ETV Bharat / state

দ্বীপজ্যোতি হেনো গুৱাহাটী শোধনাগাৰৰ বিষয়া ! কিন্তু এতিয়া আৰক্ষীৰ জিম্মাত কিয় ? - Fraudster arrested in Guwahati - FRAUDSTER ARRESTED IN GUWAHATI

Fake officer of Guwahati Refinery : নামত গুৱাহাটী আছিল গুৱাহাটী শোধনাগাৰৰ বিষয়া ৷ কিন্তু তেওঁ যুৱতীৰ হাতেৰে কেমেৰাৰ সন্মুখতে খালে গণি গণি চাৰিটা চেণ্ডেলৰ চৰ ৷ এতিয়া আৰক্ষীৰ জিম্মাত বিশেষ যুৱকজন ৷

Fake officer of Guwahati Refinery
গুৱাহাটীত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 8:38 PM IST

গুৱাহাটী, ৯ জুন : এটা কোঠাৰ ভিতৰত এগৰাকী যুৱকৰ গালত পৰিল ইটোৰ পিচত সিটোকৈ কেইবাটাও চেণ্ডেলৰ চৰ ৷ ৰূদ্ৰমূৰ্তি ধাৰণ কৰি এগৰাকী যুৱতীয়ে উপৰ্যুপৰি ছেণ্ডেলেৰে চৰিয়ালে তেল শোধনাগাৰৰ ভুৱা বিষয়াক ৷

গুৱাহাটীত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

উল্লেখ্য যে নিজকে গুৱাহাটী তেল শোধনাগাৰাৰ বিষয়া বুলি পৰিচয় দি আহিছিল দ্বীপজ্যোতি দাস নামৰ মিৰ্জাৰ এজন যুৱকে ৷ তেল শোধনাগাৰৰ বিষয়া বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি বিভিন্ন লোকৰ পৰা চাকৰিৰ লগতে ঠিকা প্ৰদানৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত হৈছে যুৱকজন ৷

জানিব পৰা মতে দ্বীপজ্যোতি দাসে গুৱাহাটীৰ শোধনাগাৰত কৰ্মৰত এগৰাকী বিষয়া বুলি ভুৱা পৰিচয় পত্ৰ দেখুৱাই দীৰ্ঘদিন ধৰি বিভিন্ন লোকক প্ৰৱঞ্চনাৰে ধন লুটি আহিছিল ৷ গুৱাহাটী শোধনাগাৰত কোটি কোটি টকাৰ ঠিকা দিয়াৰ নামত প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ উপৰিও কেতিয়াবা যদি চাকৰি, কেতিয়াবা পেট্ৰ’ল পাম্পৰ লাইচেন্স প্ৰদান কৰাৰ নামত ধন বিচাৰি অসমৰ উপৰিও বহিঃৰাজ্যৰ বহুলোকৰ পৰা ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে দ্বীপজ্যোতি দাসৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি যুৱকজনৰ চলাহী কথাত ভোল গৈ বিপদত পৰে হাতীগড় চাৰিআলি নিবাসী বিক্ৰম বৰা নামৰ এজন লোক ৷ প্ৰৱঞ্চক দ্বীপজ্যোতি দাসে গুৱাহাটীৰ শোধনাগাৰত 70 কোটি ঠিকা দিয়াৰ নামত আগধন হিচাপে প্ৰায় 3.5 কোটি টকা বিক্ৰম বৰাৰ পৰা লৈ পলাতক হৈ আছিল । পিচত ঘটনা সন্দৰ্ভত ভুক্তভোগী বিক্ৰম বৰাই যোৱা ২৪ মাৰ্চত দিয়া এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে শনিবাৰে মিৰ্জাৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক দ্বীপজ্যোতি দাসক ।

ইফালে এসপ্তাহ পূৰ্বে সাতগাঁৱৰ কোচপাৰাৰ জোনালী কলিতা নামৰ এগৰাকী যুৱতীক গুৱাহাটী শোধনাগাৰত লিগেল এডভাইজাৰ পদত চাকৰি দিয়াৰ নামতো দ্বীপজ্যোতি দাসে লৈছিল দহ লাখ টকা ৷ সেইদিনা পুনৰ সাতগাঁৱত টকা নিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল দ্বীপজ্যোতি ৷ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ভুক্তভোগী জোনালী কলিতাই দ্বীপজ্যোতিক ছেণ্ডেলেৰে আৰু হাতেৰে প্ৰহাৰ কৰিছিল । সেই সমগ্ৰ দৃশ্য কেমেৰাত আৱদ্ধ হৈছিল ।

সাতগাঁও আৰক্ষীৰ হস্তক্ষেপত দুই পক্ষৰ বুজাবুজি হোৱাত প্ৰৱঞ্চক দ্বীপজ্যোতিক মুকলি কৰি দিয়া হৈছিল । কিন্তু বুজাবুজি চুক্তি অনুসৰি ভুক্তভোগী জোনালী কলিতাক দ্বীপজ্যোতিয়ে টকা ওভতাই নিদি পুনৰ প্ৰৱঞ্চনাৰ আশ্ৰয় লয় । সম্প্ৰতি প্ৰৱঞ্চক দ্বীপজ্যোতি দাসক অধিক তথ্যৰ সন্ধানত নুনমাটি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মন্ত্ৰীৰ নামত পেড-চহী জালিয়াতি : প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.