ETV Bharat / state

শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 3:36 PM IST

Teachers Day 2024: দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে । এই পৱিত্ৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ শিক্ষকে । বিভিন্ন সমস্যা সমাধানৰ দাবীত দিৱস বৰ্জন কৰিলে অসম কলেজ শিক্ষক সংস্থাই ।

Teachers Day 2024
শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ (ETV Bharat)

সৰুপথাৰ, ৫ ছেপ্টেম্বৰ : আজি শিক্ষক দিৱস । কিন্তু এই বিশেষ দিনটোতে প্ৰতিবাদত নামিল একাংশ শিক্ষক । অসমৰ বিভিন্ন মহাবিদ্যালয়ত শিক্ষক দিৱস বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিলে শিক্ষকসকলে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতিৰ পৰিপন্থী আসোঁৱাহযুক্ত পদোন্নতি আৰু দৰমহা নিৰ্ধাৰণ তথা ২০২৩ চনৰ ৮ নৱেম্বৰত জাৰি কৰা 'OM'ৰ সংশোধনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ শিক্ষকসকলৰ ।

শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰ কলেজ/মহাবিদ্যালয় শিক্ষক গোটেও শিক্ষক দিৱস বৰ্জন কৰে । প্ৰতিবাদৰ জৰিয়তে শিক্ষকসকলৰ প্ৰকৃত অৱস্থাৰ ছবিখন তেওঁলোকে ৰাইজৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰে । প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে স্পষ্ট কৰি দিয়ে যে দৰমহা আৰু পদোন্নতিৰ ব্যৱস্থাক লৈ শিক্ষকসকল সন্তুষ্ট নহয় । অভিযোগ অনুসৰি শিক্ষকসকলৰ পদোন্নতিৰ ক্ষেত্ৰত ২০২৩ চনৰ ৮ নৱেম্বৰত প্ৰকাশ পোৱা কাৰ্যালয় স্মাৰকখনে অসমৰ বিভিন্ন পৰ্যায়ত পদোন্নতি পাবলগীয়া কলেজ শিক্ষকৰ পদোন্নতিত ব্যাপক বেমেজালিৰ সৃষ্টি কৰিছে । তদুপৰি উক্ত কাৰ্যালয় স্মাৰকখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতিৰ পৰিপন্থী বুলিও তেওঁলোকে অভিযোগ কৰে । ইয়াৰ দ্বাৰা অসমৰ গৰিষ্ঠসংখ্যক কলেজ শিক্ষকৰ পদোন্নতিৰ পথ বন্ধ হৈ পৰিব বুলি তেওঁলোকে অভিযোগ কৰে ।

ন্যায্য প্ৰাপ্তিৰ দাবী

প্ৰতিবাদৰ মাজতে এগৰাকী শিক্ষকে কয়," অসম কলেজ শিক্ষক সংস্থাৰ নিৰ্দেশমৰ্মে আজি সৰুপথাৰ কলেজ শিক্ষক গোটে শিক্ষক দিৱসৰ দিনাই এই কাৰ্যসূচী ল'বলগা হোৱা বাবে আমি মৰ্মাহত হৈছো । ৰাইজৰ সন্মুখত শিক্ষকসকলক লাখটকীয়া শিক্ষকৰ অৱস্থান দেখুৱাইছে যদিও আজি শিক্ষকসকলৰ নাজল-নাথল অৱস্থা । আমি মাত্ৰ সন্মান বিচাৰিছো । চৰকাৰক আমি ক'ব বিচাৰো যে আমাক আপোনালোকে অলপ শ্ৰদ্ধাৰ দৃষ্টিৰে চাওক । আমি চৰকাৰক প্ৰতিটো কামতে সহায় কৰো । আমি চৰকাৰক অনুৰোধ জনাইছো- শিক্ষকসকলৰ যিখিনি সমস্যা আছে সমাধান কৰক ।"

লগতে পঢ়ক :মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ - TEACHERS DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.