ETV Bharat / state

সীমা সুৰক্ষিত হৈ আছে আৰু সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই : মুখ্যমন্ত্রী - Bangladesh crisis

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 4:34 PM IST

Bangladesh Violence : বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ৷ ভাৰত চৰকাৰে সীমা সম্পূৰ্ণৰূপে চীল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে ৷ এই কথা জনালে মুখ্যমন্ত্ৰীয়ে ৷

BANGLADESH VIOLENCE
ভাৰত-বাংলাদেশ সীমান্ত আমি সম্পূৰ্ণ সুৰক্ষিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, 8 আগষ্ট : "ভাৰত-বাংলাদেশ সীমান্ত আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে ৷ আজিৰ দিনত যদি কাৰোবাৰ হাতত ভাৰতৰ পাছপ'ৰ্ট নাথাকে তেন্তে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে ৷ সেইবাবে আমাৰ সুতাৰকান্দি নাইবা মানকাচৰেই হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছো ৷" - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে কয় - "অসমৰ পৰা পঢ়িবলৈ যোৱা এজন-দুজন শিক্ষাৰ্থী উভতি আহিছে ৷ পাছপ'ৰ্ট আৰু অফিচিয়েল ভিছা দেখুৱাব পৰা এজন-দুজন অসমলৈ আহিছে ৷ তাৰ বাহিৰে কোনো লোকক অসম বা ভাৰতলৈ আহিব দিব লাগে বুলি ভাৰত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই ৷ বৰং ভাৰত চৰকাৰে সীমাক সম্পূৰ্ণৰূপে চীল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে ৷"

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় - "বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনে লোৱাৰ বাবে ভাৰত চৰকাৰে ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব ৷ যাতে বাংলাদেশত সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰা নহয় ৷ বাংলাদেশৰ 20-30 জন লোকক ভাৰতত ৰখাটো সমাধান নহয় ৷ সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দিয়া ৷ এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে ৷ যিধৰণে যেনেকৈ প্ৰয়োজন সেইধৰণে ভাৰত চৰকাৰে ইয়াৰ সমাধান কৰিব ৷ এই বিষয়টো মিডিয়াত বহুত বেছি চৰ্চা কৰি লাভ নাই ৷ কাৰণ, আমি ইয়াত যিমান কথা পাতিম তাৰ এটা নেতিবাচক প্ৰভাৱ বাংদেশত পৰিব আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব ৷ গতিকে ভাৰত চৰকাৰে আমাক নিৰ্দেশ দিছে যে এইখিনি সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব ৷"

লগতে পঢ়ক : বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্য়াচাৰ সন্দৰ্ভত কি ক'লে দেশখনত আৱদ্ধ অসমৰ নাগৰিকে - Bangladesh Violence

মুখ্যমন্ত্ৰীয়ে লগতে কয় - "সীমা সুৰক্ষিত হৈ আছে আৰু সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই ৷ অনুমতিও দিয়া হোৱা নাই ৷ বাংলাদেশতে যাতে হিন্দু লোকসকল নিৰাপদে থাকে তাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় কাম কৰিব ৷"

লগতে পঢ়ক : ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.