ETV Bharat / state

অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিব: আবু বক্কৰ ছিদ্দিক - Miya Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 4:48 PM IST

FIR against Shrinkhal Chaliha and Situ Barua : উজনিত ধৰ্মীয় সংখ্যালঘূৰ ওপৰত আক্ৰমণৰ অভিযোগ । শৃংখল চলিহা, চিতু বৰুৱাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ । অসমৰ সম্প্ৰীতি অটুট ৰখাৰ আহ্বান । ৩০ টাকৈ জাতীয় সংগঠনৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ সংখ্যালঘূ সংগঠনটোৰ ।

Asom Sankhyalaghu Sangram Parishad files FIR against leaders of two organisations in Nagaon
উজনিত ধৰ্মীয় সংখ্যালঘূৰ ওপৰত আক্ৰমণৰ অভিযোগ (ETV Bharat Assam)

নগাঁও, ২৬ আগষ্ট : ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । উক্ত ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাতীয় সংগঠনসমূহ । কিন্তু ইয়াৰ মাজতে সৰৱ হোৱা পৰিলক্ষিত হৈছে সংখ্যালঘূ সংগঠনসমূহো । এনে সময়তে দুগৰাকীকৈ জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংখ্যালঘূ সংগঠনে ।

দেওবাৰে সন্ধিয়া নগাঁও সদৰ আৰক্ষী থানাত জাতীয় সংগঠনৰ দুগৰাকী নেতা ক্ৰমে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সংখ্যালঘূ সংগ্ৰাম পৰিষদে । সংখ্যালঘূ সংগঠনটোৰ অভিযোগ অনুসৰি ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ আলম লৈ উজনি অসমত বিভিন্ন কামত নিয়োজিত হৈ থকা ধৰ্মীয় সংখ্যালঘূ লোকৰ উপৰত জাতীয় সংগঠনৰ একাংশ নেতাই আৰম্ভ কৰিছে নানা অত্যাচাৰ ।

আনকি উজনি অসমত বাস কৰি দিন হাজিৰা কৰি খোৱা বহু পৰিয়ালক উজনি অসম ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ কথাও উল্লেখ কৰি ধৰ্মীয় সংখ্যালঘূৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰে সংখ্যালঘূ সংঘঠনটোৱে । অসমত শান্তি-শৃংখলাত ব্যাঘাত জন্মিব পৰা উচটনিমূলক মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষকে আহ্বান জনায় সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে ।

লগতে অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আহ্বান জনায় সংখ্যালঘূ সংগঠনটোৱে । আনহাতে অসমৰ জাতীয় সংঠনৰ সৈতে আলোচনাত বহিবলৈয়ো আগ্ৰহ প্ৰকাশ কৰে সংখ্যালঘূ সংগ্ৰাম পৰিষদ অসমে । লগতে ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে সংখ্যালঘূ সংগঠনটোৱে ।

লগতে পঢ়ক: বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি মিঞা পৰিষদৰ - Miya Muslims Controversy

ধিংকাণ্ড ভুক্তভোগীগৰাকীৰ উচ্চশিক্ষা পৰ্যন্ত দায়িত্ব ল’বলৈ বিচাৰিছে অখিল গগৈয়ে - Dhing Rape Case

বণ্ড চাইন অভিযান: কোন সংগঠনৰ নেতালৈ প্ৰশাসনৰ চমন ? - Bond Sign Campaign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.