ETV Bharat / state

নাৰ্ছিং হোমৰ পৰাই জি এন এম পাঠ্য়ক্ৰমৰ নামত প্ৰৱঞ্চকে মেলিছে ভয়ংকৰ জাল - Fraud in GNM Syllabus

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 7:24 PM IST

Updated : Sep 2, 2024, 7:42 PM IST

ৰাজ্য়ত নাৰ্ছৰ প্ৰশিক্ষণ তথা পাঠ্য়ক্ৰমৰ দূৰ শিক্ষাৰ নামতো বহিৰাগতৰ প্ৰৱঞ্চনা । এইবাৰ কেৰালাৰ পৰা আহি অসমত পেলাইছে এই প্ৰৱঞ্চনাৰ জাল ।

Fraud in Nursing Home
জিএনএম পাঠ্য়ক্ৰমৰ নামত প্ৰৱঞ্চনা (ETV Bharat Assam)

গুৱাহাটী, ২ ছেপ্টেম্বৰ: নাৰ্ছৰ প্ৰশিক্ষণ তথা পাঠ্য়ক্ৰমৰ দূৰ শিক্ষাৰ নামত ৰাজ্য়ত দুষ্টচক্ৰই মেলি দিছে ভয়াবহ প্ৰৱঞ্চনাৰ জাল । ইতিমধ্য়ে এই প্ৰৱঞ্চনাৰ জালত ভৰি দি দিকবিদিক হেৰুৱাইছে শ শ যুৱতী-মহিলাই । নাৰ্ছিং পাঠ্য়ক্ৰমৰ নামত ৰাজ্যত প্ৰৱঞ্চনাৰ জাল পেলোৱা এজন প্ৰৱঞ্চকক আৰক্ষীয়ে দেওবাৰে আটক কৰাৰ লগে লগে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য় । এই প্ৰৱঞ্চনাত নলবাৰীৰ এখন নাৰ্ছিং হোমৰ নামো সাঙোৰ খাই পৰিছে । সোমবাৰে একাংশ ভুক্তভোগীয়ে বৰ্ণনা কৰিলে কেনেকৈ তেওঁলোকে এই প্ৰৱঞ্চনাৰ জালত ভৰি দিছিল ।

কেনেকৈ পাতিছিল এই জাল ?

ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰি কয়," ৰবিন থমাছ নামৰ এজন ব্যক্তিয়ে মেলিছিল এই জালখন । কেৰালাৰ ৰবিন থমাছ নামৰ প্ৰৱঞ্চকজনে ২০১৬ চনত গুৱাহাটীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালত চাকৰি কৰি সমগ্ৰ অসমত প্ৰৱঞ্চনাৰ জাল পাতিছিল । ইয়াৰ জৰিয়তে অসমৰ বহু যুৱতী-মহিলাৰ লগতে যুৱকক বেংগালুৰুৰ চাইনি কলেজ অৱ নাৰ্চিঙত জি এন এম দূৰ পাঠ্য়ক্ৰমত অধ্য়য়ন কৰাৰ‌ নামত প্ৰতিগৰাকীৰ পৰা প্ৰায় ৩ লাখ টকাকৈ লৈছিল । এইদৰে অধ্য়য়ন কৰাসকলক ৩ বছৰৰ মূৰত একোখনকৈ ভুৱা চাৰ্টিফিকেট গটাই দি আহিছে । ইয়াৰ পিছত তেওঁলোকে চাকৰিৰ বাবে আবেদন কৰিবলৈ যাওতেই প্ৰমানপত্ৰখন যে ভুৱা সেই কথা পোহৰলৈ আহে । "

ভুক্তভোগীসকলে পুনৰ কয়," ২০১৬ চনৰ পৰা জি এন এম নাৰ্ছৰ পাঠ্যক্ৰম দূৰ শিক্ষাৰ জৰিয়তে প্ৰদান কৰি তিনি বছৰত প্ৰমান পত্ৰ দিয়াৰ নামত ৰবিন থমাছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ৩ লাখতকৈ অধিক ধন সংগ্ৰহ কৰিছিল । এই ধনৰ বিনিময়ত এখনকৈ ভুৱা প্ৰমানপত্ৰ দি আহিছিল ভুক্তভোগীসকলক ।"

নাৰ্ছিং হোমৰ নামো সাঙোৰ খাইছে :

ভুক্তভোগীসকলৰ অভিযোগ অনুসৰি বৰ্তমানলৈ প্ৰায় ১০০-১২০ গৰাকী যুৱতী-মহিলাৰ পৰা মুঠ ২ কোটি ৪০ লাখমান টকা সংগ্ৰহ কৰি লখৰাৰ পৰা গৈ নলবাৰীৰ সাৰথি হাস্পতালৰ পৰাই এই অবৈধ কামবোৰ চলাই গৈছিল ৰবিন থমাছে ।

ভুক্তভোগীয়ে যেতিয়া এই ভুৱা চক্ৰটোৰ কথা জানিব পাৰিলে তেতিয়া আইনৰ সহায় বিচাৰে । ইপিনে, ভুক্তভোগীয়ে দিছপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৫১ /২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি দেওবাৰে ৰবিন থমাছক আটক কৰে । অৱশ্যে সোধা-পোছাৰ অন্তত সন্ধিয়া আৰক্ষীয়ে অভিযুক্ত ৰবিন থমাছক থানাৰ পৰা যাবলৈ দিয়ে । আৰক্ষীৰ সন্মুখতেই ৰবিন থমাছে এইসকল ভুক্তভোগীক বৈধ মূল প্ৰমাণপত্ৰ দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত আৰক্ষীয়ে তেওঁক যাবলৈ অনুমতি দিয়ে ।

লগতে পঢ়ক:ধনৰ বিনিময়ত চাকৰিৰ ভুৱা নিযুক্তি-পত্ৰ প্ৰদান: ধুবুৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক - Dhubri Cash For Job Case

প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ পিছতে হাহাকাৰ লাগিল ভুক্তভোগী গ্ৰাহকৰ মাজত - Fraudster in Assam

Last Updated : Sep 2, 2024, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.