ETV Bharat / state

গ’ণ্ডাৰ ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ; বিচাৰিলে উচিত তদন্ত - TRAIN ACCIDENT IN UP

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 7:05 AM IST

CM Himanta Biswa Sarma: উত্তৰ প্ৰদেশত লাইনচ্যুত হোৱা ডিব্ৰুগড় এক্সপ্ৰেছ নামৰ ৰে’লখনৰ দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ উচিত তদন্তৰ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ চাওক সবিশেষ খবৰ...

TRAIN ACCIDENT IN UP
উত্তৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী, 19 জুলাই: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ গ’ণ্ডাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সমান্তৰালকৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গ’ণ্ডাৰ ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ (ETV Bharat Assam)

কিয়নো এই ৰে’ল দুৰ্ঘটনাটোৰ প্ৰাথমিক তদন্তৰ অন্তত ৰে’লখনৰ চালকে ভাষ্য প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে শুনা গৈছিল এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দ ৷ দুৰ্ঘটনাত পতিত হোৱা ১৫৯০৪ নম্বৰৰ ৰে’লখন চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে এই দুৰ্ঘটনাৰ প্ৰসংগত ৰে’ল বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানলৈকে অসমৰ কোনো লোক এই ৰে’ল দুৰ্ঘটনাত পতিত হোৱাৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত পৰা নাই ৷

আনহাতে, অসমৰ ৰে’লযাত্ৰীৰ সহায় হোৱাকৈ মুকলি দিয়া হৈছে কেইবাটাও ট’ল ফ্ৰী হেল্পলাইন নম্বৰ ৷ সেইসমূহ হৈছে-

  • গুৱাহাটী - (০৩৬১) ২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩
  • ফৰকাটিং - ৯৯৫৭৫৫৫৯৬৬
  • মৰিয়নী - ৬০০১৮৮২৪১০
  • শিমলুগুৰি - ৮৭৮৯৫৪৩৭৯৮

উল্লেখ্য যে, গ’ণ্ডাৰ নিকটৱৰ্তী ঝিলাহী ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত ইতিমধ্যে দুজন ৰে’লযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ২০ ৰো অধিক লোক ৷

বাংলাদেশত থকা অসমৰ শিক্ষাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী:

আনহাতে, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সংঘৰ্ষজৰ্জৰ বাংলাদেশৰ ঢাকাত থকা অসমৰ শিক্ষাৰ্থীসকলক সুকলমে অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰক আহ্বান জনোৱা‌ বুলি সদৰী কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত ‌কয় যে, অসমৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক(স্বতন্দ্ৰ) মন্ত্ৰী পবিত্ৰ ‌মাঘেৰিটাক এই সন্দৰ্ভত দায়িত্ব দিয়া‌ হৈছে । মাৰ্ঘেৰিটাই ইতিমধ্যে ‌ভাৰত চৰকাৰৰ লগত বিষয় সন্দৰ্ভত আলোচনা কৰি আছে । যাতে প্ৰতিগৰাকী ভাৰতীয় শিক্ষাৰ্থীক শীঘ্ৰে স্বদেশলৈ সুকলমে ঘূৰাই আনিব পৰা যায় ৷

লগতে পঢ়ক: কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ : 10 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.