ETV Bharat / state

২০১১ ৰ দৰেই '২৬ তো অশোক শৰ্মাই সহায় কৰিব: কটাক্ষৰ চলেৰে অতীত খুঁচৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই - Ashok Sarma joins Congress

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 5:36 PM IST

Jayanta Malla Baruah slams Ashok Sarma: বিজেপি এৰি কংগ্ৰেছলৈ গ’লেও অশোক শৰ্মা আৰু তেওঁক লৈ সৃষ্টি হোৱা বাক-বিতণ্ডাৰ অৱসান ঘটা নাই ৷ এইবাৰ জয়ন্ত মল্লবৰুৱাই অতীত খুঁচৰি শৰ্মাৰ বিৰুদ্ধে ঘটালে বিস্ফোৰণ...

Jayanta Malla Baruah Slams Ashok Sarma
অশোক শৰ্মাক কটাক্ষ (ETV Bharat Assam)

গুৱাহাটী, ১২ আগষ্ট: বিজেপিত এতিয়াও মাৰ যোৱা নাই অশোক শৰ্মাৰ পাৰ্শ্বক্ৰিয়া ৷ বিশেষকৈ জোকাৰণি যেন মাৰ যোৱা নাই নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটাই বিজেপিৰ পৰা গৈ কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাৰ বিৰুদ্ধে সোমবাৰে একপ্ৰকাৰ বিস্ফোৰণ ঘটালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

অশোক শৰ্মাক কটাক্ষ (ETV Bharat Assam)

২০১১ত কংগ্ৰেছক সহায় কৰিছিল অশোক শৰ্মাই: মন্ত্ৰী মল্লবৰুৱাই অকপটে কৈ পেলালে পুৰণি এটা কথা ৷ ‘‘২০১১ত মই কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলোতে মোক সহায় কৰিছিল অশোক শৰ্মাই । টিকট নাপাই পুনৰ ২০২৬ ত বিজেপিক সহায় কৰিব তেওঁ ৷” সোমবাৰে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত এই বিস্ফোৰণ ঘটাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰি কৰা মন্তব্য প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, “মোৰ আসনখন কোনোবাই বিচাৰিলে মই দি দিব নোৱাৰিম । কোনোবা এজন মানুহ দলৰ পৰা গ’লে ক্ষতি হয় । 5 জন গৈছে, কিন্তু মই 500/5000 মানুহ দললৈ অনাৰ বাবে কাম কৰিম । দল এৰি যাব বুলি মইতো মোৰ আসনখন এৰি দিব নোৱাৰো ।”

জয়ন্ত মল্লবৰুৱাই লগতে কয়, “অশোক শৰ্মা কংগ্ৰেছলৈ গ'লেও সনাতন ধৰ্ম ধৰি ৰাখিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে ৷ পিছে তেওঁ ক’লে যে তেওঁ গেৰুৱা পিন্ধিয়েই পোৱা নাই । কিন্তু নলবাৰীৰ মানুহে জানে কোন নেতৃত্বৰ লগত থাকিব লাগে ।”

“টিকট নোপোৱাৰ বাবে ২০২৬ ৰ নিৰ্বাচনত মোক পুনৰ সহায় কৰিব তেওঁ । ২০১১ ত মই কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলোতে মোক সহায় কৰিছিল অশোক শৰ্মাই । তেওঁ নিজে নিৰ্বাচন খেলা দুবাৰ বাদ দি বি জে পিক কেতিয়াও ভোট দিয়াই নাছিল । ২০১১ত দিলীপ শইকীয়াই নিৰ্বাচন খেলোতেও মোক সহায় কৰিছিল ৷ এতিয়াৰ ৰাজ্যপাল ৰমেন ডেকাই নিৰ্বাচন খেলোতে তেওঁ কংগ্ৰেছকে সহায় কৰিছিল ৷” এই বুলি অশোক শৰ্মাৰ প্ৰতি অভিযোগ তুলিলে জয়ন্ত মল্লবৰুৱাই ।

এককথাত জয়ন্ত মল্লবৰুৱাই কৈয়ে পেলালে যে ২০২৬ ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নলবাৰীত টিকট নিদিয়ে অশোক শৰ্মাক ৷ তেতিয়া পূৰ্বে বিজেপিত থাকি বিজেপি প্ৰাৰ্থীক চিপৰাং মৰাৰ দৰে কংগ্ৰেছৰ পৰা টিকট নাপালে শৰ্মাই জয়ন্ত মল্লবৰুৱাকে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত সহায় কৰিব বুলি দাবী কৰিলে তেওঁ ৷

লগতে পঢ়ক: কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ - Ashok Sharma joins congress

মুখ্য়মন্ত্ৰী হিমন্ত থকালৈকে অসম আক্ৰমণৰ সপোনো দেখিব নোৱাৰে মিঞাই: বিজেপি - Ashok Sarma joins Congress

কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী - Ashok Sharma joins Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.