ETV Bharat / state

ঘাইপথৰ শোচনীয় অৱস্থাৰ মাজতে মুকলিৰ বাবে সাজু তিনিখনকৈ নতুন টোলগে'ট - 3 TOLLGATES READY FOR OPENING

শোচনীয় অৱস্থাত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ । টোল সংগ্ৰহতহে গুৰুত্ব কেন্দ্ৰৰ । অচিৰেই চুলুং, ৰঙামাটি আৰু মোনাবাৰীত মুকলি হ'ব আৰু তিনিখনকৈ টোলগে'ট ।

Three new tollgates ready for opening
মুকলিৰ বাবে সাজু তিনিখনকৈ নতুন টোলগে'ট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 3:03 PM IST

গুৱাহাটী: ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা তথা ইয়াক যাতায়াতৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়া কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগে'ট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । টোলগে'টৰ যোগেদি ৰাজহ সংগ্ৰহ কৰাই চৰকাৰখনৰ যেন মূল লক্ষ্য হৈ পৰিছে । ৰাইজক সুবিধা দিয়াৰ বিপৰীতে কৰ সংগ্ৰহতহে চৰকাৰখনে অধিক গুৰুত্ব দিছে ।

যি সময়ত জনতাই পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভোগিছে সেই সময়ত চৰকাৰৰ লক্ষ্য হৈ পৰিছে টোলগে'টৰ যোগেদি কৰ সংগ্ৰহ কৰা । ৰাজ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণৰূপে সৰ্বসাধাৰণ জনতাক সংকটত পেলোৱাৰ সময়ত টোল কৰ সংগ্ৰহত অলপো কৃপণালি কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

টোলগে'টৰ যোগেদি লাভ কৰা ৰাজহৰ পৰিমাণ:

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যবাসীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আহৰণ কৰিলে ৪৫২.২২ কোটি টকা টোল কৰ । অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা মুঠ ৯ খন টোল গে'টৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বৃহৎ অংকৰ টোল কৰ সংগ্ৰহ কৰিছে । চেণ্টাৰ ফৰ এফিচিয়েণ্ট গৱৰ্নেঞ্চ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাৰ আৰ টি আইৰ আবেদনত এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনৰ জুন মাহৰ পৰা কাৰ্যক্ষম হোৱা মদনপুৰ টোলগে'টৰ জৰিয়তে সৰ্বাধিক ১১৭.৬৮ কোটি টকা টোল কৰ সংগ্ৰহ কৰা হৈছে । ইয়াৰ পাছতেই ২০২০ চনৰ মে' মাহত স্থাপন কৰা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাট টোল প্লাজাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৯১.১৩ টকা কৰ । ২০২০ চনৰ মাৰ্চ মাহত কাৰ্যক্ষম হোৱা ৰহা টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৫৮.৪৩ কোটি টকা কৰ ।

২০২০ চনৰ জানুৱাৰীৰ পৰা কাৰ্যক্ষম কৰা দাহালপাৰা টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৬৩.১৫ কোটি টকা টোল কৰ । একেদৰে পাটগাঁও টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৬১.৫৫ কোটি টকা । পাটগাঁও টোল গে'টখন কাৰ্যক্ষম কৰা হৈছিল ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত । সেইদৰে ২০২০ চনৰ মে' মাহত কাৰ্যক্ষম কৰা মিকিৰাতি টোলগেটৰ জৰিয়তে টোল কৰ সংগ্ৰহ কৰা হৈছে ৩১.৬১ কোটি টকা ।

তদুপৰি ২০২১ চনৰ নৱেম্বৰৰ পৰা কাৰ্যক্ষম হোৱা গলীয়া টোলগেটৰ পৰা ২৪.০১ কোটি টকা টোল কৰ, ২০২০ চনত স্থাপন হোৱা মান্দেদিছা টোলগেটৰ জৰিয়তে ৩.৭৭ কোটি টকা আৰু ২০২১ চনত কাৰ্যক্ষম কৰা বালাচেৰা টোলগেটৰ পৰা ৮৮ লাখ টকা টোল কৰ সংগ্ৰহ কৰা হৈছে । কাৰ্যক্ষম হোৱাৰ দিনাৰ পৰা বিগত বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত এই কৰ সংগ্ৰহ কৰা হৈছে ।

তিনিখন নতুন টোলগে'ট কাৰ্যক্ষমৰ বাবে সাজু:

যাতায়াত ব্যৱস্থা সুচল কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগে'ট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । বিগত বৰ্ষটোত একমাত্র টোলগে'টৰ পৰাই ৪৫২.২২ কোটি টকা টোল কৰ সংগ্ৰহ কৰা চৰকাৰখনে আনকি আগন্তুক বিত্তীয় বৰ্ষত পুনৰ টোল মাচুল বৃদ্ধি কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছে । উল্লেখ্য যে সম্প্ৰতি ৰাজ্যখনত ৯খনকৈ টোলগে'ট কাৰ্যকৰী হৈ আছে । কিন্তু ইয়াৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুনৰ তিনিখন টোলগে'ট অচিৰেই মুকলি কৰাৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

ইয়াৰে এখন টোলগে'ট কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, এখন দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু আন এখন বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত মুকলি কৰা হ'ব । ইতিমধ্যে এই তিনিওখন টোলগে'টৰে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

যাতায়াত ব্যৱস্থা সুচল কৰাত কোনো গুৰুত্ব নাই কেন্দ্ৰৰ:

লক্ষণীয় বিষয় যে মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে । বিশেষকৈ উজনিৰ ফ'ৰলেনযুক্ত পথৰ কাম আজিলৈকে সম্পূর্ণ নোহোৱাত ডিব্ৰুগড় আৰু যোৰহাটৰ মাজৰ পথছোৱা যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে সোনকালে ফ’ৰলেনৰ কাম সম্পূৰ্ণ কৰাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই । আনকি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাছতো পথসমূহ মেৰামতি কৰা হোৱা নাই ।

ইয়াৰ বিপৰীতে কিন্তু টোল কৰ সংগ্ৰহত সৰ্বাধিক গুৰুত্ব দিছে চৰকাৰখনে । উল্লেখ্য যে কিছুদিন পূর্বে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গডকাৰিয়ে কৈছিল যে গাঁত থকা, অসুচল ৰাষ্ট্ৰীয় ঘাইপথত টোল কৰ সংগ্ৰহ কৰাটো অন্যায় । কিন্তু অসমত সেই দিশটোক কোনোধৰণৰ গুৰুত্বই দিয়া হোৱা নাই । ইফালে বৃহৎ পৰিমাণৰ টোল কৰ সংগ্ৰহ কৰাৰ পাছতো পথসমূহ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব দিয়া নাই ।

যাৰ ফলত ৰাজ্যত প্ৰতিদিনেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা । লক্ষণীয় বিষয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তিনিখন টোলগে'ট মুকলি কৰাৰ বাবে সাজু হোৱাৰ লগতে ৰাজ্যত আন ১৬খন টোলগে'ট নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মুঠ ২৭ খন টোলগেটেৰে জনতাক কেঁকোৰাচেপা দিয়াৰ বাবে সাজু হৈছে ।

লগতে পঢ়ক: নেশ্যনেল স্ক'লাৰশ্বিপ প'ৰ্টেল; উত্তৰ-পূবৰ শিক্ষাৰ্থীয়ে কেনেদৰে কৰিব আবেদন ?

ধনসিঞ্চন নে জলসিঞ্চন ! ভালুকৰ সাঙীলৈ পৰিণত ধেমাজিত জলসিঞ্চন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.