ETV Bharat / state

দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা বিজেপি নেতাৰ নামত পথৰ নামকৰণ - Cole Road in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 3:08 PM IST

CM Himanta Biswa Sarma : ২০০১ চনৰ ১ মে'ত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল বিজেপি নেতা জয়ন্ত দত্ত । এইগৰাকী নেতাৰ নামেৰে ডিব্ৰুগড়ত হ'ল পথৰ নামকৰণ ।

CM Himanta Biswa Sarma
বিজেপি নেতাৰ নামত পথৰ নামকৰণ (ETV Bharat Assam)

মৰাণ, ৬ ছেপ্টেম্বৰ: ২০০১ চনৰ ১ মে'ত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত দত্ত । শুক্ৰবাৰে ডিব্ৰুগড়ৰ কলৰোডটো আনুষ্ঠানিকভাৱে জয়ন্ত দত্তৰ নামতেই নামকৰণ কৰা হয় । প্ৰয়াত বিজেপি নেতা জয়ন্ত দত্তৰ পৰিয়াল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি ডিব্ৰুগড়ৰ কলৰোডটো আনুষ্ঠানিকভাৱে নামকৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

পথটোৰ নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়," আজি ভাৰতীয় জনতা পাৰ্টিৰ বাবে পবিত্ৰ দিন । আজি জয়ন্ত দত্তৰ পবিত্ৰ সোঁৱৰণত আমি ডিব্ৰুগড়ৰ কলৰোডটো নামকৰণ কৰিলো । এই পথটো উন্নয়নৰ বাবে নগৰ উন্নয়ন বিভাগৰ পৰা ২৫ লাখ টকা ধাৰ্য কৰা হ'ল । এই কাৰ্যসূচীৰ দ্বাৰা জয়ন্ত দত্তৰ লগতে আনসকলৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ শ্ৰদ্ধাঞ্জলি ।"

২০০১ চনৰ ১ মে'ত সংঘটিত হৈছিল কৰুণ ঘটনাটো :

উল্লেখ্য় যে ২০০১ চনৰ ১ মে'ত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ১০ দিন থকাৰ পূৰ্বেই ডিব্ৰুগড়ত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল । বিজেপিৰ লগতে অসম গণ পৰিষদৰ নেতা কৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰিছিল দুৰ্বৃত্তই । সেই দিনটোত বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত দত্তৰ লগতে বীৰেন ফুকন, প্ৰশান্ত গগৈ আৰু অসম গণ পৰিষদৰ নেতা থানেশ্বৰ গোঁহাইৰ মৃত্যু হৈছিল । লগতে মৃদুল গগৈ নামৰ এজন আহত হৈছিল । কিন্তু বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত দত্তৰ লগতে আনসকলৰ হত্যাকাৰী আজিও আৰক্ষীৰ জালত নপৰিল ।

বিজেপি নেতাগৰাকীৰ হত্যাকাৰীক শাস্তি দিব নোৱাৰিলেও তেওঁৰ নামত ডিব্ৰুগড়ৰ অতি ব্যস্ত পথ কলৰোডটো আনুষ্ঠানিকভাৱে নামকৰণ কৰা হৈছে । চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি প্ৰয়াত ৰাজ্যিক বিজেপিৰ নেতাগৰাকীৰ পৰিয়ালে আবেগিক ভাৱে সুঁৱৰিলে তেজে ধোৱা অতীতক ।

লগতে পঢ়ক:অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ - Assam Accords Clause 6

চৰকাৰী কৰ্মচাৰীৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : পাব কি কি সুবিধা ? - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.