ETV Bharat / sports

সোমবাৰৰ দিনটোত আৰু এটা পদক: যোগেশ কাথুনিয়াই ডিচকাছ থ্ৰ’ত জিকিলে ৰূপ - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 5:08 PM IST

Yogesh Kathuniya wins silver medal: যোগেশ কাথুনিয়াৰ সুন্দৰ প্ৰদৰ্শনৰে ডিচকাছ থ্ৰ’ত ভাৰতৰ ৰূপৰ পদক অৰ্জন ৷ সমান্তৰালকৈ পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদক লাভৰ সংখ্যা 8 টালৈ বৃদ্ধি ৷

PARIS PARALYMPICS 2024
ডিচকাছ থ্ৰ’ত ভাৰতৰ ৰূপ (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ: পেৰিছ পেৰালিম্পিক 2024 ত ভাৰতৰ তাৰকা ডিচকাচ থ্ৰ'য়াৰ যোগেশ কাথুনিয়াই উন্নত প্ৰদৰ্শন দাঙি ধৰিছে ৷ যোগেশে পুৰুষৰ ডিচকাছ থ্ৰ’ ৰ এফ 56 ইভেণ্টত অৰ্জন কৰিছে ৰূপৰ পদক ৷ পেৰালিম্পিকত এয়া দেশৰ অষ্টমটো পদক ৷ ভাৰতে এতিয়ালৈকে পেৰালিম্পিকত এটা স্বৰ্ণ, 3 টা ৰূপ আৰু 4 টা ব্ৰঞ্জৰ পদক জয় কৰিছে ।

যোগেশ কাথুনিয়াৰ ৰূপৰ পদক অৰ্জন

পেৰিছ পেৰালিম্পিক 2024 ত হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ বাসিন্দা 27 বছৰীয়া যোগেশ কাথুনিয়াই পুৰুষৰ ডিচকাছ থ্ৰ’ ৰ এফ 56 ইভেণ্টত 42.22 মিটাৰ প্ৰথম থ্ৰ’ কৰে ৷ খেলুৱৈগৰাকীয়ে তেওঁৰ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টাত ক্ৰমান্বয়ে 41.50 মিটাৰ, 41.55 মিটাৰ, 40.33 মিটাৰ আৰু 40.89 মিটাৰ থ্ৰ’ কৰে ৷ যোগেশে অন্তিম তথা ষষ্ঠ থ্ৰ’ ত স্পৰ্শ কৰে 39.68 মিটাৰ ৷ খেলুৱৈগৰাকীয়ে 42.22 মিটাৰৰ প্ৰথম থ্ৰ’ৰ বাবে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল ।

ব্ৰাজিলৰ দখলত স্বৰ্ণ আৰু গ্ৰীচৰ দখলত ব্ৰঞ্জ

ব্ৰাজিলৰ বাটিষ্টা ডছ চেণ্টোচ ক্লাউডনিয়ে এই প্ৰতিযোগিতাত জয় কৰে স্বৰ্ণ পদক ৷ ব্ৰাজিলৰ খেলুৱৈগৰাকীয়ে 46.83 ৰ থ্ৰ’ৰে জয় কৰে সোণৰ পদক ৷ এয়া তেওঁৰ পেৰালিম্পিকৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ আছিল । পূৰ্বে খেলুৱৈগৰাকীয়ে টকিঅ’ত 45.59 মিটাৰ থ্ৰ’ কৰিছিল ৷ গ্ৰীচৰ টজুনিছ কনষ্টাণ্টিনোছে 41.32 মিটাৰ থ্ৰ’ৰে জয় কৰে ব্ৰঞ্জৰ পদক ৷ ভাৰতে এই অষ্টম পদকৰ সৈতে পদক তালিকাৰ 30 তম স্থানত উপনীত হৈছে ।

পেৰিছত ভাৰতৰ পদক বিজয়ীৰ তালিকা

  • অৱনী লেখাৰা - সোণ
  • মোনা আগৰৱালা - ব্ৰঞ্জ
  • প্ৰীতি পাল - ব্ৰঞ্জ
  • মনীষ নাৰৱাল - ৰূপ
  • ৰুবানি ফ্ৰান্সিছ - ব্ৰঞ্জ
  • নিশাদ কুমাৰ - ৰূপ
  • প্ৰীতি পাল - ব্ৰঞ্জ
  • যোগেশ কাথুনিয়া - ৰূপ

লগতে পঢ়ক: আশাই নাছিল জীয়াই থকাৰ: পিছে পেৰালিম্পিকত দুবাৰকৈ ব্ৰঞ্জ জিকি ৰচিলে ইতিহাস - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.