একে নিশাই 14 টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ - CYBER CRIMINAL ARRESTED - CYBER CRIMINAL ARRESTED
Cyber criminal arrested in morigaon: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ কেবাটাও স্থানৰ পৰা আটক 14 চাইবাৰ অপৰাধীক ৷ বৃহৎ পৰিমাণৰ চিম কাৰ্ড, ম’বাইলকে ধৰি আপত্তিজনক সামগ্ৰী জব্দ ৷


Published : May 15, 2024, 7:13 PM IST
মৰিগাঁও, 15 মে’: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা । মংগলবাৰৰ নিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত 16 টা বিশেষ আৰক্ষীৰ দলে গুৱাহাটীৰ হেঙৰাবাৰী, মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰী আৰু ভূৰাগাঁৱত অভিযান চলাই 14 টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বুধবাৰে এক সংবাদমেল সম্বোধন কৰি অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে এই তথ্য ।
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটাৰ ভিতৰত তিনিটা পূৰ্বৰ পৰাই চাইবাৰ অপৰাধত জড়িত আছিল । চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত আটাবুৰ ৰহমানে পুনৰ ন ন কৌশল অৱলম্বন কৰি এনে কাৰ্যত লিপ্ত হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটাৰ পৰা 396 খন চিম কাৰ্ড, 25 খন এটিএম কাৰ্ড, 14 খন চেকবুক, 3 টা লেপটপ, 34 টা দামী মোবাইল ফোন, 11 খন ভুৱা পেন কাৰ্ড, 2 টা প্ৰিন্টাৰ মেচিন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । গ্ৰেপ্তাৰ কৰা অপৰাধীকেইটাৰ ভিতৰত জুৱেৰ আহমেদ নামৰ এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পুত্ৰও আছে বুলি জানিব পৰা গৈছে ।
গ্ৰেপ্তাৰ কৰা অপৰাধীকেইটা হৈছে- আটাবুৰ ৰহমান, নেকিবুৰ ৰহমান, ইনামুল হক, মতিবুৰ ৰহমান, কাব্বাল হুছেইন, আক্ৰামুল হক, আয়ুৱ ৰিহান ছিদ্দিকি, আবজুলাৰ ৰহমান, মেহদী আলম, ছামিম আহমেদ, ৰেকিবুল ইছলাম, জুবেৰ আহমেদ আৰু আশ্ৰাদুল্লাহ ।
উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান সময়লৈকে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত প্ৰায় দুই শতাধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়়ক: সন্তান শিক্ষানুষ্ঠানলৈ যোৱাৰ পিচতে হোৱাটছএপ যোগে আপোনালৈ আহিব পাৰে ভয়ংকৰ ফোনকল - Cyber Crime in Assam