ETV Bharat / state

'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 1:47 PM IST

Assam CM on CAA : কিমান অবৈধ বাংলাদেশীয়ে অসমত পাব নাগৰিকত্ব ? মুখ্যমন্ত্ৰীৰ মতে লাখৰ তলত; ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মতে ২০ লাখ অবৈধ বাংলাদেশীয়ে পাব নাগৰিকত্ব ।

'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?
'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

গুৱাহাটী, ১৪ মার্চ : অথলে গ’ল CAA-ৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদ । CAA-ৰ বিধি বলৱতৰ পিছত এতিয়া অসমৰ কেইখনমান জিলাই বহন কৰিব লাগিব বৃহৎসংখ্যক অবৈধ বাংলাদেশীৰ বোজা ৷ কিন্তু অসমৰ এই জিলাসমূহে কিমান পৰিমাণে বহন কৰিব লাগিব অবৈধ বাংলাদেশীৰ বোজা ? মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই CAA-ৰ নিয়মাৱলী বলৱতৰ পিছৰ দিনকেইটাত তেনেই নগণ্যসংখ্যক হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্বৰ বাবে আবেদন কৰিব বুলি দাবী কৰি আহিছে ৷

বৃহস্পতিবাৰেও তেওঁ দিছপুৰত এক সংবাদমেলত দাবী কৰে যে অতি কমসংখ্যক অবৈধভাৱে থকা বাংলাদেশী হিন্দু লোকে অসমত আবেদন কৰিব ৷ কেৱল NRC-ত আবেদন কৰাসকলেহে আবেদন কৰিব পাৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে দুদিন পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০ লাখ লোকে যদিহে 'কা'ৰ জৰিয়তে আবেদন কৰে তেনেহ'লে তেওঁ নিজেও ইয়াৰ বিৰোধিতাৰে আন্দোলন কৰিব বুলি ঘোষণা কৰিছিল ।

মুখ্যমন্ত্ৰীয়ে নিজে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত ২ হাজাৰ আৰু বৰাকত অতি বেছি ৫০ৰ পৰা ৮০ হাজাৰমান বাংলাদেশী লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব বুলি মন্তব্য কৰিছিল । আনকি এনআৰচিত নাম বাদ পৰা লোকৰ বাহিৰে নতুনকৈ এজন লোকে আবেদন কৰিলেই মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰিছিল মঙলবাৰে । মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ ভাবাৰ্থ হৈছে, এক লাখৰ আশেপাশে অসমত অবৈধভাৱে থকা হিন্দু বাংলাদেশীয়েহে CAA-ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ৷

কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক লাখৰ আশেপাশে হিন্দু বাংলাদেশীয়ে নাগৰিকত্বৰ বাবে অসমত আবেদন কৰিব বুলি ক’লেও কিন্তু অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য যে ২০ লাখৰো অধিক সন্দেহজনক ভোটাৰ বুলি স্বীকৃত হিন্দু বাংলাদেশীয়ে অসমত CAA-ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব । ভৱেশ কলিতাই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিপৰীতে 'কা'ৰ জৰিয়তে অসমত আশ্ৰয় লাভ কৰি ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলগীয়া বাংলাদেশীৰ সংখ্যা উল্লেখ কৰে ।

বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাৰ মতে, 'কা'ৰ জৰিয়তে প্রায় ২০ লাখ 'ডি' ভোটাৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব । ৰাজ্যিক সভাপতিজনৰ মতে এইসকল লোকে নাগৰিকত্ব লাভ কৰাৰ পাছত আধাৰ কার্ড আৰু চৰকাৰী ৰেচন কার্ডৰো সুবিধা লাভ কৰিব । বুধবাৰে এটা অনুষ্ঠানত ভাগ লোৱাৰ পিছত 'কা' বিৰোধীসকলক কটাক্ষ কৰে প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ তেওঁ মন্তব্য কৰে যে 'কা' বিধি প্রস্তুতৰ ২৪ ঘণ্টা হৈ গ'ল, ক'তো এজনো বিদেশীয়ে প্রৱেশ কৰা নাই । লগতে ভৱেশ কলিতাৰ মন্তব্য যে 'কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰাৰ পিছত এই ১৫-২০ লাখ মানুহে আধাৰ কার্ড আৰু ৰেচন কার্ডো পাব । এই লোকসকলে এতিয়াও ভোট দিয়েই আছে ।

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে চলা ৰাজ্যজোৰা প্ৰবল প্রতিবাদৰ পিছতো CAA-ৰ পৰি বাদ নপৰিল অসম ৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অৱশেষত জাতিধ্বংসী বুলি আখ্যা পোৱা নাগৰিকত্ব সংশোধনী আইনখনৰ বিধি জাৰি কৰে । এতিয়াও ৰাজ্যজোৰা প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰতিবাদ দমনৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ৷ আনকি ফেচবুক পে’জৰ প্ৰতিবাদী পোষ্ট মোহাৰি পেলাবলৈ বাধ্য কৰিছে অসম আৰক্ষীয়ে ৷ মন কৰিবলগীয়া যে 'কা'ৰ জৰিয়তে এতিয়া ইনাৰ লাইন পার্মিট (আই এল পি) থকা অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়, লাগালেণ্ড, মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশত 'কা’ প্ৰযোজ্য নহয় ।

আনহাতে, অসমৰ ষষ্ঠ অনুসূচীৰ অধীনৰ বিটিএডি, ডিমা হাচাও আৰু কাৰ্বি আংলঙত অন্তৰ্ভুক্ত কেইখনমান জিলাত 'কা' প্রযোজ্য নহয় ৷ তাৰ বিপৰীতে বৰাক আৰু ব্ৰহ্মপুত্র উপত্যকাই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো নাগৰিকত্ব লাভ কৰিবলগীয়া হিন্দু বাংলাদেশীৰ বোজা বহন কৰিব লাগিব । এই লৈয়ো এতিয়া ৰাজ্যজুৰি প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ এতিয়া লগতে প্ৰশ্ন উঠিছে, অসমত 'কা'ৰ জৰিয়তে প্ৰকৃতাৰ্থত কিমান সংখ্যাক হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব ? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ১ লাখ নে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কোৱাৰ দৰে ২০ লাখ বাংলাদেশীয়ে লাভ কৰিব নাগৰিকত্বৰ জৰিয়তে অসমত স্থায়ী ঠিকনা ?

লগতে পঢ়ক :CAA কেতিয়াও বাতিল কৰা নহ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.