ETV Bharat / state

বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 12:49 PM IST

Investment In Stock Market: অনলাইন ট্ৰেডিঙৰ জড়িত থকা অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে নিশা ৰঞ্জিত কাকতি নামৰ আন এটা অভিযুক্তক আটক কৰে ৷ Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহু ব্যক্তিৰ সাঁচতীয়া ধন হৰলুকি কৰাৰ অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে লোকজনক ৷ ধৃত লোকজন ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ ৰঞ্জিত কাকতি বুলি জানিব পৰা হৈছে ৷

Investment In Stock Market
আৰক্ষীৰ জালত ৰঞ্জিত কাকতি (ETV Bharat Assam)

ডিব্ৰুগড়, ৪‌ ছেপ্টেম্বৰ: কোটি কোটি টকাৰ বিশাল সম্পত্তি গঢ়ি বিলাসী জীৱন কটোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা পিছতে মঙলবাৰৰ নিশা সৰ্বসাধাৰণ জনতাত লুণ্ঠন চলোৱা অভিযোগত আন এজন লোকক আটক কৰিছে ডিব্ৰুগড়ত আৰক্ষীয়ে । অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু ব্যক্তিৰ সাঁচতীয়া ধন হৰলুকি কৰাৰ অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে লোকজনক ৷ ধৃত লোকজন ডিব্ৰুগড় জিলাৰ জীৱন ফুকন নগৰৰ ৰঞ্জিত কাকতি বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ লোকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ লাভ কৰাৰ পাচতেই সৰৱ হৈ পৰিছিল অসম আৰক্ষী ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে অভিযান চলাই DB stockৰ নামত দীপাংকৰ বৰ্মনে বিপুল পৰিমাণৰ টকা লুণ্ঠন কৰি পলায়ন কৰাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পাচত সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড়ত অভিযান চলাই বিশাল ফুকন নামৰ আন এটা অভিযুক্তক আটক কৰে ৷

এই সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগত ৰাইজক এইসকল প্ৰৱঞ্চকৰ জালত ভৰি নিদিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাচতেই অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী ৷ আৰক্ষীয়ে ৰাজ্যত চলি থকা অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

ইয়াৰ পাচতেই ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে নিশা অনলাইন ট্ৰেডিঙত জৰিয়তে সৰ্বসাধাৰণ লোকক লুণ্ঠন চলোৱা অভিযোগত ৰঞ্জিত কাকতি নামৰ লোকজনক আটক কৰে ৷ ৰঞ্জিত কাকতিয়ে Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহুলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: আৰক্ষীৰ জালত বিতৰ্কিত বিশাল ফুকন : পলাতক তেওঁৰে ঘনিষ্ঠ এগৰাকী অভিনেত্ৰী ! - Stock Market Investment Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.