ETV Bharat / state

দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ: কেইবা কোটি আত্মসাতৰ অভিযোগ ভুক্তভোগীৰ - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 2:00 PM IST

Online Trading Scam in Dergaon : ৰাজ্যত ইটোৰ পিচত সিটো অনলাইন ট্ৰেডিং জালিয়াতিৰ ঘটনা পোহৰলৈ আহিবলৈ ধৰিছে । অনলাইন ট্ৰেডিঙৰ নামত এই প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বিনিয়োগকাৰীসকলে । তাৰ মাজতে এইবাৰ দেৰগাঁৱতো অনুৰূপ ঘটনাৰ বলি হৈছে একাংশ ভুক্তভোগী । ট্ৰেডিঙৰ নামত কেইবা কোটি টকা এজন যুৱকে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । যাৰ বাবে এতিয়া তেওঁলোকে সাঁচতীয়া ধন উদ্ধাৰৰ বাবে আৰক্ষীৰ শৰণাপন্ন হৈছে ।

Online Trading Scam in Dergaon
দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ (ETV Bharat Assam)

গোলাঘাট, ৪ ছেপ্টেম্বৰ : সমগ্ৰ অসমতে ট্ৰেডিঙৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ ঘটনা এতিয়া পোহৰলৈ আহিছে । গুৱাহাটীৰ ডি বি ষ্টকছ, স্বপ্ননীল দাস তথা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ ট্ৰেডিং জালিয়াতিৰ অভিযোগৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱতো ট্ৰেডিঙৰ নামত বহু লোক প্ৰৱঞ্চনাৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

দেৰগাঁৱৰ বৰপুখুৰীপাৰ গাঁৱৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ যুৱকজনে ১০ কোটিৰো অধিক ধন আত্মসাৎ কৰি পলাতক হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ।

দেৰগাঁৱত ধন আত্মসাতৰ অভিযোগ

এই সমগ্ৰ ঘটনা সম্পৰ্কত এজন ভুক্তভোগীয়ে কয়, "আমি প্ৰৱঞ্চনাৰ বলি হ'লোঁ । দেৰগাঁও অঞ্চলত দুশৰো অধিক লোক এই প্ৰৱঞ্চনাৰ বলি হৈছে । মোৰ প্ৰায় ৫ লাখ টকা আত্মসাৎ কৰিছে । মই ভাস্কৰ বৰুৱাৰ পৰিয়ালৰ এজন সদস্য শশাঙ্ক বৰুৱাৰ যোগেদি উক্ত ধন প্ৰদান কৰিছিলোঁ ।"

তেওঁ লগতে কয়, "যোৱা ডেৰ বছৰে তেখেতৰ লগত কোনো যোগাযোগ নাই । এতিয়া আমাৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ আহ্বান জনাইছোঁ ।"

শশাঙ্ক বৰুৱাৰ ভাষ্য

আনহাতে, এই সমগ্ৰ ঘটনা সম্পৰ্কে ভাস্কৰ ভূষণ বৰুৱাৰ আত্মীয় শশাঙ্ক বৰুৱাই কয়, "ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি তেখেতক দিয়া হ'ল । কিন্তু এতিয়া মই যিসকল লোকৰ পৰা ধন সংগ্ৰহ কৰিছিলোঁ তেওঁলোকে সংগ্ৰহ কৰা ধন ঘূৰাই বিচাৰিছে । যাৰ বাবে মই সমস্যাত পৰিছোঁ । তেখেতে অলপ দিন চলাইছিল যদিও তাৰ পাচতে নাইকিয়া হৈ গ'ল । বৰ্তমান তেখেতৰ মোবাইল ফোন বন্ধ হৈ আছে আৰু ঘৰলৈ গ'লে আমাক তিৰস্কাৰ কৰে । যাৰ বাবে এতিয়া আমি আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ । আমি এটাই দাবী কৰো যে আমাক ন্যায় লাগে ।"

তেওঁ লগতে অতি সোনকালে পলাতক ভাস্কৰ ভূষণ বৰুৱাক ধৰাই দিবলৈও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় । ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকসকলে ভাস্কৰ ভূষণ বৰুৱাৰ বিৰুদ্ধে মঙলবাৰে নিশা দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক :শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ: মাষ্টাৰ মাইণ্ড কোন ? - Online Trading Scam
লগতে পঢ়ক :বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.