ETV Bharat / state

সোণাপুৰৰ ঘটনাত কোনো চক্ৰৰ অভিসন্ধি আছে: জি পি সিং - Sonapur eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 6:13 PM IST

Sonapur eviction incident: সোণাপুৰৰ উচ্ছেদস্থলীত হোৱা বেদখলকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । শুকুৰবাৰে উচ্ছেদস্থলী পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য । ইয়াৰ আঁৰত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ সিঙৰ । উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া বিৰোধীৰ ।

Sonapur eviction incident
সোণাপুৰৰ ঘটনাত কোনো চক্ৰৰ অভিসন্ধি আছে (ETV Bharat)

গুৱাহাটী,১৩ ছেপ্টেম্বৰ : সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলত উচ্ছেদৰ সময়ত হোৱা উত্তেজনা আৰু উত্তেজিত লোকে আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ আঁৰত কোনো চক্ৰৰ অভিসন্ধি থকা বুলি মন্তব্য কৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত সংঘটিত উত্তেজনাময় পৰিৱেশৰ পিছত শুকুৰবাৰে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাস্থলীত উপস্থিত হয় ।

উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তর্কিব নোৱাৰি আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন কেইবাজনো আহত হয় । লগতে কেইবাজনো আৰক্ষী আহত হৈছিল । তাৰ পিছত উত্তেজনাময় হৈ পৰে অঞ্চলটো ।

সোণাপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া

জি পি সিঙে কয়,"সোণাপুৰ ৰাজহ চক্ৰৰ কচুতলী অঞ্চল ট্ৰাইবেল বেল্টৰ অন্তৰ্গত । এই অঞ্চলত নিৰ্দিষ্ট সংৰক্ষিত শ্ৰেণীৰ লোকে বসবাস কৰিব পাৰে ।‌ কিন্তু অঞ্চলত বেলেগ মানুহ আহি বসবাস কৰাৰ আৰম্ভ কৰিছিল । এই কথা আমি ৰাজ্য চৰকাৰক অৱগত কৰিছিলো । চৰকাৰে আইনগত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে । সেইমতে আইনগতভাৱে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল । তাৰ পূৰ্বে ৭ দিন মাইকযোগে উচ্ছেদৰ কথা ঘোষণা কৰা হৈছিল ।"

তেওঁ কয়,"৪ দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছিল । কিন্তু কালি হঠাতে একাংশ লোকে হাতে হাতে লাঠি-জোং, তৰোৱাল আদি লৈ আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনৰ দলটোক । আৰক্ষীয়ে আইনগতভাৱে আক্ৰমণকাৰীক বাধা দিয়ে । ঘটনাত দুজন লোক নিহত হয় । কেইবাজনো আহত হয় । আৰক্ষী আৰু প্ৰশাসনৰ ২২-২৩ গৰাকী লোক আহত হৈছে । ইয়াৰে ৭ জনৰ আঘাত গুৰুতৰ ।" তেওঁ কয়,"এই ঘটনাৰ আঁৰত কোনো চক্ৰৰ অভিসন্ধি আছে । কোনো প্ৰতিক্ৰিয়াশীল শক্তি জড়িত আছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । কেইবাজনো লোকক ইতিমধ্যে আটক কৰা হৈছে ।" আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে উচ্ছেদ অভিযানত ৩০০ টা ঘৰ, ১৫১ টা পৰিয়ালক উচ্ছেদ কৰি ২৪২ বিঘা ভূমি‌ মুকলি কৰা হৈছে ।

উচ্ছেদ অভিযানক বিৰোধী ঐক্য মঞ্চৰ গৰিহণা :

সোণাপুৰ উচ্ছেদক লৈ বিৰোধীৰ সমালোচনা (ETV Bharat)

গুৱাহাটীত শুকুৰবাৰে বিৰোধী ঐক্য মঞ্চৰ এখন সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ট্ৰেডিং বিষয়টো আন দিশলৈ নিয়াৰ বাবে সোণাপুৰ উচ্ছেদ আৰম্ভ কৰিছে । আদালতৰ নিৰ্দেশক অৱমাননা কৰি উচ্ছেদ অভিযান কৰা হৈছে । ১৫ দিনৰ আগতে জাননী নিদিয়াকৈ এই মানুহখিনিক সহজে টাৰ্গেট কৰা হৈছে ।"

সোণাপুৰ উচ্ছেদ অভিযান সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয়,"চৰকাৰৰ ভুলৰ বাবে এই ঘটনা হ'ল । চৰকাৰে যিধৰণে উচ্ছেদ কৰিছে তাক সমৰ্থন কৰিব নোৱাৰি । ইমান দিনে একো নকৰিলে । তেওঁলোকক আগতে জাননী দিয়া হোৱা নাছিল নে নাই ? তাত বেদখল কৰা ইমান দিন হ'ল চৰকাৰে কি কৰি আছিল ?"

লগতে পঢ়ক :সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.