ETV Bharat / state

অশোক গোৱেল হত্যাকাণ্ড: আন দুই অভিযুক্তক মেঘালয়ত গ্ৰেপ্তাৰ - Businessman murder in Goalpara - BUSINESSMAN MURDER IN GOALPARA

Murder case in Goalpara: আৰক্ষীত জালত পৰিল চিনেমাৰ কায়দাৰে গোৱালপাৰাৰ ব্যৱসায়ীক হত্যা কৰা ঘটনাৰ অভিযুক্ত । এই ঘটনাত জড়িত ধৃত অভিযুক্তৰ সংখ্য়া চাৰিলৈ বৃদ্ধি ।

Murder case in Goalpara
অশোক গোৱেল হত্যাকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:03 PM IST

গোৱালপাৰা, ২২ জুলাই: গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলক গুলীয়াই হত্যা কৰা আন দুই অভিযুক্তক যোৱা দেওবাৰে নিশা আগিয়া আৰক্ষীয়ে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে বিমল ৰাভা আৰু ৰুস্তম ৰাভা । সোমবাৰে আৰক্ষীৰ জিম্মাত বিচাৰি আদালতত হাজিৰ কৰোৱা হয় । উল্লেখ্য় যে যোৱা ১৪ জুলাইত গোৱালপাৰাত ব্যৱসায়ী অশোক গোৱেলক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল ।

গোৱালপাৰা চহৰৰ বৰ বজাৰৰ ব্যৱসায়ী অশোক গোৱেলে পুত্ৰৰ সৈতে জিলাখনৰ ধূপধৰাৰ পৰা ঘৰলৈ আহি থাকোতে গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল কল্যাণপুৰ-গোৱালপাৰা সংযোগী পথত ৫ দুৰ্বৃত্তৰ দলে বাহন আগভেটি ধৰি পুত্ৰৰ সন্মুখতে শূন্য় দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ীজনক । উক্ত ঘটনাৰ নিশাই অশোক গোৱেলৰ গাড়ী চালক আশান আলীক সোধাপোচাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । আশান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ডকাইতৰ দলটোৰ গাড়ী চালকক যোৱা বুধবাৰে বলদমাৰী চৰৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি আগিয়া আৰক্ষী থানাত জেৰা অব্যাহত ৰাখে ।

বৃহস্পতিবাৰে নিশা দুই অভিযুক্ত চালকক লগত ঘটনাস্থলীত তদন্তৰ কাৰণে আনিবলৈ লওতে আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে । সম্প্ৰতি দুই অভিযুক্ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা অশোক গোৱেলৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা আন দুই অভিযুক্তক মেঘালয়ত অভিযান চলাই মেঘালয়ৰ আৰক্ষীৰ সহযোগত গোৱালপাৰা আগিয়া আৰক্ষীয়ে AS-01 AY-4847 নম্বৰৰ বাহনসহ গ্ৰেপ্তাৰ কৰে । দুই ডকাইত ক্ৰমে বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আজি আগিয়া আৰক্ষীয়ে জিম্মাত বিচাৰি গোৱালপাৰা জিলা আদালতত হাজিৰ কৰায় ।

লগতে পঢ়ক:গোৱালপাৰাত গৰজিলে অসম আৰক্ষীৰ বন্দুকে; ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ দুই অভিযুক্ত গুলীবিদ্ধ - Businessman murder in Goalpara

অশোক গোৱেল হত্যাকাণ্ড: বলদমাৰী চৰৰ পৰা আটক জাহিদুল ইছলামক; ৰাজ্যৰ বাহিৰত বাকী তিনি অভিযুক্ত ! - Businessman shot dead

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.