ETV Bharat / state

প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:37 PM IST

Updated : Jul 3, 2024, 10:53 PM IST

Assam flood situation: বানৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৷ প্ৰসূতিক উদ্ধাৰ SDRFৰ ৷ মথাউৰিতে অনুষ্ঠিত কৰিবলগীয়া হৈছে আদ্যশ্ৰাদ্ধ ৷ হাহাকাৰ পৰিস্থিতি প্ৰায় সকলো স্থানতে ৷

Assam flood situation
প্ৰলয়ৰে সহৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 3 জুলাই : অব্যাহত আছে বানাক্ৰান্তৰ বিলাই-বিপত্তি ৷ নষ্ট হৈছে বয়-বস্তু, নষ্ট হৈছে মানৱ সম্পদ ৷ ঘৰৰ চালেৰে বৈছে পানী ৷ পানীৰ মাজতে জন্ম হৈছে কেঁচুৱা, মথাউৰিতে অনুষ্ঠিত কৰিবলগীয়া হৈছে আদ্যশ্ৰাদ্ধ ৷

প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত (ETV Bharat Assam)

বান সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত অসুবিধা আছে : মুখ্যমন্ত্ৰী

বুধবাৰে গুৱাহাটীৰ বান পৰিস্থিতি পৰ্যবেক্ষেণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত বহু অসুবিধা আছে ৷ তেওঁ কয় যে ভূটান, অৰুণাচল আৰু চীনৰ পৰা পানী অহাটো ৰখাব নোৱাৰি ৷ এইটো ভৌগোলিক সমস্যা, ভৌগোলিক সমস্যাক বাধা দিব নোৱাৰি । যাৰ বাবে যুঁজি থাকিব লাগিব ৷ কিন্তু লাহে লাহে উন্নত কৰাৰ চেষ্টা কৰিব লাগিব । এতিয়া আগতকৈ দুখ-যাতনা কমিছে, কিন্তু সমস্যা শেষ হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে উজনি অসমত বৰষুণ অলপ কমিছে । যাৰ বাবে গুৱাহাটী, মৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তলত আছে । কিন্তু বৰষুণ হ’লে পৰিস্থিতি কেনে হ’ব ক’ব পৰা নাযায় । গতিকে এইক্ষেত্ৰত চৰকাৰ সতৰ্ক হৈ আছে ৷

মথাউৰিৰ ওপৰতে পাতিবলগীয়া হ'ল মৃতকৰ শ্ৰাদ্ধ :

বোকাখাতত বানে লোৱা সংহাৰী ৰূপৰ মাজতে কৰুণ দৃশ্য ৷ মৃতকক সৎকাৰ কৰিবলৈ, শ্ৰাদ্ধ পাতিবলৈ নাই ঠাই ৷ মথাউৰিৰ ওপৰতে মৃতকৰ দহা-কাজ অনুষ্ঠিত কৰিবলগীয়া হয় ৷ বোকাখাতৰ যোগনীয়া গাঁৱত দৃশ্যটো দেখা যায় ৷ সমগ্ৰ গাঁওখন বানে বুৰাই পেলোৱাৰ পিচত ৰুণু হাজৰিকা নামৰ মহিলাগৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিবলগীয়া হ’ল মথাউৰিৰ ওপৰত ৷ দহা, আদ্যশ্ৰাদ্ধৰ বাবে ঘৰত ৰভা দিয়া হৈছিল যদিও দেওবাৰে নিশা সকলো উটুৱাই নিলে বানে । কাজেই মথাউৰিৰ ওপৰত আয়োজন কৰিব লগা হ'ল দহা ।

ধেমাজিত শিশুসহ তিনিগৰাকীৰ মৃত্যু :

ধেমাজি জিলাত চলিত বাৰিষাৰ প্ৰথমটো সংহাৰী বানত প্ৰাণ হেৰুৱালে শিশুসহ তিনিগৰাকী লোকে ৷ জিলাখনৰ চাৰিটা ৰাজহচক্ৰ ক্ৰমে ধেমাজি, চিচিবৰগাঁও, গোগামুখ আৰু জোনাইত সৰ্বমুঠ 209 খন গাঁৱৰ এক লাখৰো অধিক লোক বানত আক্ৰান্ত হৈছে ৷ বিশেষকৈ জিলাখনৰ ভিতৰত জোনাই ৰাজহচক্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৷ মঙলবাৰে ধেমাজি জিলা প্ৰশাসনৰ তৎপৰতাত SDRF আৰু সেনাৰ সহযোগত 40গৰাকী মহিলা আৰু শিশুক হেলিকপ্টাৰে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ লৈ যোৱা হয় ৷

গহপুৰ বানত নাও ডুবি সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ:

যোৱা কেবাদিনো ধৰি গহপুৰৰ কৰ্টছল গাঁৱৰ ২২ বছৰীয়া সুনীল প্ৰধান নামৰ যুৱকজন নাও ডুবি সন্ধানহীন হৈ আছিল । যুৱকজনৰ সন্ধানত গহপুৰ মহকুমা প্ৰশাসন, SDRFএ অভিযান অব্যাহত ৰাখিছিল ৷ বুধবাৰে SDRFএ চলোৱা অভিযানত সন্ধানহীন যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

কাছাৰত গৰ্ভৱতী মহিলাক উদ্ধাৰ :

কাছাৰৰ নিয়াৰগ্ৰাম গংগাপুৰৰ বানত আৱদ্ধ গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰিলে SDRFএ ৷ বানত সমগ্ৰ অঞ্চল বুৰ গৈ থকাৰ মাজতে এগৰাকী মহিলা প্ৰসৱ বেদনাৰ সন্মুখীন হয় ৷ সমগ্ৰ অঞ্চল জলমগ্ন হৈ থকাৰ ফলত এম্বুলেন্স বা আন কোনো বাহন যাবপৰা অৱস্থাত নাই ৷ সেই খবৰ পাই SDR গৈ ঘটনাস্থলীত উপস্থিত হয় ৷ SDRFৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷

‘‘একমাত্ৰ আপুনিয়েই আহিছে আমাৰ খবৰ ল’বলৈ’’

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক বানাক্ৰান্তই ক’লে- ‘‘ছাৰ একমাত্ৰ আপুনিয়েই আহিছে আমাৰ খবৰ ল’বলৈ । আপুনি আমাক অলপ সহায় কৰিব বুলি আশা কৰিছোঁ ।’’ উল্লেখ্য যে মৰিগাঁৱত খাদ্যৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি বানাক্ৰান্তৰ মাজত ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছে চৰ অঞ্চলসমূহত ৷ বুধবাৰে লাহৰীঘাটৰ বিভিন্ন চৰ অঞ্চলত পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে সাহায্য সামগ্ৰী উচিতভাৱে পাইছেনে নাই সেই সন্দৰ্ভত সবিশেষ বুজ লয় । ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে কেবাটাও চৰ অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সৈতে কথা পাতে জিলা আয়ুক্তগৰাকীয়ে ৷

বৰপেটাত খাদ্য সংকট :

ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ পানীৰ বাঢ়নী পানীত আৱদ্ধ বৰপেটা জিলাৰ ফুলৰা চৰৰ হাজাৰ হাজাৰ লোক ৷ ঘৰৰ চালিলৈকে পানী থকাত চালিৰ ওপৰত আৱদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ কণ ল’ৰা-ছোৱালীৰ লগতে পশুধনো ৷ বিগত তিনিদিন ধৰি নৈপৰীয়া ৰাইজ বানত আৱদ্ধ হৈ আছে যদিও বৰ্ণাত্যৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা আদি নথকাত শিবিৰসমূহত দেখা দিছে বেমাৰে ৷ এই সমস্যাসমূহ চৰকাৰে সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি জানিব পৰা গৈছে ৷

জোনাইত গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস ভূৱন পেগুৰ :

চিমেন নদী, জলকীয়াসূতি আৰু ডিমৌ নৈৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’লে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ তৎকালীন বাবে তিনিওখন নদীৰ খহনীয়া সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে ধেমাজি, জোনাই আৰু চিলাপথাৰতো নৈপৰীয়া বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ আছে৷ হাহাকাৰ পৰিস্থিতিৰ মাজত আছে পোহনীয়া পশুধন ৷ আশ্ৰয় বিচাৰি পোহনীয়া জীৱ-জন্তু লৈ ওখ ঠাইলৈ ধাপলি মেলিছে চিলাপথাৰ অঞ্চলৰ ভুক্তভোগী কৃষিজীৱী ৰাইজ ৷

গুৱাহাটীত নতুনকৈ শ্লুইছগেট গেট নিৰ্মাণৰ কথা ঘোষণা :

মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে ভৰলুমুখ, কুমাৰপাৰ অঞ্চলৰ কেবাটাও স্থান জলমগ্ন হৈ পৰে । শ শ পৰিয়াল বানৰ কৱলত পৰিছে । কুমাৰ চৌধুৰী পথৰ লগতে কালিৰাম বৰুৱা পথ, এগমার্ক গলি, ভৰলুমুখৰ শ্লুইচ গেটৰ সমীপৰ পথটোৰ লগতে মনসা গলিকে ধৰি কেবাটাও পথ পানীৰে উপচি পৰিছে ৷ পাম্পেৰে পানী সিঁচি আছে যদিও বৰ্তমানো পানী কমা নাই ৷ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে কুমাৰপাৰা অঞ্চলৰ পানী ওলাই যোৱাৰ বাবে নলা নিৰ্মাণ কৰা হৈছিল । ব্ৰহ্মপুত্ৰৰ পানী যাতে সোমাব নোৱাৰে তাৰ বাবে শ্লুইছগেট এখনো দিয়া হৈছিল । শ্লুইছগেটখন পুৰণি হোৱাৰ ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে কুমাৰপাৰাত পানী সোমাইছে । অহা বছৰত নতুনকৈ শ্লুইছ গেটখন নিৰ্মাণৰ কৰা হ’ব । কুমাৰপাৰাত থকা পাম্পটোৰ পাইপ যাতে পথৰ তলেৰে নি ভৰলুত পেলাব পাৰি তাৰ চিন্তা কৰা হৈছে ।

বৰপেটাত ব্ৰহ্মপুত্ৰসহ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি :

বুধবাৰে বৰপেটাত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ১ মিটাৰ ২৭ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ ইপিনে নখন্দা নৈ বিপদসীমাৰ ৭৭ ছেন্টিমিটাৰ ওপৰেৰে, মৰা চাউলখোৱা নৈ বিপদসীমাৰ ৬৬ ছেন্টিমিটাৰ ওপৰেৰে, ভেলেঙী নৈ বিপদসীমাৰ ৪৮ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ তদুপৰি কালদিয়া, পহুমাৰা আৰু মৰা চাউলখোৱা আদি নদীসমূহৰো পানী বৃদ্ধি পোৱাৰ ফলত বহু অঞ্চল বানত ডুব গৈছে ৷ আহোম স্বৰ্গদেউ শিৱ সিংহই প্ৰতিষ্ঠা কৰা ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ পানী নিগৰিবলৈ লোৱাত দেৱালয়খনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ ডক্ৰেশ্বৰত বহৰি-বাঘবৰ মথাউৰি অংশ চিঙিব লাগিলে বৰপেটা চহৰৰ লগতে নিমিষতে প্ৰায় ৫০ খনৰো অধিক গাঁও পানীত বুৰ যাব ৷

মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত সন্তুষ্ট নহয় সত্ৰাধিকাৰ :

মাজুলীত মথাউৰিৰ চিগা অংশ জলসম্পদ মন্ত্ৰীয়ে পৰিদৰ্শনৰ পিচতে উক্ত স্থানত উপস্থিত হ’ল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী । মন্ত্ৰীগৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিক মানি ল’ব পৰা নাই সত্ৰাধিকাৰগৰাকীয়ে ৷ আউনীআটী সত্ৰৰ সমীপৰ জুগুণধাৰী আৰু বোকোৰা গাঁৱৰৰ মাজৰ মথাউৰিটো মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিবলৈ আহ্বান সত্ৰাধিকাৰৰ । ইফালে বানত সৰ্বস্বান্ত লোকক দিয়া সাহাৰ্য পৰ্যাপ্ত নহয় বুলি উল্লেখ সত্ৰাধিকাৰগৰাকীৰ । সত্ৰাধিকাৰগৰাকীয়ে দাবী জনায় যে শৈলস্পাৰ বনাই সত্ৰ আৰু মাজুলীক সুৰক্ষিত কৰিব লাগে ৷

নলবাৰীত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্তৰ :

নলবাৰীৰ মৰাপাগলাদিয়া নৈত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ ৷ নদীখনৰ এটি সুঁতিয়ে টিহুৰ গড়বেৰত লৈছে ভয়ংকৰ ৰূপ ৷ গৰাখহনীয়াৰ ফলত ইতিমধ্যে সুঁতিটোৰ ওচৰত থকা বহু গছ-গছনি নিশ্চিহ্ন হৈছে ৷ বৃহত্তৰ গড়বেৰ অঞ্চলৰ ৰাইজৰ উপাসনাৰস্থলী সমূহীয়া নামঘৰৰ চৌহদত থকা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰটো খহনীয়াত জাহ গৈছে ৷ যিকোনো মূহুৰ্ততে নামঘৰটোৰ লগতে গড়বেৰ ভাতৃসংঘ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ তীব্ৰ আতংকৰ মাজত আছে গাঁওবাসী ৷ গৰাখহনীয়া ৰোধ কৰি গাঁওবাসীক সহায় কৰিবলৈ চৰকাৰ, প্ৰশাসন কোনো অহা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ সেয়েহে বন্তি জ্বলাই নেদেখাজনৰ ওপৰতে শেষ ভৰষা কৰিছে গাঁওবাসীয়ে ৷

মাজুলীৰ 40 কোটি টকা ব্যয় সাপেক্ষে মথাউৰি :

মাজুলীৰ চিগা মথাউৰি পৰিদৰ্শ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ আগন্তুক ১০ দিনৰ ভিতৰত ৮ টাকৈ মেগা টিউবেৰে গুণধাৰী আৰু বোকোৰা গাঁৱৰ মাজৰ চিগা মথাউৰি অংশ মেৰামতি কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ মাথাউৰি চিগাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা তাৎক্ষণিকভাৱে সাহাৰ্য প্ৰদানৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷ ৪০ কোটি টকাৰ ব্যয় সাপেক্ষে ১২ ৰ পৰা ১৭ কিলোমিটাৰ লুইত খাবলু মথাউৰি নিৰ্মাণ কৰিব বুলিও ক’লে মন্ত্ৰী হাজৰীকাই ৷

দেৰগাঁৱত বাঢ়নী পানীত উটি যোৱা লোকৰ মৃতদেহ উদ্ধাৰ :

অৱশেষত উদ্ধাৰ হ'ল সোমবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া দেৰগাঁৱৰ ভিতৰুৱা চৰাই চপৰিৰ বিশ্ব ভূঞাৰ মৃতদেহ । SDRF আৰু স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হ'ল মৃতদেহটো ৷ সোমবাৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত নাৱৰ পৰা পিচলি নিখোজ হৈ আছিল বিবাহিত যুৱকজন ৷ বুধবাৰে উদ্ধাৰ হয় বিশ্ব ভূঞাৰ মৃতদেহ । এগৰাকী কণমানিৰ পিতৃ বিশ্ব ভূঞাৰ পত্নীয়ে স্বামীক হেৰুৱাই দিশহাৰ হৈ পৰিছে ৷

দিচাংমুখত নাও দুৰ্ঘটনা হৈ এজন লোক নিখোঁজ :

বুধবাৰে পুৱা ৯ মান বজাত শিৱসাগৰৰ দিচাংমুখত সংঘটিত এক নাও দুৰ্ঘটনাত এজন লোকৰ নিখোঁজ হৈছে ৷ যোৰহাটৰ হাতীশালৰ পৰা এখন নাৱেৰে চাৰিজন লোক শিৱসাগৰৰ ধাইবাৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰে আহি থকা অৱস্থাত মামল গড়ভগাত ব্ৰহ্মপুত্ৰৰ পকনীয়াত পৰে নাওখন ৷ নিখোঁজ হোৱা লোকজনৰ নাম পৰমেশ চাহানী (৪৫) ৷

কাছাৰত চিগিল মথাউৰি : বিভাগে গাফিলতি কৰাৰ অভিযোগ

কাছাৰৰ শালচাপৰা টুকৰগ্ৰামত চিঙিল মথাউৰি ৷ বৰাক নৈৰ মথাউৰি চিঙি বিস্তৃৰ্ণ অঞ্চলত হোৰাহোৰে পানী প্ৰৱেশ কৰাৰ ফলত মুহূৰ্তৰ ভিতৰতে প্লাৱিত হ’ল সমগ্ৰ এলেকা ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ লোকসকলৰ মাজত ৷ গুৰুত্বপূৰ্ণ মথাউৰিটো ছিগি যোৱাৰ ফলত বুৰ গৈছে কেবাশ বাসগৃহ ৷ ঘৰ এৰি নিৰাপদ স্থানলৈ ধাপলি মেলিছে ৰাইজে । জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই মথাউৰিটো চিগি যোৱাৰ অভিযোগ নৈপৰীয়া ৰাইজৰ ।

লগতে পঢ়ক: আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ

Last Updated : Jul 3, 2024, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.