ETV Bharat / sports

পেৰিছ পেৰালিম্পিক 2024: শ্বুটিঙত ভাৰতৰ হৈ মনীষ নৰৱালৰ ৰূপৰ পদক অৰ্জন - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 7:17 PM IST

Manish Narwal wins silver medal: ভাৰতৰ তাৰকা শ্বুটাৰ মনীষ নৰৱালে পেৰিছ পেৰালিম্পিকত অৰ্জন কৰিছে ৰূপৰ পদক ৷ দেশখনলৈ শুকুৰবাৰৰ দিনটোত এয়া চতুৰ্থটো পদক ৷ ভাৰতৰ মনীষে পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল (এছ এইচ1) প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক দখল কৰে ।

PARIS PARALYMPICS 2024
শ্বুটাৰ মনীষ নৰৱাল (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: পেৰিছ পেৰালিম্পিক 2024 ৰ তৃতীয় দিনা সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় খেলুৱৈসকলে । ভাৰতীয় শ্বুটাৰ মনীষ নৰৱালে আশ্চৰ্যজনক প্ৰদৰ্শন দাঙি ধৰি দেশলৈ কঢ়িয়াই আনিছে দিনটোৰ চতুৰ্থটো পদক ৷ নৰৱালে পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল(এছ এইচ1) ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয় কৰে ৰূপৰ পদক ৷

উল্লেখ্য যে, 28 আগষ্টৰ পৰা আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক 2024 ৷

ৰূপৰ পদক অৰ্জন মনীষৰ

মনীষে শুকুৰবাৰে পেৰিছ পেৰালিম্পিক 2024 ত পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল (এছ এইচ1) ইভেণ্টত 234.9 পইণ্ট অৰ্জন কৰি জয় কৰে ৰূপৰ পদক ৷ এই শাখাত কোৰিয়াৰ জো জংডুৱে 237.4 পইণ্টৰে জয় কৰে স্বৰ্ণ ৷ লগতে চীনৰ ইয়ং চাওৱে 214.3 পইণ্টৰ সৈতে ব্ৰঞ্জৰ পদক দখল কৰে ।

শ্বুটিঙত ভাৰতৰ তৃতীয়টো পদক লাভ

ৰূপৰ পদকৰ সৈতে মনীষ পেৰালিম্পিক 2024 ত ভাৰতৰ হৈ পদক জয় কৰা তৃতীয়গৰাকী শ্বুটাৰত পৰিণত হৈছে ৷ ইয়াৰ পূৰ্বে দিনটোৰ মাজভাগত অৱনী লেখাৰা আৰু মোনা আগৰৱালে ভাৰতৰ হৈ শ্বুটিঙত ক্ৰমে স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল । এতিয়া মনীষ হৈছে তৃতীয়গৰাকী শ্বুটাৰ, যিয়ে এই টুৰ্ণামেণ্টৰ তৃতীয় দিনা ভাৰতক পদক প্ৰদান কৰিছে ।

টকিঅ’ত মনীষে জয় কৰিছিল স্বৰ্ণ

টকিঅ’ পেৰালিম্পিক গেমছ 2020 ত স্বৰ্ণ জয় কৰিছিল মনীষে ৷ কিন্তু এইবাৰ খেলুৱৈগৰাকীয়ে স্বৰ্ণ জয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে ৷ তাৰ সলনি ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছে খেলুৱৈগৰাকী ৷ খেলুৱৈগৰাকীয়ে ভৱিষ্যতে এই ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: অৱনী লেখাৰাৰ স্বৰ্ণ, মোনা আগৰৱালৰ ব্ৰঞ্জৰে পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈৰ আধিপত্য - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.