ETV Bharat / state

ঢকুৱাখনাৰ হত্যাকাণ্ড : সুনীল গগৈৰ পৰিয়ালৰ সদস্যক আৰক্ষীৰ জেৰা - DHAKUAKHANA MURDER CASE

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:29 PM IST

BJP leader mysterious death : নতুন মোৰ ল’লে লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডৰ ঘটনাই ৷ ডি এন এ পৰীক্ষাৰ ফলাফলত সুনীল গগৈৰ সলনি জাহাংগীৰ হুছেইনক হত্যা কৰাৰ তথ্য প্ৰকাশৰ পাচতে আৰক্ষীয়ে সুনীল গগৈক অভিযুক্ত কৰি এক গোচৰ ৰুজু কৰে ৷ ঘটনা সন্দৰ্ভত বুধবাৰে সুনীল গগৈৰ মাতৃ, পত্নী, পুত্ৰ আৰু ভতিজাকক আৰক্ষীয়ে থানালৈ মাতি জেৰা কৰে ৷

SUNIL GOGOI MURDER CASE
ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

লখিমপুৰ, 19 জুন : সুনীল গগৈৰ মাতৃ, পত্নী, পুত্ৰ আৰু ভতিজাকক জেৰা ৷ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত 1 জুনত সংঘটিত লোমহর্ষক হত্যাকাণ্ডই মঙলবাৰে ডি এন এ পৰীক্ষাৰ ফলাফলৰ পাচতে নতুন মোৰ লয় ৷ মঙলবাৰে ডি এন এ পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাচতে সংবাদমেল যোগে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে এই ঘটনাত জাহাংগীৰ হুছেইনক হত্যা কৰা বুলি স্পষ্ট কৰি দিয়ে ৷

সুনীল গগৈৰ পৰিয়ালৰ সদস্যক জেৰা (ETV BHARAT ASSAM)

জাহাংগীৰক সুনীল গগৈয়ে হত্যা কৰা বুলি অভিযুক্ত কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিছিল আৰক্ষী অধীক্ষকে ৷ ইয়াৰ পাচতে অভিযুক্ত সুনীল গগৈৰ ঘৰত আৰক্ষীৰ দল উপস্থিত হৈ তেওঁৰ মাতৃ, পত্নী, পুত্ৰ আৰু ভতিজাকক বুধবাৰে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে ৷ ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত 48/24 নম্বৰৰ আৰু 120বি/302/201/34 ধাৰাত এটা গোচৰ ৰুজু কৰা হয় ৷

লগতে পঢ়ক : ঢকুৱাখনাৰ হত্যাকাণ্ড : মাৰাথন জেৰা অভিযুক্তৰ পৰিয়ালৰ সদস্যক - Dhakuakhana murder case

ইফালে আৰক্ষীৰ নিৰ্দেশত বুধবাৰে পুৱা সুনীল গগৈৰ মাতৃৰ লগতে পত্নী পুস্পা গগৈ, পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈ ঢকুৱাখনা থানাত হাজিৰ হয় ৷ তেওঁলোকক আৰক্ষীয়ে জেৰা কৰাৰ মাজতে সুনীল গগৈৰ পুত্ৰক লগত লৈ আৰক্ষীয়ে বাসগৃহত অভিযান চলায় ৷ সুনীল গগৈৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বেংক পাচবুক, পেন ড্ৰাইভকে ধৰি কেতবোৰ নথি-পত্ৰ জব্দ কৰে ৷ বিয়লি আৰক্ষীয়ে সুনীল গগৈৰ মাতৃক যাবলৈ দিয়ে যদিও বাকী কেইজনক এৰি দিয়া নাই বুলি জানিব পৰা গৈছে ৷ সন্ধিয়াৰ আগলৈকে তেওঁলোকক আৰক্ষীয়ে থানাত জেৰা কৰি আছে ৷ জেৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যবস্থা গ্ৰহণ কৰে সেয়া জানিবলৈ সকলোৱে কৌতুহলেৰে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক : সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.