত্বত বিভিন্ন বিভাগক লৈ এক টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত লোৱা বুলিও অৱগত কৰে মন্ত্ৰী দাসে ।

আনহাতে পঞ্চায়তৰ অন্তৰ্গত হাট-বজাৰসমূহত থলুৱা ক্ষুদ্ৰ উৎপাদনকাৰীক ৰাজহ মুক্ত বজাৰ প্ৰদান কৰিবৰ বাবে আগন্তুক দিনত পঞ্চায়তৰ হাট-বজাৰসমূহৰ নিবিদা প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ এই হাট-বজাৰসমূহৰ প্ৰাথমিক নিবিদাৰ দৰ 55 হাজাৰ টকাৰ ওপৰত কোনো লেচীয়ে প্ৰদান কৰিব নোৱাৰিব বুলিও এক নিয়ম বন্ধাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই নতুন দৰত পঞ্চায়তৰ বজাৰ সমূহৰ নতুন নিবিদা খোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: দুই-তিনিমাহৰ ভিতৰত আৰম্ভ হ'ব কামাখ্যা কৰিড'ৰৰ নিৰ্মাণকাৰ্য : কামাখ্যা দৰ্শন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য - Kamakhya temple

সেইদৰে চৰকাৰৰ তৰফৰ পৰা নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে চিন্তা-চৰ্চা কৰা বুলিও তেওঁ সদৰী কৰে । মন্ত্ৰী দাসে কয় যে ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত যোগ্য পৰিয়ালক তৎকালীনভাৱে ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । লগতে বিভিন্ন বেমাৰত আক্ৰান্ত কিন্তু ৰেচন কাৰ্ড নথকাৰ বাবে চৰকাৰী বিনামূলীয়া স্বাস্থ্য আঁচনি লাভ নকৰা পৰিয়ালক তৎকালীনভাৱে ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে 'ৱেভ ভোট' লাভ কৰাৰ বাবেহে জয়ী হ’ল বুলি স্বীকাৰ কৰি তেওঁ কয় যে যোৰহাটৰ নিৰ্বাচন সুকীয়া আছিল । ইয়াত বিজেপি-কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে দুই প্ৰাৰ্থীৰ মাজত যুঁজ হৈছিল আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হিচাপে গৌৰৱ গগৈক ৰাইজে অগ্ৰাধিকাৰ দিলে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ - Under water Tunnel in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.