ETV Bharat / state

পানী নোহোৱা জল জীৱন মিছনৰ নল, ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Corruption

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 1:02 PM IST

CORRUPTION IN JJM : ধোঁৱা চাঙত জলজীৱন মিছন । নল স্থাপন কৰিলে ঠিকেই, পিছে জল জীৱন মিছনৰ নলৰ পৰা নোলাই এটুপিও বিশুদ্ধ পানী । গাঁত খান্দি ৰাইজে সংগ্ৰহ কৰিবলগীয়া হৈছে পানী । পিছে ক'ত সৃষ্টি হৈছে এই পৰিস্থিতি ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Allegations of corruption in Jal Jeevan Mission in Amguri
পানী নোহোৱা জল জীৱন মিছনৰ নল, ৰাইজৰ হাহাকাৰ (ETV Bharat Assam)

আমগুৰি, ১৮ মে’ : "ঘৰে ঘৰে নল, ঘৰে ঘৰে জল"- এই বাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল জল জীৱন মিছন আঁচনি । সমান্তৰালভাৱে ৰাজ্যৰ চুকে-কোণে তীব্ৰ গতিত চলিল এই আঁচনিৰ কাম । ৰাজ্যৰ প্ৰায় প্ৰতিঘৰ লোকৰ চোতালে চোতালে জল জীৱন আঁচনিৰ নল স্থাপন কৰা হ'ল বুলি ভাষণত উল্লেখ কৰিলে মন্ত্ৰী-বিধায়কে । পিছে প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনি ? সেয়া সময়ে সময়ে পোহৰলৈ আহিছে ।

এইবাৰৰ স্থান শিৱসাগৰৰ আমগুৰি । শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰসহনত পৰিণত হৈছে জল জীৱন মিছন । আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বৰাহীবাৰীত জল জীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । জল জীৱন মিচন আঁচনিৰ নল আছে কিন্তু নাই বিশুদ্ধ জল । বৰাহীবাৰী গায়ন গাঁৱৰ শতাধিক পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ নামত হাহাকাৰ কৰিবলগীয়া হৈছে ।

জল জীৱন মিছনৰ পাইপেৰে অহা পানী গাঁত খান্দি সংগ্ৰহ কৰিবলগীয়া হৈছে ৪০ টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ ৰাইজে । বৰাহীবাৰীস্থিত তুৰিমাঝি পানী যোগান আঁচনিৰ অন্তৰ্গত এই পৰিয়ালসমূহে নিশা ১০/১২ বজা পৰ্যন্ত পানী সংগ্ৰহ কৰিব লগা হয় । যি সময়ত ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এনেবোৰ দৃশ্যই আঁচনিখনৰ বিপৰীত ছবি দাঙি ধৰিছে ।

উল্লেখ্য যে, জাঁজীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়াৰ চূড়ান্ত হেমাহিৰ বাবে বৃহত্তৰ বৰাহীবাৰী অঞ্চলৰ বহুকেইখন গাঁও বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে । অঞ্চলটোৰ জনসাধাৰণক উপকৃত কৰিবৰ কাৰণে তুৰিমাঝি পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও দায়িত্ব লাভ কৰা ঠিকাদাৰৰ হেমাহিৰ কাৰণে আঁচনিখন বুমেৰাঙত পৰিণত হ'ল ।

অঞ্চলটোত পৰিয়ালসমূহৰ চোতালত নল স্থাপন কৰিলে যদিও বিসংগতিৰ কাৰণে এটুপিও পানী নোলায় । ফলত অঞ্চলটোৰ ৰাইজে গাঁত খান্দি পানী সংগ্ৰহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । অঞ্চলবাসীৰ এই সমস্যাক গুৰুত্ব দিয়া নাই জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে । শীঘ্ৰে ৰাইজৰ এই সমস্যাৰ সমাধান নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: চিলাপথাৰত জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ - Jal Jeevan Mission Corruption

এবছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল জল জীৱন আঁচনিৰ গৃহ

আমগুৰিত বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজৰ হাহাকাৰ : প্ৰতিবাদ গঞাৰ

কলিয়াবৰত জল জীৱনৰ টেপৰ পৰা নোলায় পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.