ETV Bharat / state

ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন অৱসৰপ্ৰাপ্ত শিক্ষকৰ - SUCCESSFUL FARMER - SUCCESSFUL FARMER

Dragon fruit farming: এজন অৱসপ্ৰাপ্ত শিক্ষকে নীৰৱে চলাই গৈছে কৃষি বিপ্লৱ । ড্ৰেগন ফলৰ খেতিৰে আনৰ বাবে স্বাৱলম্বিতাৰ আদৰ্শ দেখুৱাইছে জোনাইৰ চুক্ৰধৰ বসুমতাৰী নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে । বিগত দুটা বছৰে কৰি আহিছে ড্ৰেগন ফলৰ খেতি ।

A retired teacher's example of self-reliant by cultivating dragon fruit in Jonai
স্বাৱলম্বিতাৰ নিদৰ্শন অৱসৰপ্ৰাপ্ত শিক্ষকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:48 AM IST

জোনাই,১৯ জুলাই: স্বাৱলম্বী হোৱাৰো আছে অনেক উপায় । তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে জোনাইৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে । চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও কৰ্ম-সংস্কৃতিৰ পৰা অৱসৰ গ্ৰহণ নকৰা জোনাইৰ ৩ নং মূৰ্কংচেলেকৰ চুক্ৰধৰ বসুমতাৰীয়ে দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ৷

স্বাৱলম্বিতাৰ নিদৰ্শন অৱসৰপ্ৰাপ্ত শিক্ষকৰ (ETV Bharat Assam)

এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০২০ চনতে অৱসৰ গ্ৰহণ কৰা চুক্ৰধৰ বসুমতাৰীয়ে অৱসৰৰ পিচতে লোক চক্ষুৰ আঁৰত নীৰৱে ড্ৰেগন ফলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ আন এক নিদৰ্শন । বিগত ২০২২ চনৰ পৰা ঘৰৰ পৰা কিছু নিলগত থকা নিজা কৃষি উপযোগী মাটিত চুক্ৰধৰ বসুমতাৰীয়ে সম্পূৰ্ণ জৈৱিক আৰু বিজ্ঞান সন্মতভাৱে কৰিছে আঠটা প্ৰজাতিৰ প্ৰায় ১৩০০ জোপা ড্ৰেগন ফলৰ পুলি ৰোপন কৰে ।

অৱসৰপ্ৰাপ্ত শিক্ষক চুক্ৰধৰ বসুমতাৰীয়ে ড্ৰেগন খেতিৰ কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ YouTube ৰ পৰা শিকিয়েই আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতি । প্ৰায় দুবছৰৰ পূৰ্বে এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি এতিয়া ড্ৰেগন ফল বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে ড্ৰেগন ফলৰ খেতিত মাজে সময়ে অন্য লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ।

বৰ্তমান তেওঁ স্থানীয় বজাৰত প্ৰতি কিলো ড্ৰেগন ফলত ৩০০ টকাকৈ বিক্ৰী কৰি আৰ্থিকভাৱে বহু পৰিমানে উপকৃত হৈছে বুলি জানিবলৈ দিয়ে । সম্পূর্ণ জৈৱিক পদ্ধতিৰে এই ড্রেগন ফলৰ খেতি কৰি নিজে কিছু স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ লগতে আনকো কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হোৱা অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: ৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ? - Dhoniram chetia

কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ ৰবিকান্ত - Bhut jolokia cultivation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.