ETV Bharat / state

উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড : ইয়াত পাব পোনপটীয়া লিংক - Assam Direct Recruitment Exam 2024

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 1:23 PM IST

ADRE Admit Card 2024 : ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (এছএলআৰচি) এ 2 ছেপ্টেম্বৰ, 2024 তাৰিখে গ্ৰেড 3 পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই) 2024-ৰ প্ৰৱেশ পত্ৰ জাৰী কৰিছে । ক’ত আৰু কেনেকৈ লাভ কৰিব প্ৰৱেশ পত্ৰ, সবিশেষ জানক এই প্ৰতিবেদনৰ জৰিয়তে ৷

ADRE Admit Card Download
উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড (Getty Images)

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (এছএলআৰচি) সোমবাৰে অৰ্থাৎ 2 ছেপ্টেম্বৰত গ্ৰেড 3 পদৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই) 2024 ৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে । যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ প্ৰৱেশ পত্ৰ আজি দিনৰ 11:00 বজাৰ পৰা ডাউনলোড কৰিব পাৰে । যাৰ বাবে আবেদনকাৰীয়ে তলত উল্লেখিত ধৰণে কামখিনি কৰিব লাগিব ৷

  1. জানিবলগীয়া কথা :-
  • পৰীক্ষাৰ সময়সূচী :

এডিআৰই গ্ৰেড 3 পৰীক্ষা 2024- 15, 22 আৰু 29 ছেপ্টেম্বৰত অসমৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'ব ।

  • পৰীক্ষাৰ ধৰণ :

এ.ডি.আৰ.ই. গ্ৰেড 3 পৰীক্ষা একাধিক বিকল্প প্ৰশ্নৰ (MCQ) ৰ সৈতে ও.এম.আৰ (OMR) আধাৰিত হ'ব । এই পৰীক্ষা অসম, বড়ো, বঙালী, ইংৰাজী তথা হিন্দী ভাষাত অনুষ্ঠিত হ'ব ( প্ৰশ্ন কাকত পঢ়াৰ সুবিধাৰ্থে) ৷

  • এডমিট কাৰ্ড ডাউনলোড :

প্ৰাৰ্থীসকলে অসম চৰকাৰৰ আৰু মাধ্যমিক শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰে ।

অসম চৰকাৰৰ ৱেবছাইট : (https://assam.gov.in/)

অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট : (https://site.sebaonline.org/)

ADRE Admit Card Download
ADRE 2024 এডমিট কাৰ্ড (ETV Bharat)
  • প্ৰমাণপত্ৰ ডাউনলোড :

এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এপ্লিকেচন নম্বৰ আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব ।

  • কেনেদৰে ডাউনলোড কৰিব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা 2024 এডমিট কাৰ্ড ?

পদক্ষেপ 1- অফিচিয়েল ৱেবছাইটলৈ যাওক : https://site.sebaonline.org/ বা https://assam.gov.in/

পদক্ষেপ 2- এডিআৰই এডমিট কাৰ্ড 2024-ৰ বাবে ডাউনলোড লিংকটো বাছনি কৰক ।

পদক্ষেপ 3- আপোনাৰ এপ্লিকেচন নম্বৰ, জন্ম তাৰিখ আৰু পাছৱৰ্ড প্ৰবিষ্ট কৰক ।

পদক্ষেপ 4- আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ছাবমিট বুটামত ক্লিক কৰক ।

পদক্ষেপ 5- পৰীক্ষাৰ দিনৰ বাবে প্ৰৱেশ পত্ৰৰ এটা স্পষ্ট প্ৰতিলিপি প্ৰিণ্ট কৰক ।

ADRE Admit Card Download
ADRE 2024 এডমিট কাৰ্ড (ETV Bharat)

2. মনত ৰাখিব এই কথা :

পৰীক্ষাৰ দিনা পৰীক্ষাগৃহত প্ৰৱেশৰ বাবে বৈধ এডমিট কাৰ্ডৰ সৈতে নিজৰ এখন ফটোগ্ৰাফ এখন লৈ যোৱাটো বাধ্যতামূলক ।

  • কিমানটা পদৰ বাবে এই পৰীক্ষা ?

উল্লেখ্য যে, গ্ৰেড 3 আৰু 4-ত 12,600 টা খালী পদ পূৰণ পূৰণ ৰ বাবে এডিআৰই 2024 (ADRE 2024) অনুষ্ঠিত কৰা হৈছে ।

  • কেতিয়া হ’ব গ্ৰেড 4 ৰ পৰীক্ষা ?

গ্ৰেড ৪ পদৰ পৰীক্ষা অক্টোবৰৰ 27 তাৰিখে অনুষ্ঠিত হ'ব ।

ADRE Admit Card Download
উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড (ETV Bharat)

লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা - ADRE Exam Date

লগতে পঢ়ক : ঐতিহাসিক সিদ্ধান্ত : এ পি এছ চিৰ মূল পৰীক্ষাত অসমীয়াতো থাকিব প্ৰশ্নকাকত - APSC Main Exam

লগতে পঢ়ক : প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম - Recruitment in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.