ETV Bharat / state

এমাহতেই ধেমাজিত ১২৫০০ জীৱ-জন্তুক চিকিৎসা প্ৰদান - ASSAM FLOOD 2024 - ASSAM FLOOD 2024

Dhemaji Veterinary Department : ধেমাজি জিলাত বানপানীত উটিল ২১টা গো-ধন । পানী শুকালেও ৭খন ভ্ৰাম্যমাণ বাহন লৈ সষ্টম ধেমাজি জিলা পশু চিকিৎসা বিভাগ ।

Dhemaji Veterinary Officer
ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 1:35 PM IST

ধেমাজি, ৫ আগষ্ট : যোৱা মাহত দুটাকৈ প্ৰলংকৰী বানে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো তাণ্ডব চলাই বিস্তৰ ক্ষতিসাধন কৰে ৷ জিলাখনত বানত পথাৰৰ খেতিকে ধৰি কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছে । কেইবাটাও পোহনীয়া জীৱ-জন্তুৰ মৃত্য়ু হৈছে ৷ এই বিষয়ে সদৰী কৰিছে ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ গিৰিণ শইকীয়াই ।

ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া (ETV Bharat Assam)

এইক্ষেত্ৰত ধেমাজি জিলা পশু পালন বিভাগে সদৰী কৰা তথ্য মতে, জিলাখনত হোৱা প্ৰথমটো প্ৰলংকৰী বানত চিচিবৰ গাঁও ৰাজহ চক্ৰত ২১ টা গৰু পানীয়ে উটুৱাই নিয়ে ৷ ইয়াৰে ভিতৰত আছে ৯ জনী গাই আৰু ১২টা হালোৱা গৰু ৷ একেদৰে দ্বিতীয়টো বানত চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অধীনৰ নিলখৰ কৈলাশপুৰত ৪ টা গাহৰিৰ মৃত্যু হয় ৷

এতিয়ালৈকে জিলাখনত ৩৪,৩১৪ টা গৰুৰ বাবে মুঠ ২৪০২.৫৭৯ কুইন্টল পশুখাদ্য যোগান ধৰা হৈছে ৷ পশুধনৰ বাবে ইতিমধ্যে ৩১ টা পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি মুঠ ১২,৫০০ টা জীৱ-জন্তুক চিকিৎসা প্ৰদান কৰা হৈছে ৷ ইয়াৰে ভিতৰত ৩০২০ টা জীৱ-জন্তুক টীকাকৰণ কৰা হৈছে ।

জিলাখনৰ ১৮ টা পৰিয়ালৰ পশুধনৰ ক্ষতিপূৰণৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট উৰ্ধতম কৰ্তৃপক্ষক লিখিত হিচাপে অৱগত কৰা হৈছে বুলি ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ গিৰিণ শইকীয়াই উল্লেখ কৰিছে ৷

উল্লেখ্য যে, এছডিআৰএফৰ নিৰ্ধাৰিত মান অনুযায়ী মৃত্যু হোৱা এজনী গাই গৰুৰ বাবদ ৩৭,৫০০ টকা আৰু হালোৱা হ’লে ৩২ হাজাৰ টকা আৰু গাহৰি, হাঁহ-কুঁকুৰা আদি সৰু পশুধনৰ ক্ষেত্ৰত ৪০০০ টকাকৈ ক্ষতিপূৰণ লাভ কৰিব ৷ বৰ্তমান পানী শুকালেও ধেমাজি জিলা পশু চিকিৎসা বিভাগটো ৭ খন ভ্ৰাম্যমাণ বাহন লৈ সম্পূৰ্ণ সষ্টম হৈ থকাৰ লগতে বিভাগটোত পৰ্যাপ্ত পৰিমানৰ ঔষধ মজুত থকা বুলি সদৰী কৰে জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক:নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা - Assam Flood 2024

জোনাইত লালী-ব্ৰহ্মপুত্ৰৰ কালৰূপ, ২৮ শ গাঁও বানৰ কবলত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.