ETV Bharat / state

মহানগৰীত দাম বৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ - Protest in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 6:43 PM IST

CPI Protest : দীঘলীপুখুৰীৰ পাৰত চি পি আইৰ শতাধিক কর্মকর্তাই বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি দলে বৃহৎ বনিয়া গোষ্ঠীসমূহৰ পৰা কোটি কোটি টকা চান্দা লোৱাৰ ফলতেই তেওঁলোকে সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ শোধাই আহিছে বুলি কয় প্ৰতিবাদকাৰীসকলে ৷

CPI Protest in Guwahati
মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটী, 10 জুন : মহানগৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ ৷ সোমবাৰে দীঘলীপুখুৰীৰ পাৰত চি পি আইৰ শতাধিক কর্মকর্তাই বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে- বয়বস্তুৰ অস্বাভাৱিক দামবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই, অসাধু ব্যৱসায়ীক নাকী লগাওক, বৰ্দ্ধিত বিদ্যুত মাচুল হ্ৰাস কৰক, সকলো ধৰণৰ চিণ্ডিকেটৰাজ বন্ধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

প্ৰতিবাদস্থলীত অংশ লৈ চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় যে বিজেপিয়ে প্ৰতিটো নিৰ্বাচনৰ সময়ত বয়বস্তুৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰা প্ৰতিশ্ৰতি দিয়ে, কিন্তু কার্যক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা কৰে ৷ আচলতে বিজেপি দলে বৃহৎ বনিয়া গোষ্ঠী সমূহৰ পৰা কোটি কোটি টকা চান্দা লোৱাৰ ফলতেই তেওঁলোকে সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ শোধাই আহিছে বুলি কয় তেওঁ ৷

তেওঁ লগতে কয় যে, পূৰ্বৰ চৰকাৰ সমূহৰ দৰে বৰ্তমানৰ চৰকাৰৰ দিনতো বৃহৎ চিণ্ডিকেট চলি আছে ৷ সেয়ে এনে চিণ্ডিকেটৰাজ বন্ধ কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰিবলৈ কনক গগৈয়ে চৰকাৰক দাবী জনাই ৷ প্ৰতিবাদস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাষ্ট্ৰীয় কার্যনিৰ্বাহক সদস্য মুনিন মহন্তই চৰকাৰৰ জনগণ বিৰোধী নীতিক চোকা সমালোচনা কৰি কয় যে বিজেপি চৰকাৰখন দৰিদ্ৰ বিৰোধী, শ্ৰমজীৱী, কৃষিজীৱী জনতাৰ বিৰোধী ৷ এইখন চৰকাৰে বয়বস্তুৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাক জীয়াতু ভোগাইছে ৷ চৰকাৰৰ যোগান বিভাগটো একেবাৰে অকৰ্মণ্য বিভাগ বুলি তেখেতে কয় ৷

বহু কেইজন বিজেপি নেতাই মূল্যবৃদ্ধি সম্পৰ্কে কৰা উপলুঙা সূচক মন্তব্যক তেখেতে ধিক্কাৰ দিয়ে ৷ এই জনগণ বিৰোধী চৰকাৰৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেখেতে আহ্বান জনাই ৷ প্ৰতিবাদস্থলীত এ আই টি ইউ চি ৰাজ্যিক সম্পাদক ৰমেন দাস, চি পি আইৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক ফণীধৰ দাস, ইণ্টাৰ ৰাজ্যিক সম্পাদক বিপুল তালুকদাৰ, অসম মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী অসমী গগৈ, এ আই আই এফৰ ৰাজ্যিক সভাপতি-সম্পাদক কৃষ্ণ গগৈ আৰু অজয় বড়া, এ আই কে এচৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈকে ধৰি বহু কেইজন নেতাই চৰকাৰক সমালোচনা কৰে ৷ শেষত প্ৰতিবাদকাৰীসকলে 9 দফীয়া এখন স্মাৰকপত্ৰ পত্ৰ মুখ্যমন্ত্ৰীলৈ জিলা প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : অনিৰ্দিষ্টকাললৈ চকাবন্ধ ঘোষণা ট্ৰেকাৰ-উইংগাৰ চালকৰ - Winger drivers strike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.