ETV Bharat / sports

শতিকা পুৰণি ডুৰাণ্ড কাপ টুৰ্ণামেণ্টৰ ট্ৰফী উন্মোচন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ - DURAND CUP TROPHY TOUR

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 7:59 PM IST

Indian Football : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 10 জুলাইত প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল অনিল চৌহান, সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু নৌসেনা প্ৰধান এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ সৈতে ডুৰাণ্ড কাপ ট্ৰফী উন্মোচনৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰতীয় ফুটবলৰ অংশীদাৰসকলক দেশত ক্ৰীড়াৰ উন্নতিৰ হকে একেলগে কাম কৰিবলৈ আহ্বান জনায় ৷

DURAND CUP TROPHY TOUR
ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (ANI)

নেশ্যনেল ডেস্ক, 10 জুলাই : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে শতিকা পুৰণি ডুৰাণ্ড কাপ টুৰ্ণামেণ্টৰ ট্ৰফী উন্মোচনৰ শুভাৰম্ভ কৰে ৷ মুৰ্মুৱে ভাৰতীয় ফুটবলৰ অংশীদাৰসকলক দেশৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ হকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় ৷

ভাৰতীয় ফুটবল দলটোৱে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত যোৱা কেইসপ্তাহমান ধৰি ভাৰতীয় ফুটবলত অস্থিৰতাৰ সৃষ্টি হয় ৷ লগতে দলটোৰ প্ৰশিক্ষক ইগৰ ষ্টিমাক বৰ্খাস্ত কৰা হয় ৷

লগতে পঢ়ক: বিশ্বকাপ কোৱালিফায়াৰ মেচত বিতৰ্কিত গ'ল; ফিফা-এএফচিলৈ পত্ৰ ভাৰতীয় ফুটবল ফেডাৰেচনৰ - FIFA WC 2026 Qualifier

এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 133 সংখ্যক ছিজনৰ খেলসমূহ 27 জুলাইৰ পৰা আৰম্ভ হ’ব ৷ এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব ভাৰতৰ চাৰিখন চহৰত ৷ এই চাৰি চহৰ হৈছে ক্ৰমে পশ্চিমবংগৰ কলকাতা, অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰ ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, ফুটবল হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল । পেছাদাৰী ফুটবল খেলুৱৈসকলে মানুহক মনোৰঞ্জন প্ৰদান কৰে ৷ বৰ্তমান সময়ত আন এক ফুটবল প্ৰতিযোগিতা ইউৰো 2024 চলি আছে ৷ বিশ্বৰ সকলো কোণৰে ফুটবলপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ থকা এই প্ৰতিযোগিতাৰ খবৰসমূহো আছে সংবাদ শীৰ্ষত ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দেশৰ সকলো অংশীদাৰে ভাৰতত ক্ৰীড়াৰ উন্নতিৰ বাবে একেলগে কাম কৰা উচিত বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক: ৰেফাৰীৰ পক্ষপাতমূলক ভূমিকাত স্বপ্নভংগ ভাৰতীয় ফুটবল দলৰ - India in FIFA WC Qualifier

মুৰ্মুৱে দেশৰ ফুটবল পৰম্পৰাত 1884 চনৰ পৰা 1894 চনলৈ ভাৰতৰ বৈদেশিক সচিব ছাৰ হেনৰী মৰ্টিমাৰ ডুৰাণ্ডৰ নামেৰে নামাকৰণ কৰা ডুৰাণ্ড কাপৰ অৱদানৰ কথা সোঁৱৰাই দিয়ে । 1888 চনত প্ৰথমবাৰৰ বাবে চিমলাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে ই ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা আৰু ই 135 বছৰতকৈও অধিক পুৰণি বুলি সদৰী কৰে ৷

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে 1950 চনত ডুৰাণ্ড কাপ বিজয়ীসকলক প্ৰেচিডেণ্টছ কাপ প্ৰদান কৰিছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে ৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে ট্ৰফীসমূহ উন্মোচন কৰাৰ সময়ত প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল অনিল চৌহান, সেনাপ্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু নৌসেনা প্ৰধান এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীও উপস্থিত আছিল ।

ভাৰতীয় সেনাই তিনিটা সেৱাৰ হৈ আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন(এআইএফএফ) ৰ অধীনত ডুৰাণ্ড কাপৰ আয়োজন কৰে । চিমলাত উদ্বোধনী সংস্কৰণৰ পিছত প্ৰতিযোগিতাখন 1940 চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয় ৷ য’ত 2016 চনলৈকে এই প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হৈছিল । 2019 চনত প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত কৰা হয় ৷ তাৰপাছতে ভাৰতীয় ফুটবলৰ মক্কা খ্যাত কলকাতা ঘৰুৱা খেলপথাৰ হৈ পৰে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ সৰ্বাধিক গ’ল সংগ্ৰাহক হিচাপে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্ত কৰা কিংবদন্তি ভাৰতৰ ফুটবলাৰ আৰু ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে তেওঁক কেনেকৈ "আৱিষ্কাৰ" কৰা হৈছিল আৰু 2002 চনত দিল্লী ক্লাব চিটি এফ চিৰ হৈ ডুৰাণ্ড কাপত খেলাৰ পিছত ৰাষ্ট্ৰীয় চৰ্চালৈ আহিছিল, তাক পূৰ্বতেই সদৰী কৰিছে ।

লগতে পঢ়ক: দৰ্শকে আৰু খেলপথাৰত দেখিবলৈ নাপাব সুনীল ছেত্ৰীৰ দুভৰিৰ যাদু - Sunil Chhetri Announces Retirement

চলিত বৰ্ষৰ 27 জুলাইৰ পৰা 31 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত 24 টা দলে অংশগ্ৰহণ কৰিব । এই দলসমূহক ছয়টা গোটত বিভক্ত কৰা হ'ব । গ্ৰুপ টপাৰ আৰু দ্বিতীয় স্থানত থকা দুটা শ্ৰেষ্ঠ দলে নকআউট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ফাইনেলখন কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ'ব ।

ইণ্ডিয়ান চুপাৰ লীগৰ দল মোহন বাগান চুপাৰ জায়েণ্ট হৈছে এই প্ৰতিযোগিতাৰ 2023 বৰ্ষৰ ডিফেণ্ডিং চেম্পিয়ন ৷ বিগত বৰ্ষৰ ফাইনেলত কলকাতাৰ প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলক 1-0 গ'লত পৰাস্ত কৰে চেম্পিয়ন দলটোৱে ।

লগতে পঢ়ক: AIFFৰ সদস্য দীপক শৰ্মাক পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত নিলম্বন ফেডাৰেছনৰ - AIFF ACTION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.