ETV Bharat / state

আৰক্ষীৰ বেগত ওলাল অবৈধ মাৰাণাস্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 12:51 PM IST

Mariani Railway Police :মৰিয়নী ৰে’ল আৰক্ষীৰ সফলতা ৷ মৰিয়নী জংচনত অবৈধ পিষ্টলসহ এগৰাকী নগা আৰক্ষী জোৱানক গ্ৰেপ্তাৰ ৰে’ল আৰক্ষীৰ ৷

arrested a policeman with illegal weapons in mariani
আৰক্ষীৰ বেগত ওলাল অবৈধ মাৰাণাস্ত্ৰ

আৰক্ষীৰ বেগত ওলাল অবৈধ মাৰাণাস্ত্ৰ

যোৰহাট, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মৰিয়নী ৰে’ল আৰক্ষীৰ সফলতা ৷ বুধবাৰে নিশা মৰিয়নীত অবৈধ পিষ্টলসহ এগৰাকী নগা আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হয় ৷ মৰিয়নী জংচনত ৰে’ল আৰক্ষীয়ে এটা অবৈধ পইণ্ট টু টু পিষ্টলসহ গ্ৰেপ্তাৰ কৰে নগা আৰক্ষী জোৱান থোৱলাল ঠাকুৰক ৷

জানিব পৰা মতে, নগা আৰক্ষী জোৱান ঠাকুৰৰ ঘৰ বিহৰত ৷ সেয়ে বুধবাৰে বিহাৰলৈ যাবলৈ মৰিয়নী ৰে’লৱে ষ্টেচনত উপস্থিত হৈছিল ৷ কিন্তু ৰে’ল ষ্টেচনৰ প্লেটফৰ্মৰ স্কেনাৰত ধৰা পৰে আৰক্ষী জোৱানজনে যে বেগত লুকুৱাই আনিছে মাৰাণাস্ত্ৰটো ৷

তাৰ পচতে মৰিয়নী ৰে’ল আৰক্ষীয়ে C/S NO 03/2024, U/S- 25(1B)(a) arms act ৰ অধীনত গ্ৰেপ্তাৰ কৰে নগা আৰক্ষী জোৱান ঠাকুৰক ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষী ঠাকুৰে কয়, ‘‘20-25 বছৰৰ পূৰ্বে নাগালেণ্ডৰ পৰা ক্ৰয় কৰিছিলো পিষ্টলটো ৷ 5 হাজাৰ টকাত ক্ৰয় কৰিছিলো ৷ বহুত দিনতে ক্ৰয় কৰি এজনক চলাই থাকিবলৈ দিছিলো ৷ আজি ঘৰলৈ লৈ যোৱাৰ বাবে পিষ্টলটো আনিছিলো’’ ৷ গ্ৰেপ্তাৰ কৰা নগা জোৱানজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মৰিয়নী আৰক্ষীয়ে ৷

উল্লেখ্য যে, নগালেণ্ডৰ সীমান্তৰ পৰা মৰিয়নী নগৰৰ মাজেৰে ৰে’ল ষ্টেচন পোৱাৰ পথত কেইবাটাও অসম আৰক্ষীৰ নাকা তালাচী চলোৱা হয় আৰু তালাচী চকীও আছে ৷ তাৰ পাচতো অস্ত্ৰ সৰবৰাহকাৰীয়ে অনায়াহে সৰবৰাহ কৰি আছে মাৰাণাস্ত্ৰ ৷ ইফালে সৰিয়হৰ ডুলিতে ভূত ওলাল ৷ আৰক্ষী হৈ অবৈধভাৱে সৰবৰাহ কৰিছে মাৰাণাস্ত্ৰ ৷

এতিয়া প্ৰশ্ন হয়, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে নাগালেণ্ডৰ পৰা অসম হৈ বহিঃৰাজ্যলৈ মাৰাণাস্ত্ৰ সৰবৰাহ হয় নেকি !

লগতে পঢ়ক : পেঙেৰী বনাঞ্চলত হঠাৎ কিয় অভিযানত নামিল নিৰাপত্তা বাহিনী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.