ETV Bharat / state

অনলাইন মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা: মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ কোন অভিযুক্তই আগবঢ়াইছিল ধন ? - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 7:44 AM IST

Trading FX : অনলাইন মানি ট্ৰেডিঙেৰে কোনে পেলাইছিল জাল ? ডিব্ৰুগড়ৰ ৰেবা আগৰৱালা পথত চুমী বৰাই ডেন্স একাডেমীৰ বাবে ক্ৰয় কৰিছিল অট্টালিকাৰ তৃতীয় মহলা । বিশালৰ ট্ৰেডিং ব্যৱসায়ৰ বৈধতা নিৰীক্ষণৰ প্ৰস্তুতি ।

Investment Scam in Assam
অনলাইন মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা (ETV Bharat Assam)

মৰাণ, ৬ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো হ'ল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই অভিযুক্তসকলক আৰক্ষীয়ে আটক কৰাত হাহাকাৰ লাগিছে গ্ৰাহকৰ ।

ডিব্ৰুগড়ৰ সদৰ থানাত ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা দুজনৰ লগতে আটকাধীন এজনক চলাইছে মাৰাথান জেৰা । ২২ বছৰীয়া বিশাল ফুকন, Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিৰ লগতে আনজন হৈছে অভিজিৎ চন্দ ।

বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ৩১৬/৩১৮ সংলগ্ন ২১/২৩ অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইনৰ জৰিয়তে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে । বুধবাৰে বিশাল ফুকনক আদালতত হাজিৰ কৰাই ৩ দিনৰ নিজৰ জিম্মাত লোৱাৰ পাচতে বুধবাৰে ৰঞ্জিত কাকতিকো ৩ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে ।

ৰঞ্জিত কাকতিক বৃহস্পতিবাৰে সন্ধিয়া আদালতত হাজিৰ কৰোৱাত আদালতে তিনিদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে ।

  • সদৰ থানা চৌহদত ভিৰ কৰিছে গ্ৰাহকে

মঙলবাৰে নিশা ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰা পাচতে বহু ভুক্তভোগীয়ে সদৰ থানা চৌহদত ভিৰ কৰিছে হেৰুওৱা ধন ঘূৰাই পোৱাৰ আশাত । বহু ভুক্তভোগীয়ে ধন হেৰাই কান্দোনত ভাগি পৰাৰ সমান্তৰালভাৱে আন কিছুমানে নিজকে ধিক্কাৰ দিছে ।

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিয়ে বহু এজেন্টক নিয়োজিত কৰি ধন সংগ্ৰহ কৰিছিল ।

  • মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন দিছিল ৰঞ্জিত কাকতিয়ে

গ্ৰাহকক নিজৰ মহানতা দেখুৱাবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন দিছিল ৰঞ্জিত কাকতিয়ে । এইজন প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্তৰ তদন্ত সম্পৰ্কত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এতিয়াও কোনো তথ্য ৰাজহুৱা কৰা নাই । আনহাতে, ২২ বছৰীয়া বিশাল ফুকনৰ কোটি কোটি টকাৰ লুন্ঠনৰ কাহিনী পোহৰলৈ আনিবলৈ ডিব্ৰুগড়ৰ শীৰ্ষ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

  • বিশালৰ বেংক একাউন্ট ছীল কৰাৰ বাবে তথ্য় প্ৰেৰণ

বিশালৰ পৰা সংগ্ৰহ কৰা বিভিন্ন সামগ্ৰী, নথি-পত্ৰ আদালতত আৰক্ষীয়ে দাখিল কৰে । বিশাল ফুকনৰ বেংক একাউন্টসমূহ ছীল কৰাৰ বাবে ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । আৰক্ষী সূত্ৰ মতে, আৰক্ষীয়ে বিশেষজ্ঞৰ সহায় ল'ব বিশালৰ ট্ৰেডিং ব্যৱসায়ৰ বৈধতা নিৰীক্ষণৰ বাবে । বিশালে জেৰাত উল্লেখ কৰা তথ্য সত্যাসত্য নিৰূপনৰ বাবে আৰক্ষীয়ে চেষ্টা কৰি আছে ।

  • আৰক্ষীৰ ওচৰত তথ্য নাই চুমীৰ

ইফালে বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ সহযোগী অভিনেত্ৰী চুমী বৰা আজিও পলাতক । ডিব্ৰুগড় আৰক্ষীৰ ওচৰত কোনো তথ্য নাই বুলি জানিবলৈ দিছে । আনহাতে, বুধবাৰে চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰাক সদৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পাচতো বৃহস্পতিবাৰে হাজিৰ নহ'ল । চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা পলাতক বুলি সদৰী কৰিছে আৰক্ষীয়ে ।

  • চুমীৰ বিলাসী ডেন্স একাডেমী

বিশাল ফুকনে আৰক্ষীক দিয়া তথ্য অনুসৰি ডিব্ৰুগড়ৰ ৰেবা আগৰৱালা পথত চুমীয়ে খুলিবলৈ লোৱা নিৰ্মীয়মান বিলাসী ডেন্স একাডেমীৰ তথ্য সত্য প্ৰমাণ হৈছে । বহু বিলাসীতাৰে নিৰ্মাণ কৰা হৈছে এটা অট্টালিকাৰ তৃতীয় মহলাটোত হ'ব লগীয়া ডেন্স একাডেমীখন ।

স্থানীয় লোকৰ মতে, নিৰ্মীয়মান স্কুলখন চাবলৈ ৩ বাৰকৈ আহিছিল চুমী, এবাৰ আহিছিল বিশালো । আনহাতে, বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰা অভিজিৎ চন্দক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । অভিজিতে বিশাল ফুকনৰ এজেন্ট হিচাপে কাম কৰি বহু গ্ৰাহক গোতাই দি কমিছন লৈছিল বুলি শেহতীয়াকৈ কিছু তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক:নগাঁৱতো ট্ৰেডিঙৰ ‘বিশাল জাল’ আন এক বিশালৰ : নেপথ্যত কোন কোন ? - Investment Scam in Assam

অনলাইন ট্ৰেডিং জালিয়াতি: তিনিচুকীয়াৰ অভিজিতৰ চিকাৰ আছিল নামী-দামী ব্যক্তি - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.