ETV Bharat / state

বিজেপিৰ সদস্য ভৰ্তি অভিযানত পিছ পৰি আছে উজনি অসম, ময়দানত নামিছে খোদ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল-মাৰ্ঘেৰিটা - BJP MEMBERSHIP DRIVE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 1:28 PM IST

BJP membership drive 2024: ৫০ লাখৰ লক্ষ্যৰে ৰাজ্যত বিজেপিৰ জোৰদাৰ সদস্যভৰ্তি অভিযান । প্ৰায় প্ৰতিটো বিধানসভা সমষ্টিত নতুনকৈ ৪০ হাজাৰ সদস্যভৰ্তিৰ লক্ষ্য । মুখ্যমন্ত্রীকে ধৰি দুই মন্ত্রীৰ সমষ্টিত লক্ষ্যৰ দুগুণ হৈছে সদস্যভৰ্তি । ইয়াৰ বিপৰীতে উজনি অসমৰ বহু সমষ্টিত আশানুৰূপ হোৱা নাই বিজেপিৰ সদস্যভৰ্তি অভিযান । অভিযানত নামিছে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্র মাৰ্ঘেৰিটা ।

BJP membership campaign
চৰ্চাত বিজেপিৰ সদস্যতা অভিযান (ETV Bharat)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: বিজেপিৰ সদস্যভৰ্তি অভিযানকলৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে । ৫০ লাখৰ লক্ষ্যৰে ৰাজ্যত যোৱা ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ সদস্যভৰ্তি অভিযান । বিশেষকৈ প্ৰতিটো বিধানসভা সমষ্টিত নতুনকৈ ৪০ হাজাৰ সদস্যভৰ্তিৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছে । ইতিমধ্যে কেবাটাও সমষ্টিত সদস্যভৰ্তিৰ এই অভিযানে লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।

ইফালে কেইবাটাও সমষ্টিত একপ্ৰকাৰ সদস্যভৰ্তিক লৈ অঘোষিত প্ৰতিযোগিতা হৈছে । কোন শীৰ্ষত থাকে তাক লৈ চলিছে জোৰদাৰ অভিযান । অৱশ্যে একাংশ সমষ্টিত এতিয়াও বহু পিছপৰি আছে সদস্যভৰ্তি অভিযান । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদৰী কৰা অনুসৰি এতিয়ালৈকে অসমত ৪৩ লাখ ৬৭ হাজাৰ লোকে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিছে । বুধবাৰে ৰাজ্যজুৰি সদস্যভৰ্তিৰ মহা অভিযান চলোৱা হৈছিল । আনহাতে ৪০ হাজাৰ সদস্যভৰ্তি হোৱা সমষ্টিত অভিযান বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ।

মুখ্যমন্ত্রীয়ে জনোৱা মতে ৪০ হাজাৰ নোহোৱা সমষ্টিত ৯ অক্টোবৰলৈ চলিব সদস্যভৰ্তি অভিযান । তাৰ পাছতো ৰৈ যোৱা সমষ্টিত দুৰ্গা পূজাৰ পাছত চলিব সদস্যভৰ্তি অভিযান । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীয়ে ১০০ টা সমষ্টিক টাৰ্গেট কৰি ৫০ লাখ নতুন সদস্যভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । বাকী কিছুমান সমষ্টিত সদস্যভৰ্তি ৪০ হাজাৰৰ তলত থাকিব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰিছে ।

সদস্যতা অভিযানলৈ ব্যাপক সঁহাৰি

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিকে ধৰি দুগৰাকী মন্ত্রীয়ে প্ৰতিনিধিত্ব কৰা দুটা সমষ্টিত সদস্যভৰ্তি অভিযানে ৮০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ এই তিনিটা সমষ্টিয়ে অতিৰিক্তভাৱে গড় হিচাপত আন তিনিটা সমষ্টিৰ টাৰ্গেট পূৰণ কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ সদস্যভৰ্তিৰ তালিকাত প্রথম স্থানত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ জালুকবাৰী সমষ্টি । সমষ্টিটোত ৮০ হাজাৰৰো অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে । ২৪ ছেপ্টেম্বৰলৈ মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিত ৮৬,৬১৬ গৰাকী, মন্ত্রী পীযুষ হাজৰীকাৰ জাগীৰোড সমষ্টিত ৮৩,৯২৭ গৰাকী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নলবাৰী সমষ্টিত ৮১,৫৫৫ গৰাকী লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে ।

আনহাতে ৫০ হাজাৰৰ ওপৰত সদস্যভৰ্তি কৰিবলৈ সক্ষম হোৱা সমষ্টিসমূহ হৈছে ক্ৰমে লক্ষীপুৰ, পাথাৰকান্দি, টিংখাং, ৰঙিয়া, ৰামকৃষ্ণ নগৰ, শদিয়া, হোজাই, সৰুপথাৰ আৰু ঢেকীয়াজুলি । অৱশ্যে ইয়াৰে কেইবাটাও সমষ্টিয়ে ৬০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে । সেইদৰে ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা সমষ্টিৰ সংখ্যা হৈছে ২৫ টা । বাকী সমষ্টিসমূহত সদস্য ভৰ্তিৰ সংখ্যা ৪০ হাজাৰৰ তলতে আছে ।

৯ অক্টোবৰলৈ চলিব অভিযান

ইফালে মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি সদস্যভৰ্তি ৪০ হাজাৰ অতিক্ৰম কৰা সমষ্টিসমূহত এই অভিযান বন্ধ কৰা হ'ব । সেইদৰে ৪০ হাজাৰ নোহোৱা সমষ্টিত ৯ অক্টোবৰলৈ সদস্যভর্তি অভিযান চলি থাকিব । এক কথাত ৯ অক্টোবৰৰ ভিতৰত সেই সমষ্টিকেইটাত ৪০ হাজাৰ সদস্য ভৰ্তি হ'বই লাগিব । স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ পিচতে এতিয়া থৰ-কাছুটি হেৰুৱাইছে বহু বিধায়কে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই একপ্ৰকাৰ ৪০ হাজাৰৰ টাৰ্গেট দিছে দলীয় সকলো প্ৰতিনিধিকে । কমেও ১০০ টা সমষ্টিত বিজেপিৰ সদস্যভৰ্তি অভিযানে ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব লাগিব । সেয়ে এতিয়া ৪০ হাজাৰৰ তলত সদস্যভৰ্তি হৈ থকা সমষ্টিসমূহৰ বিধায়কসকল সমস্যাত পৰিছে ।

উজনি অসমত আশানুৰূপ হোৱা নাই অভিযান

ইফালে উজনি অসমত বিজেপিৰ সদস্যভৰ্তি অভিযানে আশানুৰূপ ফলাফল লাভ কৰা নাই । কেৱল উজনি বুলিয়েই নহয় বিজেপিৰ দখলত থকা বহু সমষ্টিত সদস্যভৰ্তি অভিযান যথেষ্ট পিছপৰি আছে । বিধায়ক মৃণাল শইকীয়াৰ খুমটাই সমষ্টি, বিধায়ক প্ৰশান্ত ফুকনৰ ডিব্ৰুগড় সমষ্টি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পূব গুৱাহাটী সমষ্টি, বিধায়ক অতুল বৰাৰ দিছপুৰ সমষ্টি আদিত লক্ষ্যৰ পৰা দূৰৈত আছে সদস্যভৰ্তি অভিযান । বিজেপিৰ বহু বিধায়কে নিজৰ সমষ্টিৰ ৩০ হাজাৰ লোককো সদস্য পদ দিয়াব পৰা নাই । অসমত সদস্যভৰ্তি অভিযানে লক্ষ্যৰ ৫০ লাখ অতিক্ৰম কৰিলেও কিন্তু বহু সমষ্টিয়ে ৪০ হাজাৰ সদস্যভৰ্তিৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম নহ'ব ।

বিধায়কসকলৰ তৎপৰতা

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত বিজেপিৰ এই সদস্যভৰ্তি অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে । সদস্যভৰ্তি অভিযানৰ লগত বিজেপিৰ বিধায়কসকলৰ ভৱিষ্যতো নিৰ্ভৰ কৰিছে । লক্ষ্যৰ ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰা বিধায়কসকলৰ বাবে ২০২৬ত টিকট লাভৰ ক্ষেত্রতো সমস্যা হোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে বিজেপিৰ বিধায়কসকলে সদস্যভৰ্তি অভিযানত উঠিপৰি লাগিছে ।

ফিল্ডত নামিছে সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা

বিজেপিৰ সদস্যভর্তি অভিযানে উজনিত আশাপ্রদ সফলতা লাভ নকৰাত এইবাৰ অভিযানত নামিছে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মন্ত্রী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাই আন কেইবাজনো মন্ত্ৰীক পিছ পেলাই নিজ সমষ্টিত সদস্যভর্তি অভিযানত সফলতা লাভ কৰিছে যদিও উজনিত এই অভিযানে ব্যাপক সঁহাৰি লাভ কৰা নাই । শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাত সদস্যভর্তি অভিযানলৈ ৰাজনৈতিক কর্মীয়ে সঁহাৰি নিদিয়াত সদস্যভৰ্তি অভিযানত নামিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ।

বিৰোধীৰ দখলত থকা শিৱসাগৰ, নাজিৰা সমষ্টিৰ কথাতো বাদেই মন্ত্ৰী যোগেন মহনৰ মাহমৰাকে ধৰি বিজেপি আৰু অগপৰ দখলত থকা যোৰহাট, চৰাইদেউ, সোণাৰি, মৰিয়নি, মাজুলী, দেৰগাঁও, টীয়ক আদি সমষ্টিতো সদস্যভর্তি অভিযান আশাব্যঞ্জক নহয় । যাৰ বাবে শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি জিলাৰ সদস্যভর্তি অভিযানৰ নেতৃত্ব দিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে ব্যাপক প্রচাৰ-প্ৰসাৰেৰে আৰু জনসংযোগ অধিক বৃদ্ধিৰে সদস্যভৰ্তিৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ সোণোৱালে দলীয় কাৰ্যকৰ্তাসকলৰ প্ৰতি আহ্বান জনাইছে ।

ইফালে কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটায়ো উজনি অসমত বিজেপিৰ সদস্যভর্তি অভিযান তীব্ৰতৰ কৰি তোলাৰ লক্ষ্যৰে ফিল্ডত নামিছে । লক্ষণীয় বিষয় যে বহু সমষ্টিৰ অগ্ৰগতিয়ে ৫০ লাখ সদস্যভৰ্তিৰ অভিযানক সাৰ্থকতা প্ৰদান কৰিলেও কিন্তু সমষ্টিভিত্তিক টাৰ্গেটৰ ক্ষেত্রত বহু সমষ্টি পিছপৰি থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :মৰিগাঁৱৰ সৌন্দৰ্যত মুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী; বিভিন্ন আঁচনি পৰিদৰ্শন - Suresh Gopi Morigaon Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.