ETV Bharat / sports

দুলীপ ট্ৰফীৰ পৰা বাহিৰ কেইবাগৰাকীও খেলুৱৈ: বিচিচিআইৰ নতুন ঘোষণা - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 5:20 PM IST

Duleep Trophy replacement announced: সন্মানীয় দুলীপ ট্ৰফীৰ পৰা বাহিৰ হৈছে কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ ৷ বিবৃতিযোগে এই কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ৷ বাদ পৰা খেলুৱৈসকলৰ স্থানত অন্তৰ্ভুক্ত হৈছে নতুন খেলুৱৈ ৷ চাওক এই তালিকাত আছে কাৰ কাৰ নাম ৷

DULEEP TROPHY 2024
ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ আৰু উমৰাণ মালিক (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দুলীপ ট্ৰফীৰ বাবে নিৰ্ধাৰিত দলত কিছু সালসলনি ঘটাইছে ৷ এই সালসলনিৰ ফলত দলটোৰ পৰা বাহিৰ হৈছে কেইবাগৰাকীও খেলুৱৈ ৷ যাৰ ভিতৰত আছে - তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ আৰু উমৰাণ মালিকৰ নাম ৷ 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফীৰ খেলসমূহ ৷

বি চি চি আইয়ে প্ৰকাশ কৰা অনুসৰি, চিৰাজ আৰু মালিকক শাৰিৰীক অসুস্থতাৰ হেতু দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই । আনহাতে, জাদেজাৰ দলৰ পৰা বাদ পৰাৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰদানৰ পৰা বিৰত আছে ব’ৰ্ড ৷ আনকি খেলুৱৈগৰাকীৰ স্থানত কোনো নতুন খেলুৱৈক বৰ্তমানলৈকে স্থান দিয়া হোৱা নাই ৷

বি চি চি আইয়ে কৰিছে এই ঘোষণা

বি চি চি আইৰ সচিব জয় শ্বাহে এক বিবৃতিত কয়, "পেচাৰ নৱদীপ চাইনীয়ে মহম্মদ চিৰাজৰ স্থান ল’ব, সম্প্ৰতি চিৰাজ বি দলত আছে ৷ আনহাতে, গৌৰৱ যাদৱে উমৰণ মালিকৰ স্থানত টীম চি-ত অন্তৰ্ভুক্ত হ’ব । চিৰাজ আৰু মালিক দুয়ো সম্প্ৰতি অসুস্থ হৈ আছে আৰু দুলীপ ট্ৰফীৰ খেলসমূহৰ বাবে সময়ত সুস্থ হৈ উঠিব বুলি আশা কৰা হোৱা নাই" ৷

শ্বাহে লগতে কয়, "অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাকো বি দলৰ পৰা বাদ দিয়া হৈছে" ৷

চলিত বৰ্ষৰ দুলীপ ট্ৰফী প্ৰতিযোগিতাখন 5 ছেপ্টেম্বৰৰ পৰা অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ আৰু বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব । বি চি চি আইয়ে এইটোও প্ৰকাশ কৰিছে যে, সন্মানীয় প্ৰতিযোগিতাখনত নীতিশ কুমাৰ ৰেড্ডীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ বাবে 4 টা দলৰ সংশোধিত দলবোৰ নিম্নলিখিত ধৰণৰ:-

  • ভাৰত এ: শুভমন গিল(অধিনায়ক), ময়ংক আগৰৱালা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), কে এল ৰাহুল, তিলক বাৰ্মা, শিৱম দুবে, তনুশ কোটিয়ান, কুলদীপ যাদৱ, আকাশদীপ, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, আবেশ খান, বিদ্বাথ কাভেৰাপ্পা, কুমাৰ কুশাগ্ৰা আৰু শাশ্বত ৰাৱট ৷
  • ভাৰত বি: অভিমন্যু ঈশ্বৰণ(অধিনায়ক), যশস্বী জয়ছোৱাল, চৰফৰাজ খান, ঋষভ পন্ত(উইকেটকীপাৰ), মুছিৰ খান, নীতিশ কুমাৰ ৰেড্ডী*, ৱাশ্বিংটন সুন্দৰ, নৱদীপ চাইনী, যশ দয়াল, মুকেশ কুমাৰ, ৰাহুল চাহাৰ, আৰ চাই কিশোৰ, মোহিত অৱস্থী, ন জগদীচন(উইকেটকীপাৰ) ৷
  • ভাৰত চি: ৰুতুৰাজ গায়কোৱাড়(অধিনায়ক), ছাই সুধাৰচান, ৰজত পাতিদাৰ, অভিষেক পোৰেল(উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, বি ইন্দ্ৰজিৎ, হৃত্বিক শোকিন, মানৱ সুথৰ, গৌৰৱ যাদৱ, বিশক বিজয়কুমাৰ, অংশুল খাম্বোজ, হিমাংশু চৌহান, ময়ংক মাৰ্কণ্ডে, আৰিয়ান জুয়েৰ(উইকেটকীপাৰ), সন্দীপ ৱাৰিয়ান(উইকেটকীপাৰ)
  • ভাৰত ডি: শ্ৰেয়ছ আয়াৰ(অধিনায়ক), অথৰ্ব টাইড, যশ দুবে, দেৱদত্ত পডিক্কাল, ঈশান কিষাণ(উইকেটকীপাৰ), ৰিকী ভুই, সাৰাংশ জৈন, অক্ষৰ পেটেল, অৰ্শদীপ সিং, আদিত্য ঠাকৰে, হৰ্ষিত ৰাণা, তুষাৰ দেশপাণ্ডে, আকাশ সেনগুপ্তা, কে এছ ভাৰত(উইকেটকীপাৰ) আৰু সৌৰভ কুমাৰ ।

লগতে পঢ়ক: "মোক নিৰ্বাচিত কৰা নাছিল কাৰণ"- দিলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ পিছত ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া - DULEEP TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.