ETV Bharat / state

নাঙলৰ দিনত বিটিআৰত অশান্তিৰ বাতাবৰণ আছিল: অশোক সিংহল

Assam Bye Election 2024: চিদলী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে বিপিএফৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী অশোক সিংহল ।

Assam Bye Election 2024
নাঙলৰ দিনত বিটিআৰত অশান্তিৰ বাতাবৰণ আছিল:অশোক সিংহল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

চিৰাং: উপ-নিৰ্বাচনৰ দিন চমু চাপি আহিছে । লগে লগে নিৰ্বাচনী প্ৰচাৰো তুংগত উঠিছে । ৩১ নং চিদলী বিধানসভা সমষ্টিত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে বুধবাৰে চিৰাং জিলাৰ কাশিকোত্ৰা টুংকুবাৰী, বাসুগাঁৱৰ শাকাতি আৰু উলুবাৰীত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ।

বিপিএফক কটাক্ষ

প্ৰচাৰ সভাতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰীগৰাকী । ভাষণ প্ৰসংগত তেওঁ কয়, "নাঙলৰ সময়ত ইয়াত অশান্তিৰ বাতাবৰণ আছিল । য'ত ত'ত বোমা ফুটে, অপহৰণ হয়, গুলীয়াগুলি হয়, বজাৰত ভয়ত যাব নোৱাৰি, কোনখন চাইকেলৰ কোনটো মোনাত বোমা ৰখা আছে কোনো মানুহে নাজানে । এইবোৰৰ কাৰণে এই অঞ্চলৰ ৰাইজ বহুত অশান্তিত থাকিবলগা হৈছিল । কিন্তু ২০২০ চনত অসম চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ উদ্যোগত তদানীন্তন এবছুৰ সভাপতি প্ৰমোদ বড়োৰ একান্ত প্ৰচেষ্টাত বিটিআৰ শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছত বিটিআৰত অশান্তি আৰু হিংসাৰ বাতাবৰণৰ যৱনিকা পেলাই শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছো ।"

নাঙলৰ দিনত বিটিআৰত অশান্তিৰ বাতাবৰণ আছিল:অশোক সিংহল (ETV Bharat)

মন্ত্ৰীগৰাকীৰ মতে শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ পাছত বিটিআৰত আৰম্ভ হৈছে প্ৰগতি আৰু উন্নয়নৰ কাম-কাজ । বিটিআৰৰ শান্তি আৰু উন্নয়নৰ ধাৰা বজাই ৰাখিবলৈ চিদলীত মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিবলৈ তেওঁ চিদলী বিধানসভা সমষ্টিৰ ৰাইজক আহ্বান জনায় । চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী অশোক সিংহলক সংগ দিয়ে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, ইউপিপিএল দলৰ জিলা সম্পাদক অমৰ সিং ব্ৰহ্ম, জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়সহ এনডিএ মিত্ৰজোঁটৰ অন্যান্য নেতা-কৰ্মী সকলে ।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ গছকটা প্ৰসংগ

চিদলীৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ গছকটা বিষয়টো সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "গছকটাৰ দিশটো বন বিভাগৰ, উৰণ সেতু নিৰ্মাণ লোক নিৰ্মাণ বিভাগৰ । ৰাইজৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য কৰি আজি পুৱা মুখ্যমন্ত্ৰীয়ে বিকল্প চিন্তাৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমত পোষ্ট দিছে ।" সেয়েহে তেওঁ ৰাইজক উত্তেজিত নহ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.