ETV Bharat / state

আঁহত পাতত মামাৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত সঞ্জু হাজৰিকা - PEEPAL LEAF ART

আঁহত পাতত মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চিত সঞ্জু হাজৰিকা ৷ ব্লেডৰ সহায়ত আঁহত পাততেই অংকন কৰিছে সুধাকণ্ঠ, কলাগুৰুৰ লগতে বিভিন্নজনৰ প্ৰতিচ্ছবি ৷

Dibrugarh youth draw various picture on Peepal leaf
আঁহত পাতত মুখ্যমন্ত্ৰী মামাৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত সঞ্জু হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 5:22 PM IST

ডিব্ৰুগড় : প্ৰতিভাৰ অভাৱ নাই এইখন অসমত । নিজৰ অধ্যৱসায় আৰু অনুশীলনৰ ফলত বহুতো অসম্ভৱ কামকো সম্ভৱ কৰি তুলিছে একাংশই । ইয়াৰ মাজতে চৰ্চালৈ আহিছে ডিব্ৰুগড় জিলাৰ লাহোৱাল নাহৰসাঁকোৰ সঞ্জু হাজৰিকা । প্ৰতিভাৱান চিত্ৰশিল্পীগৰাকীয়ে এখিলা আঁহত পাতত মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি সু-নিপুণভাৱে অংকন কৰিবলৈ সক্ষম হৈছে ।

শেহতীয়াকৈ আঁহত পাতত অতি সুন্দৰকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চিত হৈ পৰিছে লাহোৱালৰ এজন যুৱক । ইয়াৰ ওপৰিও লাহোৱালৰ নাহৰ সাঁকো গাঁৱৰ সঞ্জু হাজৰিকাই ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিচ্ছবি অংকন কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

আঁহত পাতত মুখ্যমন্ত্ৰী মামাৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত সঞ্জু হাজৰিকা (ETV Bharat Assam)

সঞ্জু হাজৰিকাই ছবি অংকন কৰাৰ সমান্তৰালভাৱে ভাস্কৰ্য শিল্পৰ লগত নিজক জড়িত কৰি ৰাখিছে । সৰুৰে পৰা ছবি আঁকি ভালপোৱা সঞ্জু হাজৰিকাই বিভিন্ন ধৰণেৰে ছবি অংকন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰৰ বাটচৰাত সিংহ মূৰ্তিকে ধৰি বিভিন্ন মূৰ্তি নিৰ্মাণ কৰি নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে ।

কিয় এই ব্যতিক্ৰমী চিন্তাৰে ছবি অংকন কৰিছে চিত্ৰশিল্পীজনে :

এখিলা আঁহত পাতত ব্লেডৰ সহায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন বিভিন্নজনৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চিত হোৱা সঞ্জু হাজৰিকাই সংবাদ মাধ্যমত কয়, ‘‘সৰুৰে পৰাই ছবি অংকন কৰি ভালপাও । পূৰ্বে আঁহত পাতত ছবি অংকন কৰিছিলো যদিও সকলো সংৰক্ষণ কৰিবলৈ নোৱাৰিলো । কিন্তু বৰ্তমানে আঁহত পাতত অংকন কৰা ছবিসমূহ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছো ।’’

‘‘শেহতীয়াকৈ অংকন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাইজে ভাল পাইছে । বৰ্তমান ছবি জীৱন আৰু জীৱিকাৰ পথ । ডিব্ৰুগড় জিলাৰ ৫ খন বিদ্যালয়ত ছবি শিক্ষক হিচাপে দায়িত্ব পালন কৰি আছো ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : সুধাকণ্ঠলৈ সন্মান, প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড - Bhupen Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.