গোলাঘাট, 9 মাৰ্চ : আজি পুৱাৰ ভাগত নুমলীগড় চাহ বাগিচাৰ 17 নং লাইনত এটা হাতী পোৱালীৰ কৰুণ মৃত্যু হয় ৷ অজ্ঞাত কাৰণত হাতী পোৱালীটোৰ মৃত্যু হয় ৷ ইফালে স্থানীয় ৰাইজ আৰু নুমলীগড় বন বিভাগৰ লোকে সন্দেহ কৰামতে ৰজা ফেঁটী সাপ (KIng Cobra) ৰ দংশনত হাতী পোৱালীটোৰ মৃত্যু হয় ৷ ইতিমধ্যে পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মৃত হাতীটোক সমাধিস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে বনাঞ্চল সমূহত খাদ্যৰ নাটনি হোৱাৰ বাবে দৈনিক বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ ৷ দিনে-নিশাই বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন চাহ বাগিচা অঞ্চলত গৰু-ছাগলীৰ দৰে মুক্ত বিচৰণ কৰে বন্যহস্তীৰ জাকে ৷ বিশেষকৈ নিশাৰ ভাগত মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজৰ ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ৷ তাৰ পাচতো নিধিৰাম চৰ্দাৰৰ ভূমিকাত বিয়াগোম বন বিভাগ ৷
স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় জন প্ৰতিনিধি আৰু বন বিভাগক দাবী জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ জিলাখনৰ জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, চিনাতলী, আধাৰসত্ৰ, আইটননিয়া মিৰি গাঁও, শাওতলি, আৱৰঘাট, ৰঙাজান, থুৰামুখ, দৈগ্ৰং, ধলাগুৰি, পুৰাবাংলা আদিকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে ৷
লগতে পঢ়ক : মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত