ETV Bharat / state

ভাল জাতৰ ফল-মূলৰ পুলি সংগ্ৰহেৰে আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰি: কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য - Assam Agricultural University

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 3:42 PM IST

Jackfruit Biodiversity Fair : অসম কৃষি বিশ্ববিদ্যালয়ত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা সম্পন্ন । এই অনুষ্ঠানত 'মিঠাতেল' নামৰ খাটি সৰিয়হ তেলৰ ব্ৰেণ্ড মুকলি ।

Banana and Jackfruit Biodiversity Fair
অসম কৃষি বিশ্ববিদ্যালয় (ETV Bharat Assam)

যোৰহাট, ৩ আগষ্ট : অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত ফল গৱেষণা প্ৰকল্পৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা । অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ পৰীক্ষামূলক ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ফল-মূল সন্দৰ্ভত বক্তাসকলে ব্য়াখ্য়া কৰে । এই অনুষ্ঠানত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা 'মিঠাতেল' নামৰ খাটি সৰিয়হ তেলৰ ব্ৰেণ্ড এটাও মুকলি কৰা হয় । ইয়াৰ পাছত কৃষক আৰু বিজ্ঞানীৰ এক অন্তৰংগ আলাপৰো আয়োজন কৰা হয় ।

ভাল জাতৰ ফল-মূলৰ পুলিৰে আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰি

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই এই সন্দৰ্ভত কয়," ফল-মূলক আমাৰ নিয়মীয়া খাদ্যাভ্যাসৰ অংশ কৰি আমি প্ৰত্যেকে নিজকে কৰ্মঠ আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো । তদুপৰি কল আৰু কঁঠালৰ দৰে ফল-মূলৰ মূল্য সংযোজিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বা পাচলি হিচাবে আৰু সংৰক্ষণ কৰি বতৰৰ ফল আবতৰীয়া সময়তো খাব পাৰি । সেয়ে ঘৰুৱাভাৱে পোৱা ভাল জাতৰ ফল-মূলৰ পুলি সংগ্ৰহ কৰি ৰোপণ কৰি আৰ্থিক ভাৱে স্বচ্ছল হ'ব পাৰি ।" মুখ্য অতিথিৰ ভাষণত তেওঁ পুনৰ কয়," জাংক ফুডত বেছি গুৰুত্ব দিয়াৰ সলনি স্বাস্থ্য সচেতনতাৰ দিশেৰে ফল-মূলত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে ।"

উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উৎপল কটকীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত কৃষি গৱেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়াই কয়," ফল-মূলৰ বাণিজ্যিক ভিত্তিত খেতিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ চিন্তা চৰ্চাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উৎপাদন তথা বিপণনৰ দিশত যথোচিত চিন্তা চৰ্চাৰে কল আৰু কঁঠালৰ জৰিয়তে কৃষক উপকৃত হ'ব ।" ইয়াৰ বাবে সঠিক নথি-পত্ৰৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰে ।

উদ্যোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ সৌমিত্ৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটোত সৰ্বভাৰতীয় সমন্বিত ফল গৱেষণা প্ৰকল্পৰ মুখ্য সমন্বয়ক ড৹ প্ৰকাশ পাটিলে বক্তব্য আগবঢ়াই অসমত কল আৰু কঁঠালৰ খেতিৰ সম্ভাৱনীয়তাৰ‌ কথা উল্লেখ কৰে। উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানী ড৹ ভবেশ ডেকাই শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কল আৰু কঁঠালৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ।

লগতে পঢ়ক:অসম কৃষি বিশ্ববিদ্যালয়ত বৃহৎ কৃষি মেলাত সহস্ৰাধিক কৃষকৰ অংশগ্ৰহণ

অসম কৃষি বিশ্ববিদ্যালয়ৰ সকলো ফাইলৰ কাম হ'ব অনলাইনৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.