ETV Bharat / sports

আশাই নাছিল জীয়াই থকাৰ: পিছে পেৰালিম্পিকত দুবাৰকৈ ব্ৰঞ্জ জিকি ৰচিলে ইতিহাস - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 2:56 PM IST

Preethi Pal: শাৰিৰীক প্ৰতিবন্ধকতা কেতিয়াও কাৰো বাবে হেঙাৰ হ’ব নোৱাৰে ৷ সেয়া বহুলোকে প্ৰমাণ কৰিছে ৷ ক্ৰীড়াক্ষেত্ৰতো এনে বহুকেইগৰাকী প্ৰতিভাধৰ খেলুৱৈ আছে, যিয়ে শাৰিৰীক প্ৰতিবন্ধকতা নেওচি নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে ৷ প্ৰীতি পাল হৈছে এনে এগৰাকী খেলুৱৈ, পঢ়ক খেলুৱৈগৰাকীৰ জীৱনৰ এই কাহিনী ৷

PARIS PARALYMPICS 2024
প্ৰীতি পাল (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ: গ্ৰীষ্মকালীন পেৰিছ পেৰালিম্পিকত ভাৰতৰ পেৰা খেলুৱৈসকলে প্ৰমাণ কৰিছে তেওঁলোকৰ প্ৰতিভা । দেওবাৰে নিশা ভাৰতে পেৰালিম্পিকত লাভ কৰে আন এটা পদক ৷

ভাৰতৰ দৌৰবিদ প্ৰীতি পালে মহিলাৰ 200 মিটাৰ টি 35 ইভেণ্টত ব্ৰঞ্জৰ পদক জিকি সৃষ্টি কৰে ইতিহাস । তেওঁ পেৰালিম্পিক আৰু অলিম্পিক দুয়োখন প্ৰতিযোগিতাতে ট্ৰেক এণ্ড ফিল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈত পৰিণত হয় ।

প্ৰীতিয়ে 30.01 ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে এই কৃতিত্ব অৰ্জন কৰে ৷ এই ইভেণ্টত চীনা যুটি জিয়া ঝৌ(28.15) আৰু গুও কিয়ানকিয়ানে(29.09 ছেকেণ্ড) ক্ৰমে সোণ আৰু ৰূপৰ পদক জয়ী কৰে ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় দৌৰবিদগৰাকীয়ে মহিলাৰ 100 মিটাৰ টি 35 ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । 23 বছৰীয়া ভাৰতৰ প্ৰতিশ্ৰুতিশীল খেলুৱৈগৰাকীয়ে 14.21 ছেকেণ্ড সময়ৰে ফাইনেলত লাভ কৰে তৃতীয় স্থান ৷ যিটো ব্যক্তিগত ইভেণ্টত খেলুৱৈগৰাকীৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৷ 100 মিটাৰ ইভেণ্টত একেটা চীনা যুটিয়ে সোণ আৰু ৰূপৰ পদক জিকিছিল । 200 মিটাৰ ইভেণ্টত যুটিটো প্ৰীতিৰ বাবে হৈ পৰিছিল এক প্ৰত্যাহ্বানস্বৰূপ ৷

উত্তৰ প্ৰদেশৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰীতিয়ে জন্মৰে পৰাই বহুতো শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল । জন্মৰ পিছত ছয়দিনৰ বাবে প্ৰীতিৰ শৰীৰৰ তলৰ অংশত প্লাষ্টাৰ কৰা হৈছিল । দুৰ্বল ভৰি আৰু ভৰিৰ আকৃতিৰ বিসংগতিৰ বাবে জন্মৰে পৰাই বহুতো ৰোগত ভুগিছিল খেলুৱৈগৰাকী ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, প্ৰীতিয়ে ভৰি দুখন শক্তিশালী কৰিবলৈ চিকিৎসাৰ নামত যথেষ্ঠ ধন ব্যয় কৰে ৷ কিন্তু পাঁচবছৰ বয়সত তেওঁ কেলিপাৰ পিন্ধিবলৈ আৰম্ভ কৰিবলগীয়া হৈছিল ৷ আঠবছৰলৈ অব্যাহত আছিল এই ধাৰা ৷ একাংশ লোকে খেলুৱৈগৰাকীৰ জীয়াই থকা-নথকাক লৈও উত্থাপন কৰিছিল প্ৰশ্ন ৷

17 বছৰ বয়সত সামাজিক মাধ্যমত পেৰালিম্পিক গেমছৰ ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পিছত পেৰা-স্প’ৰ্টছৰ প্ৰতি আগ্ৰহী হৈ পৰে প্ৰীতি । এথলেটিকছ অনুশীলন আৰম্ভ কৰাৰ কেইবছৰমানপিছত প্ৰীতিৰ জীৱনে মোৰ সলাইছিল ৷ খেলুৱৈগৰাকীৰ পৰামৰ্শদাতা পেৰালিম্পিয়ান ফাতিমা খাতুনক সাক্ষাৎ কৰাৰ পিছত প্ৰীতিয়ে তেওঁৰ পৰা লাভ কৰিছিল উন্নত প্ৰশিক্ষণ ৷

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিকত হাই জাম্পত নিশাদৰ ৰূপ: 7 টালৈ বৃদ্ধি ভাৰতৰ পদকৰ সংখ্যা - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.