ETV Bharat / state

আজিকোপতি শৈলজা বৰগোহাঁইৰ পৰিয়ালৰ খবৰ ল'বলৈ আহৰি নহ'ল জনপ্ৰতিনিধিৰ - Youth dies in Dibrugarh jail

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:18 PM IST

Youth dies in Dibrugarh jail: ন্যায় পাবনে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা‌ শৈলজা বৰগোহাঁইৰ পৰিয়ালে ? কাৰাগাৰৰ অধীক্ষক আৰু বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাচতো নহ'ল তদন্ত । শীঘ্ৰে ভুক্তভোগী পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী স্থানীয় ৰাইজৰ ।

Allegations of not investigating the mysterious death of Shailaja Borgohain
ন্যায় পাবনে শৈলজা বৰগোহাঁইৰ পৰিয়ালে ? (ETV Bharat Assam)

ডিব্ৰুগড়,২৭ জুন: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত যোৱা ১৩ জুনত সংঘটিত ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি‌ হৈছে । ঘটনা অনুসৰি উক্ত দিনা সন্ধিয়া ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা কয়দীক সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গতাই দিছিল পৰিয়ালক । টিংখাঙৰ ২ নং গন্ধীয়া পুৰণি গাঁৱৰ শৈলজা বৰগোহাঁই নামৰ যুৱকজনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰহস্যজনকভাৱে মৃত্যু হৈছিল ।

ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পূৰ্বে কাৰাগাৰলৈ অনা হৈছিল যুৱকজনক । তিনিবছৰ পুৰণি এটা পাৰিবাৰিক ঘটনা সম্পৰ্কীয় গোচৰত আদালতত উপস্থিত নোহোৱাত পুনৰ মৰাণৰ বামুণবাৰী আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পিচত ১৩ জুনত পৰিয়ালে জামিন লৈ কাৰাগাৰৰ পৰা শৈলজা বৰগোহাঁইক নিবলৈ আহিছিল । কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি অৱগত কৰা নাছিল পৰিয়ালক । কেৱল সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই দিছিল মৃতদেহটো ।

কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালে । ঘটনাৰ পাচতে ডিব্ৰুগড় সদৰ থানাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক, বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে । পৰিয়ালৰ অভিযোগ- বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মাৰপিট কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল যুৱকজনক । জেল কৰ্তৃপক্ষই সকলো জানিও সকলো গোপনে ৰাখিছিল ।‌ এই ঘটনাৰ ন্যায় বিচাৰি শৈলজা বৰগোহাঁইৰ নাবালক পুত্ৰ-কন্যাক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল গাঁৱৰ ৰাইজে ।

পিচে প্ৰতিবাদস্থলীত টিংখাং ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান কৰাৰ পাচতো আজিও ঘটনাক লৈ কোনোধৰণৰ তদন্ত আগনাবাঢ়িল । শৈলজা বৰগোহাঁইৰ বাসগৃহত আজিও বিৰাজ কৰিছে শোকাকুল পৰিৱেশ । ঘটনা সংঘটিত হোৱা ১৫ দিন পাৰ হোৱাৰ পাচতো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই পৰিয়ালৰ লোকে । পৰিয়ালটোক ক্ষতিপূৰণৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ।

সন্তান দুটিৰ ভবিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে ককাক-আইতাকৰ লগতে স্থানীয় ৰাইজ । ইফালে, স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই আজিলৈকে পৰিয়ালটোৰ খবৰ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । চৰকাৰ-প্ৰশাসনে যদি ৰাইজৰ দাবীসমূহ মানি নলয় তেন্তে পুনৰ ৰাজপথলৈ ওলাই আহি আন্দোলন কৰাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে । ন্যায় পাবনে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা‌ শৈলজা বৰগোহাঁইৰ পৰিয়ালে ? তাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰশ্ন ।

লগতে পঢ়ক: কেনেকৈ মৃত কয়েদীক উলিয়াই দিলে কাৰাগাৰ কৰ্তৃপক্ষই - DIBRUGARH CENTRAL JAIL

কাৰাগাৰত যুৱকৰ মৃত্যু: আৰক্ষী চকীত গাঁওবাসীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ - Youth dies in Dibrugarh jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.