ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪; অনুশীলন মেচৰ পূৰ্বে ভাৰতীয় দলত যোগদান মেচ বিৰাট কোহলীৰ - T20 World cup 2024 - T20 WORLD CUP 2024

Ind vs BAN Practice Match : ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে অনুশীলন মেচৰ পূৰ্বে নিউয়ৰ্কত উপস্থিত হয় । কোহলীয়ে শনিবাৰে অনুশীলন মেচত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

Ind vs BAN Practice Match
বিৰাট কোহলী (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:24 AM IST

স্পৰ্টছ ডেস্ক, ১ জুন : অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাথোঁ এটা দিন । বহু প্ৰতীক্ষিত টি-২০ বিশ্বকাপৰ ৰণশিঙা বাজিব দেওবাৰে । তাৰ পূৰ্বে ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে কেতিয়া নিউয়ৰ্কত উপস্থিত হ'ব আৰু দলত যোগদান কৰিব তাকে লৈ অনুৰাগীসকল চিন্তিত হৈ পৰিছিল ।

পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিৰুদ্ধে প্ৰস্তুতি মেচখনৰ পূৰ্বে কোহলী নিউয়ৰ্কত উপস্থিত হৈছে । এতিয়া মাথোঁ অপেক্ষা যে বিৰাট কোহলীক শনিবাৰে নিশা ৮ বজাত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া অনুশীলন মেচখনত বেট হাতত লোৱা দেখা যাবনে নাই সেয়া প্ৰত্যক্ষ কৰিবলৈ ।

প্ৰাপ্ত বাতৰি অনুসৰি, 16 ঘণ্টাৰ যাত্ৰাৰ অন্তত বিৰাট কোহলীয়ে বিশ্ৰাম ল'বও পাৰে । সেয়েহে বাংলাদেশৰ বিৰুদ্ধে হয়তো তেওঁৰ প্ৰথমখন মেচ খেলাটো কঠিন হ'ব পাৰে । আনহাতে, কোহলীৰ পূৰ্বে ভাৰতীয় দলৰ সকলো সদস্য ইতিমধ্যে আমেৰিকাত উপস্থিত হৈছিল ।

প্ৰথমতে দলটোৰ অধিনায়ক ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, শিৱম দুবে, ঋষভ পণ্ট, খলিল আহমেদ, যশপ্ৰীত বুমৰাহ উপস্থিত হয় । তাৰ পিচত ২৭ মে'ত যশস্বী জয়ছোৱাল, আবেশ খান আৰু যুজবেন্দ্ৰ চাহাল উপস্থিত হয় ।

আনহাতে, উইকেটৰক্ষক সঞ্জু চেমছনে ডুবাইৰ পৰা নিজৰ কাম সমাধা কৰাৰ পিচত আমেৰিকাত উপস্থিত হয় । ইয়াৰ উপৰি ৰিজাৰ্ভ খেলুৱৈ ৰিংকু সিঙেও বৃহস্পতিবাৰে দলটোত যোগদান কৰে । মেন ইন ব্লুৱে ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব । তাৰ পিচত ৯ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন বহু প্ৰতীক্ষিত মেচখন অনুষ্ঠিত হ'ব । ৰোহিত বাহিনীয়ে লীগৰ তৃতীয়খন মেচ ১২ তাৰিখে আৰু অন্তিমখন মেচ ১৫ জুনত খেলিব ।

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপত মুঠ 20 টা দলে অংশগ্ৰহণ কৰিছে । ইয়াৰে ভিতৰত এটা গ্ৰুপত 5 দলেৰে মুঠ 4 টা গ্ৰুপত বিভক্ত কৰা হৈছে । আনাহাতে, উগাণ্ডা, পাপুৱা নিউগিনিয়ে বিশ্বকাপত অভিষেক ঘটাব ।

লগতে পঢ়ক :বিৰাট কোহলীৰ পিচত টি-২০ ত ৪০০০ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত বাবৰ আজম - BABAR AZAM 4000 T20I RUNS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.