ETV Bharat / state

চুমী বৰাৰ বৌৱেকৰ জামিন; নথি লুকুৱাই বৰ্খাস্ত হ’ল অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : 23 hours ago

Additional public prosecutor suspended : ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰখোৱা অভিযুক্তক অন্তৱৰ্তীকালীন জামিন দি বৰ্খাস্ত হ’ল অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা ৷ বৰ্খাস্ত কৰা হৈছে লোক অধিবক্তাৰ কাৰ্যালয়ৰ তিনিজন সহায়ককো ৷

Additional public prosecutor suspended
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : চুমী-বিশাল কাণ্ডৰে সাঙুৰ খাই বৰ্খাস্ত হ’বলগীয়া হৈছে অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈ । ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মীপ্ৰসাদ আচাৰ্যৰ নিৰ্দেশ পিচতে অসম চৰকাৰৰ ন্যায়িক বিভাগৰ এক নিৰ্দেশমৰ্মে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বুধবাৰে অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তাগৰাকীক বৰ্খাস্ত কৰে । কেৱল বিদ্যুৎ বিকাশ গগৈকেই নহয়, লোক অধিবক্তাৰ কাৰ্যালয়ৰ তিনিজন সহায়ককো বর্খাস্ত কৰা হৈছে । বৰ্খাস্ত হোৱা কাৰ্যালয় সহায়ক তিনিজন হ’ল- ব্ৰজেন কুমাৰ নাথ, কমল নাথ আৰু অৰূপ কুমাৰ ডেকা ৷

Additional public prosecutor suspended
অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তাক বৰ্খাস্ত (ETV Bharat Assam)

তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰ্খাস্ত কৰা হৈছে অধিবক্তাগৰাকীক ৷ অনলাইল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ জে’লৰ ভাত খাই থকা চুমী বৰাৰ বৌৱেক জিংকি মিলিয়ে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছিল জামিন । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱর্তীকালীন জামিন পাইছিল জিংকি মিলিয়ে ৷ কিন্তু জিংকি মিলিয়ে জামিন পোৱা বিষয়টোক লৈ প্ৰশ্ন উঠিছিল ৷ লগতে আলোচনাৰ সন্মুখীন হৈছিল অসম চৰকাৰ আৰু আৰক্ষী ৷ ফলত খৰ্গহস্ত হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিচ পোহৰলৈ আহিছিল অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকাৰ কথা ৷

উল্লেখযোগ্য যে, ট্ৰেড কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকনৰ সৈতে এটা ঔষধ কোম্পানী আৰম্ভ কৰিছিল চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী জিংকি মিলিয়ে ৷ চুমী বৰাৰ ভাতৃ আৰু তেওঁৰ পত্নী পলাতক অৱস্থাত আছিল । তাৰ মাজতে উচ্চ ন্যায়ালয়ত অন্তৱর্তীকালীন জামিনৰ আবেদন জনাইছিল চুমীৰ বৌৱেক জিংকি মিলিয়ে । বুধবাৰে ২৫ হাজাৰ টকাৰ ব’ণ্ডত অন্তৰ্ৱতীকালীন লাভ কৰিবলৈ সক্ষম হয় জিংকি মিলিয়ে ৷

তাৰ পিচতেই জিংকি মিলিৰ জামিন সংক্ৰান্তীয় সকলো নথি লুকুৱাই ৰাখি তেওঁক জামিন লাভত সহায় কৰাৰ অভিযোগ উঠে বিদ্যুৎ বিকাশ গগৈৰ বিৰুদ্ধে ৷ বিদ্যুৎ বিকাশ গগৈয়ে লোক ফৰিয়াদী মাখন ফুকনৰ পৰা জামিন সংক্ৰান্তীয় নথিসমূহ কৌশলেৰে আঁতৰাই ৰখাৰ অভিযোগ উঠে ৷ যাৰ বাবে জিংকি মিলিৰ জামিনৰ গোচৰৰ শুনানীত মঙলবাৰে আদালতত উপস্থিত থাকিব নোৱাৰিলে মাখন ফুকন ৷ ইয়াৰ পিচতে বুধবাৰে অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰ্খাস্ত কৰা হয় ।

লগতে পঢ়ক :

মাইনাও ব্ৰহ্মৰ ট্ৰেডিং কেলেংকাৰী; বাক্সা আৰক্ষীয়ে লাভ কৰিছে ১.৯৭ কোটিৰ তথ্য

লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ?

ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.