বৰপেটা, 17 জুন: এখন পত্ৰ আৰু ইয়াকে লৈ চলিছে তুমুল প্ৰতিক্ৰিয়া ৷ পত্ৰখন হৈছে নাগৰিক সমাজৰ ৷ এই বিশেষ পত্ৰখনক লৈ নাগৰিক সমাজ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাজত একপ্ৰকাৰ সৃষ্টি হৈছে সংঘাতৰ ৷
পিছে কি আছে এই পত্ৰখনত ?
বিগত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, অসমত বিজেপিয়ে (মিত্ৰজোঁটৰ সৈতে) লাভ কৰিছিল 11 খন আসন ৷ তাৰ পিচতে কংগ্ৰেছে লাভ কৰিছিল তিনিখনকৈ আসন ৷ সেই ফলাফলৰ পিচতে নৱ-নিৰ্বাচিত সাংসদসকলক সম্বৰ্ধনা জনাইছে দলীয় নেতৃত্বৰ লগতে ভিন্ন প্ৰান্তৰ অনুৰাগী-সমৰ্থকসকলে ৷
লগতে পঢ়ক: সন্ধিয়ালৈ অপেক্ষাত, বৰপেটাত ভাল ফলাফল আহিব কংগ্ৰেছৰ : দীপ বায়ন - Lok Sabha Election Results 2024
ঠিক তেনেদৰে বৰপেটাৰ নাগৰিক সমাজেও আয়োজন কৰিছে সম্বৰ্ধনা অনুষ্ঠানৰ ৷ ইমানখিনিলৈ ঠিকে আছিল, কেণাটো লাগিল তেতিয়াহে যেতিয়া তেওঁলোকে একাংশ নিৰ্বাচনী প্ৰাৰ্থীক আমন্ত্ৰণ কৰাৰ বিপৰীতে আন একাংশক নিদিলে নিমন্ত্ৰণ ৷ নাগৰিক সমাজৰ এনে স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে 3নং বৰপেটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামি পৰাজয়ৰ সন্মুখীন হোৱা দীপ বায়নে ৷
লগতে পঢ়ক: আশাবাদী মনোৰঞ্জন তালুকদাৰ : ইণ্ডি মিত্ৰজোঁটে দেশত চৰকাৰ কৰিব - LOK SABHA ELECTION RESULTS 2024
বায়নে অভিযোগ উত্থাপন কৰা অনুসৰি, নাগৰিক সমাজে বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীসকলক নিমন্ত্ৰণ দিছে ৷ নাগৰিক সমাজৰ দ্বাৰা নিমন্ত্ৰিত জয়ী প্ৰাৰ্থীসকলৰ লগতে আছে একাংশ পৰাজিত প্ৰাৰ্থীও ৷ যাৰ ভিতৰত আছে মীৰা বৰঠাকুৰ, লুৰীণজ্যোতি গগৈ, হাফিজ ৰচিদ চৌধুৰী আদি ৷
ইয়াৰ বিপৰীতে বাকীসকল প্ৰাৰ্থী ক্ৰমে উদয় শংকৰ হাজৰিকা, দীপ বায়ন, ৰ’জলীনা তিৰ্কী, গর্জন মুছাহাৰী, প্ৰেমলাল গুঞ্জু, মাধৱ ৰাজবংশীক জনোৱা নাই নিমন্ত্ৰণ । যাক লৈ আৰম্ভ হৈছে বিতৰ্ক ৷ অৱশেষত নাগৰিক সমাজৰ এনে সিদ্ধান্তৰ বিপৰীতে মুখ খুলিছে বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নে ৷