ETV Bharat / state

মেঘালয়ৰ পৰিৱৰ্তে এতিয়া পৰ্যটকৰ গন্তব্য স্থান তেজপুৰ-অৰুণাচল - Meghalaya Taxi Driver Protest

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 6:49 PM IST

Tourist Destination Tezpur : বিগত এটা সপ্তাহ চেৰাপুঞ্জীৰ মাউলিনং প্ৰৱেশ পথত মেঘালয়ৰ একাংশ টেক্সিচালকে অসমৰ টেক্সিসমূহ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছে আৰু ই এক সংঘাতমূলক দিশলৈ গতি কৰিছে । এই ঘটনাৰ পাচত পৰ্যটকে এক নতুন বিকল্পৰ সন্ধান কৰিছে । যাৰ ফলত বহুসংখ্যক পৰ্যটক উত্তৰ অসমৰ তেজপুৰ আৰু অৰুণাচল প্ৰদেশৰ ভিন্ন অঞ্চললৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে ।

Tourist Destination Tezpur
মেঘালয়ৰ পৰিৱৰ্তে এতিয়া পৰ্যটকৰ গন্তব্য স্থান তেজপুৰ-অৰুণাচল (ETV Bharat Assam)

তেজপুৰ, ২৯ জুলাই : শেহতীয়াকৈ কিছু স্বঘোষিত সংস্থাই মেঘালয়ত অসমৰ পঞ্জীয়নভুক্ত পৰ্যটন বাহনৰ প্ৰৱেশত বাধা দিয়াৰ পিচতে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটনস্থলীলৈ পৰ্যটকসকল আকৰ্ষিত হৈছে । মেঘালয়ৰ চেৰাপুঞ্জী অঞ্চলত টেক্সিচালকৰ সংঘৰ্ষৰ বাবে পৰ্যটকসকলে মেঘালয়ত প্ৰৱেশ কৰিবলৈ কুণ্ঠাবোধ কৰিছে । যাৰ ফলত এই বাৰিষাত তেজপুৰ আৰু অৰুণাচল প্ৰদেশ বহু পৰ্যটকৰ বাবে নতুন গন্তব্য স্থান হিচাপে পৰিলক্ষিত হৈছে ৷

এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ পৰ্যটন বিষয়া বাসৱ বৰাই কয়, "বৰ্তমান তেজপুৰ আৰু অৰুণাচল প্ৰদেশ পৰ্যটকৰ লক্ষ্যস্থান হৈ পৰিছে । যদিও এই সময়ছোৱাত সাধাৰণতে তেজপুৰ চহৰক পৰ্যটকে তেনেদৰে বাছনি নকৰে, কিন্তু মেঘালয়ৰ অচলাৱস্থাৰ বাবে পৰ্যটকে তেজপুৰৰ লগতে অৰুণাচল প্ৰদেশক তেওঁলোকৰ অৱসৰ বিনোদনৰ স্থান হিচাপে বাছনি কৰা পৰিলক্ষিত হৈছে ।"

তেওঁ লগতে কয়, "প্ৰকৃততে শীতকালত পশ্চিম অৰুণাচল প্ৰদেশলৈ বৰফৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে পৰ্যটকসকল ঢাপলি মেলে । কিন্তু এইবাৰ গ্ৰীষ্মকালত মেঘালয়ৰ বিকল্প হিচাপে অৰুণাচল প্ৰদেশৰ লগতে তেজপুৰক ৰাজ্যৰ লগতে বাহিৰৰ পৰ্যটকেও বাছনি কৰিছে । ই এক শুভ লক্ষণ ।"

পৰ্যটকৰ বাবে কিয় বন্ধ হ'ল মেঘালয়

উল্লেখ্য যে গ্ৰীষ্মকালীন সময়ত অসমৰ পৰা যথেষ্টসংখ্যক পৰ্যটক মেঘালয়ৰ চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱাটো পূৰ্বৰে পৰা এক পৰম্পৰা আছে । বিশেষকৈ অতিপাত গৰমৰ বাবে এই সময়ছোৱাত প্ৰতিগৰাকী লোকে পৰিয়ালৰ সৈতে তিনি-চাৰি দিন গৰমৰ বন্ধ কটাবলৈ মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জী, ডাউকী আদি অঞ্চললৈ যায় । ফলস্বৰূপে পৰ্যটকৰ বাহন আৰু পৰ্যটন স্থানসমূহৰ পৰা মেঘালয় পৰ্যটন উদ্যোগে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে ।

কিন্তু বিগত এটা সপ্তাহ চেৰাপুঞ্জীৰ মাউলিনং প্ৰৱেশ পথত মেঘালয়ৰ একাংশ টেক্সিচালকে অসমৰ টেক্সিসমূহ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছে আৰু ই এক সংঘাতমূলক দিশলৈ গতি কৰিছে । এই ঘটনাৰ পাচত পৰ্যটকে এক নতুন বিকল্পৰ সন্ধান কৰে । যাৰ ফলত বহুসংখ্যক পৰ্যটক উত্তৰ অসমৰ তেজপুৰ আৰু অৰুণাচল প্ৰদেশৰ ভিন্ন অঞ্চললৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে ।

এইসকল পৰ্যটক কেৱল অসমৰে নহয়, বহিঃৰাজ্যৰো বিভিন্ন স্থানৰ পৰ্যটকৰ দলৰ এতিয়া গন্তব্য স্থান হৈ পৰিছে শিলে কথা কোৱা চহৰ তেজপুৰ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থান ।

তেজপুৰৰ পৰ্যটন

ইতিহাস প্ৰসিদ্ধ তেজপুৰ চহৰৰ বিভিন্ন স্থানত এতিয়া মেঘালয় ভ্ৰমণ বাতিল কৰা পৰ্যটকৰ সংখ্যা বহুখিনি বৃদ্ধি পাইছে । তেজপুৰ জিলা পৰ্যটন বিষয়াৰ তথ্য অনুসৰি, তেজপুৰ সংযোগী হৈ অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ ধাৱমান হৈছে পৰ্যটকৰ দল । তেজপুৰ চহৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণ, চিত্ৰলেখা উদ্যান, অগ্নিগড় আৰু মহাভৈৰৱ মন্দিৰত ভিৰ কৰিছেহি পৰ্যটকৰ দলে ।

তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণে বিশ্ব পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । বৰ্তমান পুৰাতত্ত্ব বিভাগে ইয়াক নিজৰ তত্ত্বাৱধানত ৰাখিছে । এই দ-পৰ্বতীয়া গে'ট বা তোৰণ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গুপ্তযুগতে স্থাপন কৰা শৈল-ভাস্কৰ্য । দ-পৰ্বতীয়া তোৰণত অনুনাকীৰ চিহ্ন পোৱা যায় । গুপ্তযুগতে শিলত খোদিত কৰা দ-পৰ্বতীয়াৰ শৈল-ভাস্কৰ্য পৰৱৰ্তী সময়ত আৱিষ্কাৰ হয় ।

এই শৈল-ভাস্কৰ্যত দেখিবলৈ পোৱা যায় অনুনাকী সদৃশ দৃশ্য অৰ্থাৎ সৰ্পৰ আকৃতি । আনহাতে, তেজপুৰৰ চিত্ৰলেখা উদ্যান, বামুণী পাহাৰ আদিত এই শৈল-ভাস্কৰ্য দেখিবলৈ পোৱা যায়। সেয়ে এই অঞ্চললৈ দৈনিক পৰ্যটকৰ আগমন ঘটে । লগতে অগ্নিগড়ৰ ভৈৰৱী মন্দিৰ, এছিয়াৰ প্ৰসিদ্ধ মহা ভৈৰৱ মন্দিৰত দৈনিক পৰ্যটকৰ সমাগম হয় ।

পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাটে স্বীকৃতি লাভ কৰাৰ পিচত পৰ্যটকৰ প্ৰসাৰ লাভ কৰিছে । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে গুপ্তকাশী বিশ্বনাথঘাটে । উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথঘাটে আজিও সেই আহোম যুগৰ সাক্ষী বহন কৰি আহিছে । আহোম ৰজাসকলৰ বহু কীৰ্তি চিহ্ন আজিও গুপ্তকাশী বিশ্বনাথঘাটত সজীৱ হৈ আছে ।

বৃটিছ শাসনকালতো এই গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজঘাট । ২৭ খন বিভিন্ন দেৱালয়েৰে পৰিপূৰ্ণ, ক্ষুদ্ৰতম নদীদ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যৱস্থা, নদীদ্বীপ উমাটুমণিক সংলগ্ন কৰিবলৈ ৰোপৱে নিৰ্মাণ কৰাৰ যো-জা, এক সুন্দৰ গ্ৰাম্য পৰ্যটন থকা স্থান বিশ্বনাথঘাটক পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰিছে ।

পশ্চিম অৰুণাচল প্ৰদেশ

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আন এক আকৰ্ষণীয় স্থান । জিলা পৰ্যটন বিষয়া বাসৱ বৰাই কয়, "মেঘালয়ৰ তুলনাত অৰুণাচল প্ৰদেশৰ অঞ্চলসমূহ অতি ঠাণ্ডা । গ্ৰীষ্মকালীন সময়ৰ বাবে পৰ্যটকৰ বাবে সেয়ে এতিয়া উপযোগী হৈ পৰিছে । পথৰ দুয়োকাষে থকা সুন্দৰ ঝৰ্ণা আৰু মনোমোহা নৈসৰ্গিক দৃশ্যই আপ্লুত কৰিছে গ্ৰীষ্মকালীন পৰ্যটকসকলক ।"

লগতে পঢ়ক :অসমৰ ট্যুৰিষ্ট টেক্সীক মেঘালয়ত প্ৰৱেশত বাধা, মেঘালয় পৰ্যটন উদ্যোগলৈ ভাবুকি - Meghalaya taxi driver protest
লগতে পঢ়ক :মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত জনসাধাৰণক সাৱধানতা অৱলম্বনৰ আহ্বান আছুৰ - Meghalaya Taxi Driver Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.