ETV Bharat / state

চিকিৎসালয়ৰ আৱাসত চৰকাৰী চিকিৎসকৰ আত্মহত্যা - Doctor Commits Suicide

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 2:09 PM IST

Government Hospital Doctor Commits Suicide: চিকিৎসালয়ৰ চৰকাৰী আৱাসগৃহৰ ফেনত চিপজৰী আত্মহত্যা চিকিৎসকৰ ৷ মৃত চিকিৎসকজন সাপেখাতীৰ কুঁৱৰীপথাৰৰ মণি তামাং ৷ সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰূপে নিয়োজিত হৈ আছিল মণি তামাং ৷

Government Hospital Doctor Commits Suicide
চৰাইদেউৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ আৱাসত চিকিৎসকৰ আত্মহত্যা (Etv Bharat Assam)

ডিব্ৰুগড়, ২৫ জুলাই: চৰাইদেউ জিলাৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ আৱাসত এগৰাকী চিকিৎসকৰ আত্মহত্যাৰ ঘটনাই অঞ্চজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিকিৎসালয়খনৰ চৰকাৰী আৱাসগৃহৰ ফেনত চিপজৰী আত্মহত্যা কৰে চিকিৎসকজনে ৷ মণি তামাং নামৰ চিকিৎসকগৰাকীৰ আত্মহননৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ বিগত কেইবাবছৰ ধৰি সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰূপে নিয়োজিত হৈ আছিল মণি তামাং ৷

উল্লেখ্য যে, চৰাইদেউ জিলাৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসক নিয়োগৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজ আৰু দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে । চিকিৎসালয়খনত চিকিৎসকৰ সংখ্যা কম হোৱা বাবে প্ৰতিদিনে ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিব লগা পৰিবেশ সৃষ্টি হৈ আহিছে । ইয়াৰ মাজতে বুধবাৰে নিশা‌ চিকিৎসালয়খনৰ চৰকাৰী আৱাসগৃহত চিকিৎসকজনে আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ চিকিৎসকগৰাকীয়ে কিয় এই সিদ্ধান্ত ল'লে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: ধুবুৰীৰ দুমৰদহ তৃতীয় খণ্ড গাঁৱত চাঞ্চল্য : ভিনিহিয়েকৰ অত্যাচাৰত খুলশালীয়েকৰ চৰম পন্থা গ্ৰহণ - Suicide Case in Dhubri

জানিব পৰা মতে, বুধবাৰে বিয়লিলৈকে নিজৰ দায়িত্ব পালন কৰিছিল চিকিৎসকগৰাকীয়ে । ইয়াৰ পাছত নিশা তেওঁৰ স্বামীয়ে কেইবাবাৰো তেওঁক মাতি কোনো প্ৰত্যুত্তৰ নাপাই দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু ফেনত ওলমি থকা অৱস্থাত মণি তামাঙক প্ৰত্যক্ষ কৰে । তেওঁ লগে লগে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাচতেই নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ লিখি আত্মঘাতী হ’ল আই এ এছ বিষয়াৰ পত্নী - Suicide note addressed to CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.